অসম লাইভ ২৪ : মেট্ৰিক পৰীক্ষা দিবলৈ আহি এগৰাকী ছাত্ৰীয়ে পাতিলে বিয়া। ঘটনা বিহাৰৰ। ঘটনা অনুসৰি মনিহাৰী থানাৰ অন্তর্গত পন্নালাল সুৰেন্দ্ৰ নাৰায়ণ কন্যা বিদ্যালয়ত মেট্ৰিক পৰীক্ষা চলি আছিল। ছাত্ৰীগৰাকীয়ে ইয়ালৈ পৰীক্ষা দিবলৈ আহে। ইপিনে সেই থানাৰ অন্তর্গত নিতীশ নামৰ এজন যুৱকৰ সৈতে বিগত ৫ বছৰে চলি আছিল যুৱতীগৰাকীৰ। নিতীশে প্ৰেমিকাক লগ কৰিবলৈ স্কুললৈ আহে। কিন্তু গাঁওবাসীয়ে অবৈধ সম্পর্কৰ সন্দেহত দুয়োকে ধৰি আৰক্ষীক গতাই দিয়ে। আৰক্ষীৰ অনুসন্ধানত তেওঁলোক প্ৰেমিক-প্ৰেমিকা বুলি পোহৰলৈ আহিল। থানাত উপস্থিত হ’ল প্ৰেমিক-প্ৰেমিকাৰ পৰিয়াল। দুয়োৰে প্ৰেম কাহিনী শুনি আৰক্ষীৰ সহযোগত প্ৰেমিক-প্ৰেমিকাৰ বিয়া পাতিবলৈ সন্মত হয় দুই পৰিয়াল। তাৰ পিছত থানাৰ কাষতে থকা শিৱ-পার্বতী মন্দিৰত দুয়োৰে বিয়া সম্পন্ন কৰে। ৫ বছৰে লুকা-চুৰিকৈ প্ৰেম কৰা দুই প্ৰেমিক-প্ৰেমিকা এতিয়া অত্যন্ত সুখী। প্ৰেমিক নিতীশে কয় যে কেনেকৈ কি হৈ গ’ল একো ধৰিবই নোৱাৰিলো। ইপিনে প্ৰেমিকাই কয় যে পৰীক্ষা দিব নোৱৰাৰ বাবে দুখ লাগিছে, কিন্তু যেনেকৈ প্ৰেম পৰীক্ষাত পাছত কৰিলো অহা বর্ষত মেট্ৰিকো ভালদৰে পাছ কৰিম।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ