কিয় মহাকাশলৈ খোৱাপানী প্ৰেৰণ কৰা নহয়? মহাকাশচাৰীয়ে কিয় প্ৰস্ৰাৱ ফিল্টাৰ কৰি পান কৰে
মহাকাশচাৰীয়ে মহাকাশত থকাৰ সময়ত নিজৰে প্ৰস্ৰাৱ ফিল্টাৰ কৰি পান কৰে। পাছে এইটো কিমান সত্য আৰু মহাকাশচাৰীসকলে কিয় মহাকাশলৈ পানী লৈ নাযায়, আৰু প্ৰস্ৰাৱ ফিল্টাৰ কৰি পান কৰে। ইয়াৰ আঁৰৰ নিহিত হৈ আছে বিজ্ঞান।
মহাকাশৰ জগতখন ৰহস্যৰে ভৰি আছে; বিজ্ঞানীসকলৰ গৱেষণাৰ ফলস্বৰূপে আজি মানুহ চন্দ্ৰত উপনীত হৈছে। কিন্তু এজন মহাকাশচাৰীক মহাকাশলৈ পঠিয়ালে তেওঁ বহু সাৱধানতা অৱলম্বন কৰিব লগা হয়। যেনে খাদ্য সামগ্ৰী, মহাকাশযানত থকা লাগেজৰ ওজন, আনকি বহু সময় আবদ্ধ হৈ থাকিলে পানীৰ ব্যৱস্থা আদিৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰিব লগা হয়।
বহু সময়ত মহাকাশ অভিযানৰ সময়ত এনেকুৱা হয় যে মহাকাশচাৰীসকলে চুটি অভিযানৰ বাবে যায়, কিন্তু কিবা কাৰণত তাত আবদ্ধ হৈ পৰে। উদাহৰণস্বৰূপে, যোৱা বছৰৰ জুন মাহত আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলমৰে ৮ দিনীয়া অভিযানত গৈছিল যদিও কাৰিকৰী ত্ৰুটিৰ বাবে এতিয়া ২০০ দিনতকৈও অধিক সময় তেওঁলোক তাত আবদ্ধ হৈ আছে।
এতিয়া হয়তো সকোলৰে মনলৈ এই কথা আহি আছে যে ইমান দিন আবদ্ধ হৈ থকাৰ পিছত তেওঁলোকে মহাকাশত খাদ্য পানী কেনেকৈ পাই আছে
এতিয়া প্ৰশ্ন হয় মহাকাশচাৰীয়ে মহাকাশত কেনেকৈ শৌচাগাৰ ব্যৱহাৰ কৰে। মহাকাশযানত উপস্থিত থকা শৌচাগাৰবোৰ বহুত বেলেগ। শূন্য মাধ্যাকৰ্ষণ শক্তিৰ বাবে মহাকাশত থকা মহাকাশচাৰীসকলৰ কথা মনত ৰাখি তেওঁলোকৰ বাবে সম্পূৰ্ণ হেণ্ডহোল্ড আৰু ফুটহোল্ড শৌচাগাৰ নিৰ্মাণ কৰা হয়। কেৱল এয়াই নহয়, ইয়াত এটা বিশেষ ভেকুৱাম স্থাপন কৰা হয়, যিয়ে শৌচাগাৰৰ আৱৰ্জনাবোৰ টানি টেংক এটালৈ লৈ যায়।
তেনেদৰে মহাকাশযানত প্ৰস্ৰাৱৰ বাবেও বিশেষ ধৰণৰ ভেকুৱাম পাইপ স্থাপন কৰা হয়। ইয়াৰ বাহিৰেও মহাকাশত প্ৰস্ৰাৱ আৰু মল পৃথক পৃথক টেংকিত ৰখা হয়। ইয়াৰ আঁৰৰ কাৰণ হ’ল প্ৰস্ৰাৱ থকা পৃথক টেংকিটো পুনঃব্যৱহাৰ কৰি তাৰ পিছত সেৱন কৰা হয়।
মহাকাশত প্ৰস্ৰাৱ পুনৰ ব্যৱহাৰ কৰাটো প্ৰয়োজনীয়। কাৰণ তালৈ পানী কঢ়িয়াই নিবলৈ হলে বহুত খৰচ হব। তথ্য অনুসৰি পৃথিৱীৰ পৰা মহাকাশ কেন্দ্ৰলৈ মাথো এক গেলন পানী পৰিবহণ কৰিবলৈ ৮৩ হাজাৰ ডলাৰ খৰচ হ’ব।
একে সময়তে এজন মহাকাশচাৰীক পানী খোৱা আৰু অন্যান্য কামৰ বাবে দৈনিক ১২ গেলন পানীৰ প্ৰয়োজন হয়। ইয়াৰ ফলত মিছনৰ খৰচ যথেষ্ট বৃদ্ধি পাব, আৰু একেলগে অত্যধিক পানী পঠিয়াবও নোৱাৰি। কাৰণ ইয়াৰ ফলত বিমানখনৰ ওজন বৃদ্ধি পাব। এই কাৰণেই বিজ্ঞানীসকলে ফিল্টাৰ ব্যৱস্থা স্থাপন কৰিছে যাৰ জৰিয়তে প্ৰস্ৰাৱ ফিল্টাৰ কৰি খোৱাপানীলৈ উৎপন্ন কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ