মাজত মাত্ৰ দুটা মাহ৷ আৰম্ভ হ’ব ২০২৫ বৰ্ষ৷ জ্যোতিষ গণনা অনুসৰি আগন্তুক বৰ্ষত কেইটামান ৰাশিৰ জাতকৰ প্ৰচুৰ আৰ্থিক লাভ হ’ব৷ আগন্তুক বৰ্ষত ধন টকা পইছাৰ দিশত ভাগ্য খুলিব এইকেইটা ৰাশিৰ জাতকৰ৷ নতুন বছৰত অতিৰিক্ত অৰ্থ লাভ কৰাৰ ওপৰিও এটাৰ পাছত আনটো সুযোগ আহিব সন্মুখলৈ৷ জানি থওক ২০২৫ চনত আৰ্থিক উন্নতিৰ চূড়াত থাকিব কোন কোন ৰাশিৰ জাতক?
মেষ ৰাশি
২০২৫ত মেষ ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব৷ আগন্তুক বছৰৰ প্ৰথম ভাগত অৰ্থনৈতিকভাৱে এওঁলোকে বৃহৎ সাফল্য লাভ কৰিব৷ ১৫মে ২০২৫ পৰ্যন্ত মেষ ৰাশিৰ দ্বিতীয় ঘৰত থাকিব বৃহস্পতি৷ ইয়াৰ পাছত মেষ ৰাশিৰ তৃতীয় ঘৰত গোচৰ কৰিব গুৰু গ্ৰহে৷ ইয়াৰ ফলত বৃহৎ উন্নতি হ’ব আপোনাৰ৷ মেষৰ জাতকৰ জীৱনৰ সকলো আৰ্থিক সংকট দূৰ হ’ব৷
বৃষ ৰাশি
জ্যোতিষ গণনাত দেখা গৈছে যে ২০২৫ চনৰ মেৰ পৰা জুলাই মাহৰ ভিতৰত জীৱনৰ সকলোতকৈ বেছি আৰ্থিক লাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ এই সময়ত বৃষ ৰাশিৰ একাদশ ঘৰত থাকিব শনি৷ ইয়াৰ ফলত আপোনাৰ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ ২০২৫ৰ মে মাহৰ পাছত বৃহস্পতিৰ প্ৰভাৱত অৰ্থলাভ হ’ব বৃষৰ জাতকৰ৷ বিনিয়োগৰ বাবে এই সময় শুভ৷
কৰ্কট ৰাশি
২০২৫ৰ এপ্ৰিল পৰ্যন্ত অৰ্থনৈতিকভাৱে শুভ সময় কটাব কৰ্কট ৰাশিৰ জাতকে৷ এই সময়ৰ মাজত আপুনি প্ৰচুৰ ধন উপাৰ্জন কৰিব পাৰিব৷ এই সময়ত উত্তৰাধিকাৰ সূত্ৰেও সম্পত্তি লাভ কৰিব পাৰিব৷ কোনো সুখবৰ পাব পাৰে৷ ২০২৫ৰ মে মাহত কৰ্কট ৰাশিৰ দ্বিতীয় ঘৰত কেতু আৰু অষ্টম ঘৰত ৰাহুৰ উপস্থিতিৰ কাৰণে পৰিস্থিতি কিছু বেয়া হ’ব৷ এই সময়ত আপুনি সাৱধানে থকা দৰকাৰ৷
বৃশ্চিক ৰাশি
মে ২০২৫ৰ পৰা আৰ্থিক পৰিস্থিতিত উন্নতিৰ জোৱাৰ আহিব বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ৰ ভিতৰত আপুনি মোটা টকা উপাৰ্জন কৰিব পাৰিব৷ নিজৰ সকলো কাম আপুনি সাফল্যৰ সৈতে সম্পূৰ্ণ কৰিব৷ সন্মুখৰ বছৰ মে মাহত বৃশ্চিক ৰাশিৰ নৱম ঘৰত আহিব বৃহস্পতি৷ এই সময়ত আপুনি অৰ্থলাভ কৰিব৷ নিজৰ বেংক বেলেন্স বঢ়াব পাৰিব বৃশ্চিক ৰাশিৰ জাতকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ