অসম লাইভ ২৪ঃ কোভিড পৰিস্থিতিৰ বাবে স্থগিত মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষা। ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে জনায় এই কথা। ১১ মে’ৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল পৰীক্ষা। ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰে ছেৱাই। স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰি পৰীক্ষাৰ পৰৱৰ্তী দিন ঘোষণা কৰিব ছেবাই। বৰ্ধিত কোভিড সংক্ৰমণৰ বাবে পৰীক্ষা বাতিল অথবা স্থগিত ৰাখিবলৈ চৰকাৰক আহ্বান জনাইছিল শিক্ষাৰ্থীসকলে। উল্লেখ্য, পূৰ্বে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত ৰাখে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ