বৰ্তমান বজাৰৰ ওঠানমাৰ মাজত যিসকলে কোনো ৰিস্ক নোলোৱাকৈ ধন সঞ্চয় কৰিব খোজে তেওঁলোকৰ বাবে ফিক্সড ডিপোজিট এটা আদৰ্শ অপশ্ব্যন৷ দেশৰ দ্বিতীয় বৃহত্তম ৰাষ্ট্ৰায়ত্ত বেংক পঞ্জাৱ নেশ্যনেল বেংকে দীৰ্ঘদিন ধৰি গ্ৰাহকক নিৰ্ভৰযোগ্য ফিক্সড ডিপোজিট পৰিসেৱা দি আহিছে৷
PNBত ৩৯০ দিনৰ এটা এফ ডি স্কিম আৰম্ভ হৈছে৷ য’ত সাধাৰণ আৰু প্ৰবীণ নাগৰিকৰ বাবে বিন্ন সুদৰ হাৰ প্ৰযোজ্য৷ আপুনি যদি ৩,০০,০০০ টকা এই ম্যাদত জমা কৰে তেন্তে মেচিওৰিটিত কিমান টকা পাব সেয়া জানি লোৱা জৰুৰী৷ ফিক্সড ডিপোজিটত বৰ্তমান আকৰ্ষণীয় সুদৰ হাৰ দিছে পি এন বিয়ে৷ সম্প্ৰতি আৰ বি আইয়ে ৰেপো ৰেট কমোৱাৰ পাছত একাধিক বেংকে সুদৰ হাৰ কমাইয়ো দিছে৷
PNBয়ে তেওঁলোকৰ গ্ৰাহকক এফ ডিত ৩.২৫ৰ পৰা ৭.৫০ শতাংশ পৰ্যন্ত সুদ দিছে৷ ৩৯০ দিনৰ এফ ডিত সাধাৰণ নাগৰিকৰ বাবে সুদৰ হাৰ ৬.৭ শতাংশ ৰখা হৈছে৷ অন্যহাতে প্ৰবীণ নাগৰিকৰ ক্ষেত্ৰত সুদৰ হাৰ ৰখা হৈছে ৭.২০শতাংশ৷ আপুনি যদি পঞ্জাৱ নেশ্ব্যনেল বেংকৰ ৩৯০ দিনৰ এফ ডিত ৩ লাখ টকা জমা কৰে তেন্তে আপুনি ৰিটাৰ্ণ হিচাপে লাভ কৰিব ৩,২২,০৭৩ টকা৷ প্ৰবীণ নাগৰিকে পাব ৩,২৩,৭৬৮ টকা ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ