শৰীৰৰ আন অংগৰ তুলনাত মগজু প্ৰায় সম্পূৰ্ণৰূপে গ্লুক’জৰ ওপৰত নিৰ্ভৰশীল। কিন্তু সমস্যা হৈছে, মগজুৱে নিজেই গ্লুক’জ উৎপাদন বা সংৰক্ষণ কৰিব নোৱাৰে। গতিকে যেতিয়া তেজত চেনিৰ মাত্ৰা হঠাতে কমি যায় তেতিয়া মগজুৱে কাম কৰা বন্ধ কৰি দিয়ে। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক ‘হাইপ’গ্লাইচেমিয়া’ বুলি কোৱা হয়। চিকিৎসকে কয় যে এনে পৰিস্থিতিত ব্ৰেইনে কাম কৰা বন্ধ কৰিব পাৰে আৰু স্নায়ুৰ ক্ষতিও অস্বাভাৱিক নহয়।
স্নায়ু বিশেষজ্ঞসকলে কয় যে যেতিয়া গ্লুক’জৰ যোগান বন্ধ হৈ যায় তেতিয়া মগজুৰ বৈদ্যুতিক সংকেত বিশৃংখল হৈ পৰে। ফলত ৰোগীৰ চেতনা হেৰুৱাব পাৰে। বিশেষকৈ নৱজাতক, ডায়েবেটিছ ৰোগী, আৰু যকৃত বা বৃক্কৰ সমস্যা থকা লোকৰ ক্ষেত্ৰত এই আশংকা বেছি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















