অসম লাইভ ২৪ঃ তিৰুপতি বালাজী মন্দিৰলৈ ভক্তৰ সোণৰ তৰোৱাল দান। ৬.৫ কিলোগ্ৰাম ওজনৰ সোণৰ তৰোৱাল আগবঢ়ায় হায়দৰাবাদৰ শ্ৰীনিবাস প্ৰসাদে। সোমবাৰে তিৰুমালা তিৰুপতি দেৱস্থানম (TTD) কর্তৃপক্ষৰ হাতত সোণৰ তৰোৱালখন অৰ্পন কৰে শ্ৰীনিৱাস দম্পত্তীয়ে৷ দেওবাৰে শ্ৰীনিৱাস দম্পত্তীয়ে তিৰুমালাৰ ‘কালেক্টিভ গেষ্ট হাউচ’ত সংবাদ মাধ্যমৰ সন্মুখত তৰোৱালখন প্ৰদর্শন কৰে৷ বিগত এবছৰ ধৰি শ্ৰীনিৱাস দম্পত্তীয়ে তৰোৱালখন আগবঢ়াব বিচাৰি আছিল যদিও ক’ৰোনাৰ বাবে মন্দিৰ বন্ধ থকাত সেয়া সম্ভৱ হোৱা নাছিল৷ জানিব পৰা মতে সোণৰ তৰোৱাল ‘সূর্য কটাৰী’খন শ্ৰীনিৱাস দম্পত্তীয়ে তামিলনাডুৰ কইম্বাতুৰত বিশেষভাৱে প্ৰস্তুত কৰাইছে৷ তৰোৱালখন প্ৰস্তুত কৰোতে ৬ মাহ সময়ৰ প্ৰয়োজন হৈছিল৷ প্ৰস্তুত কৰাৰ সময়ত তৰোৱালখনৰ মূল্য আছিল ১.৮ কোটি টকা, কিন্তু বর্তমান সময়ত ইয়াৰ মূল্য হ’বগৈ প্ৰায় ৪ কোটি টকা৷ ইয়াৰ পূর্বেও তামিলনাডুৰ এগৰাকী ব্যৱসায়ী থংগা দোৰায়ে ২০১৮ চনত তিৰুমলাস্থিত ভগৱান ভেংকটেশ্বৰক ১.৭৫ কোটি টকা মূল্যৰ এখন সোণৰ তৰোৱাল দান হিচাপে আগবঢ়াইছিল৷ সেই সোণৰ তৰোৱাল ‘সূর্য কটাৰী’ প্ৰস্তুত কৰোতেওঁ প্ৰায় ৬ কিলোগ্ৰাম সোণৰ প্ৰয়োজন হৈছিল৷ উল্লেখ্য যে অন্ধ্ৰপ্ৰদেশৰ চিত্তুৰ জিলাত তিৰুমালা পাহাৰত নির্মাণ কৰা শ্ৰী ভেংকটেশ্বৰ মন্দিৰ এক প্ৰসিদ্ধ হিন্দু তীর্থস্থান৷ বহু শতিকা পূর্বে নির্মাণ কৰা এই মন্দিৰটো ভাৰতীয় বাস্তুকলা আৰু শিল্পকলাৰ এক উৎকৃষ্ট নিদৰ্শন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















