এনালছ অৱ ইণ্টাৰনেল মেডিচিন নামৰ আলোচনীখনত প্ৰকাশিত এক নতুন গৱেষণাৰ মতে, মিঠা বা মিঠা নকৰা কফিয়ে মানুহৰ মৃত্যুৰ বয়স তাৰতম্য ঘটাব পাৰে৷ অৰ্থাৎ কিছুমান কফিয়ে যেনেকৈ মৃত্যু আগতীয়া কৰিব পাৰে ঠিক তেনেকৈ কিছু কফিয়ে আপোনাৰ মৃত্যুক কিছু বছৰলৈ ৰদ কৰিবও পাৰে৷
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এদল গৱেষকসকলে যুক্তৰাজ্যৰ ১৭১,৬১৬ গৰাকী লোকৰ মাজত এবছৰৰ ভিতৰত তেওঁলোকৰ জীৱনশৈলীৰ বিষয়ে পাঁচবাৰলৈকে সমীক্ষা কৰিছিল, য’ত তেওঁলোকৰ কফি খোৱাৰ অভ্যাসো আছিল। ইয়াৰ পিছতে বিজ্ঞানীসকলে জীৱনশৈলী সমীক্ষা কৰা লোকসকলৰ মৃত্যুৰ প্ৰমাণ পত্ৰ বিচাৰি তেওঁলোকৰ গড়ে সাত বছৰৰ পিছত কাৰ কাৰ মৃত্যু হ’ল তাৰ এক সমীক্ষা কৰে৷ তেতিয়াই এই তথ্য লাভ কৰা বুলি গৱেষক দলটোৱে দাবী কৰিছে৷
অধ্যয়নটোৰ সমীক্ষাত অংশগ্ৰহণকাৰীসকলৰ বয়স ৩৭ৰ পৰা ৭৩ বছৰ আছিল আৰু সমীক্ষাৰ সময়ত তেওঁলোকৰ কোনো হৃদযন্ত্ৰৰ ৰোগ বা কৰ্কট ৰোগ হোৱা নাছিল বুলি জনাইছিল।ফলাফলত দেখা গ’ল যে যিসকল লোকে মধ্যমীয়া পৰিমাণৰ (১.৫ৰ পৰা ৩.৪ কাপ) কফি খাইছিল, তেওঁলোকৰ মিঠা কফি খোৱা আৰু কফি নোখোৱা লোকৰ তুলনাত মৃত্যুৰ হাৰ প্ৰায় ৩০% কম আছিল৷
লগতে পঢ়ক এইবাৰ পাদ নহয়, স্তনৰ ঘাম বিক্ৰী কৰি দিনে ৪ লাখকৈ উপাৰ্জন সুন্দৰী যুৱতীৰ!
ইফালে অধ্যয়নটো জড়িত নোহোৱা হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ চিকিৎসা বিজ্ঞানৰ অধ্যাপক তথা এনালছ অৱ ইণ্টাৰনেল মেডিচিনৰ উপ-সম্পাদক ডাঃ ক্ৰীষ্টিনা ৱিৰ মতেও মিঠা নকৰা কফি খোৱা লোকসকলৰ মৃত্যুৰ সম্ভাৱনা কফি নোখোৱা লোকৰ তুলনাত ১৬%ৰ পৰা ২৯%ৰ কম।
অৱশ্যে এই ক্ষেত্ৰত সামাজিক জনগাঁথনি, জীৱনশৈলী আৰু ক্লিনিকেল কাৰকৰ লগতে ধূমপানৰ মাত্ৰা, শাৰীৰিক কাৰ্যকলাপৰ পৰিমাণ, শিক্ষাৰ স্তৰ আৰু খাদ্যাভ্যাসৰ আদি দিশবোৰো জড়িত হৈ থাকে বুলিও কোৱা হৈছে।
ইফালে পূৰ্বৰ গৱেষণাৰ পৰা দেখা গৈছে যে কফি সেৱনে হৃদযন্ত্ৰক সুৰক্ষা দিব পাৰে আৰু অন্যান্য ৰোগৰ চিকিৎসাত সহায়ো কৰিব পাৰে৷ ইয়াৰ উপৰিও ই যকৃতৰ সমস্যাও হ্ৰাস কৰিব পাৰে।
লগতে পঢ়ক চকুৰ এলাৰ্জি কি? ইয়াৰ লক্ষণ কি আৰু কেনেকৈ উপশম লাভ কৰিব?
যুক্তৰাজ্যৰ ৰিডিং বিশ্ববিদ্যালয়ৰ পুষ্টি আৰু খাদ্য বিজ্ঞানৰ অধ্যাপক গুণ্টাৰ কুহনলেই কয় যে কফি কেনেকৈ উৎপাদন কৰা হয় তাৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে। অৱশ্যে তেওঁ এই অধ্যয়নৰ সৈতে জড়িত নাছিল।
কিছুমান কফিত ফেনলিক যৌগ থাকে, যিবোৰ উপকাৰী বুলি বিশ্বাস কৰা হয়। সেই ৰাসায়নিক যৌগবোৰে কফিৰ সোৱাদ আৰু সুগন্ধিত প্ৰভাৱ পেলায় আৰু ই শৰীৰ বাবে মূল্যৱান কাৰণ ইহঁতে এন্টিঅক্সিডেন্ট হিচাপে কাম কৰিব পাৰে আৰু ইয়াৰ প্ৰদাহ প্ৰতিৰোধী আৰু বয়স বৃদ্ধি প্ৰতিৰোধী গুণ আছে।
আটাইতকৈ সাধাৰণ কফিৰ দুটা প্ৰজাতি হ’ল আৰাবিকা আৰু ৰ’বাষ্টা৷ আৰু গৱেষণাৰ পৰা দেখা গৈছে যে ৰ’বাষ্টা কফিত আৰবিকা কফিতকৈ অধিক ফেন’লিক থাকে।
লগতে পঢ়ক সাগৰৰ তলত বিশ্বৰ সৰ্ববৃহৎ উদ্ভিদ আৱিষ্কাৰ, কোন দেশে আৱিষ্কাৰ কৰিছে এই উদ্ভিদ?
গৰম নকৰা সেউজীয়া কফিৰ বীনত অধিক পৰিমাণে ফেনলিক যৌগ থাকে যদিও ব্ৰু কৰা সময়ত ইয়াৰ দুৰ্বল সুগন্ধিৰ বাবে মানুহে ইয়াক গৰম কৰে। ৰোষ্টিং লেভেলৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান ফেনলিক যৌগ ভাঙি যাব পাৰে।
২০১৬ চনৰ এক অধ্যয়নত প্ৰকাশ পাইছে যে উতলা কফি আৰু ফ্ৰেন্স প্ৰেছ কফিত কিছুমান সৰ্বাধিক পৰিমাণৰ ডাইটাৰপিন থাকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ