ফিক্সড ডিপোজিট মানেই আপুনি নিশ্চিত৷ এককালীনভাৱে ধন বিনিয়োগ কৰিলেই দায়িত্ব শেষ৷ আৰু কোনো কথাই আপুনি ভাৱিব নালাগে৷ বাকী সময়ত চকু বন্ধ কৰি কটাব পাৰে বিনিয়োগকাৰীয়ে৷ লোকচানৰো কোনো ভয় নাই৷ ম্যাদৰ শেষত নিশ্চিত ৰিটাৰ্ণ হাতলৈ আহিবই৷
বজাৰৰ সংযুক্ত বিনিয়োগ যেনে ষ্টক মাৰ্কেট, মিউচুৱেল ফাণ্ড ইত্যাদিত লাভৰ ওপৰিও লোকচানৰো ভয় থাকে৷ বজাৰ উঠিলে লাভ বাঢ়ে৷ কিন্তু বজাৰ নামিলেই লোকচান৷ ফিক্সড ডিপোজিটত তেনে নহয়৷ ইয়াৰ সৈতে বজাৰৰ কোনো সংযোগ নাই৷ বিনিয়োগৰ সময়তেই সুদৰ হাৰ নিৰ্দিষ্ট হৈ যায়৷ ফলত বজাৰ উঠক বা পৰক তাৰ কোনো প্ৰভাৱ বিনিয়োগত নপৰে৷ অৰ্থাৎ বিনিয়োগৰাকীয়ে নিশ্চিতভাৱে জানে যে নিৰ্দিষ্ট সময়ৰ শেষত তেওঁ কিমান ধন পাব৷
চৰকাৰী বেংকত ফিক্সড ডিপোজিট কৰিব পাৰে যিকোনো ব্যক্তিয়ে৷ ৰিটাৰ্ণো ভাল পোৱা যায়৷ বিশেষকৈ যিসকলে বজাৰৰ উঠানমা এৰি নিশ্চিত ৰিটাৰ্ণ বিচাৰে তেওঁলোকৰ বাবেই এয়াই উৎকৃষ্ট৷ বৰ্তমান বেং অফ বৰোদাৰ ১২ মাহৰ ফিক্সড ডিপোজিট স্কিমত ভাল ৰিটাৰ্ন দিয়া হৈছে৷ যাৰ বাবে বিনিয়োগো কৰিছে বহুতেই৷
বেংক অফ বৰোদাত ১২ মাহৰ বাবে ফিক্সড ডিপোজিট স্কিমত সাধাৰণ গ্ৰাহকক ৬.৮৫ শতাংশ হাৰত সুদ দিয়া হৈছে৷ প্ৰবীণ নাগৰিকৰ ক্ষেত্ৰত সুদৰ হাৰ কিছু বেছি৷ তেওঁলোকে সুদ পাইছে ৭.৩৫শতাংশ হাৰত৷ ফলত তেওঁলোকৰ ৰিটাৰ্ণো সাধাৰণ গ্ৰাহকৰ তুলনাত কিছু বেছি৷
কোনো ব্যক্তিয়ে যদি বেংক অফ বৰোদাত ১২ মাহৰ ফিক্সড ডিপোজিট স্কিমত ২ লাখ টকা বিনিয়োগ কৰে তেন্তে ম্যাদৰ শেষত তেওঁ কিমান টকা ৰিটাৰ্ন পাব পাৰে? ফিক্সড ডিপজিট কেলকুলেটৰৰ জৰিয়তে সহজেই সেই হিচাপ কৰা হয়৷ ফিক্সড ডিপজিট কেলকুলেটৰ অনুসৰি ১২ মাহৰ ম্যাদত ৬.৮৫শতাংশ সুদৰ হাৰত এবছৰৰ মূলধনী লাভ হ’ব ১৩,৯৫০ টকা৷ অৰ্থাৎ সুদ আৰু প্ৰকৃত মিলি তেওঁ লাভ কৰিব ২,১৩,৯৫০ টকা৷ একেই ম্যাদত ৭.৩৫শতাংশ হাৰত সুদ পাব প্ৰবীণ নাগৰিকে৷ তেওঁলোকৰ ৰিটাৰ্ন তুলনামূলকভাৱে বেছি হ’ব৷ হিচাপ অনুসৰি ১২ মাহৰ ম্যাদত তেওঁলোকে সুদ পাব ১৫,০০৪ টকা৷ ফলত সুদ আৰু প্ৰকৃত মিলি ব্যক্তিজনে পাব ২,১৫,০০৪ টকা। যিসকলে নিৰাপদ বিনিয়োগত স্থিৰ আয় কৰে, তেওঁলোকৰ বাবে এই ফিক্সড ডিপোজিট স্কিম আদৰ্শ৷ বিনিয়োগৰ পূৰ্বে সুদৰ হাৰ আৰু অন্যান্য চৰ্ত সম্পৰ্কে ভালধৰণে জানি লোৱা উচিত৷ যাতে পৰবৰ্তীকালত কোনো অসুবিধা নহয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ