শাস্ত্ৰমতে কেতু হৈছে এক ছায়াগ্ৰহ৷ ইয়াৰ কোনো শাৰীৰিক অৱস্থান নাথাকিলেও জ্যোতিষত ইয়াৰ গুৰুত্ব অপৰিসীম৷ কেতুক অশুভ গ্ৰহ হিচাপে বিবেচনা কৰা হলেও ইয়াৰ প্ৰভাৱ সদায় বেয়াই হ’ব তেনে কোনো কথা নাই৷ কেতু জন্মছকত কোন ঘৰত অৱস্থান কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি শুভ আৰু অশুভ ফল দান কৰে৷ অপাৰ্থিক বস্তু, আধ্যাত্মিকতা আৰু বিলাসিতাৰ প্ৰতীক হৈছে কেতু৷ কেতুৰ অশুভ প্ৰভাৱত যেনেকৈ জীৱন তছনছ হৈ যায় তেনেকৈ কেতুৰ শুভ প্ৰভাৱত মানুহৰ ভাগ্য সলনি হ’বলৈ বেছি সময় নালাগে৷ ১২ ৰাশিৰ মাজত ৫ এনে ৰাশি আছে যাৰ ওপৰত কেতুৰ কৃপা সৰ্বদা বৰ্তি থাকে৷
মেষ ৰাশি
মেষ ৰাশিৰ জাতক জাতিকা স্বভাৱত গুণী হয়৷ কেতুৰ প্ৰভাৱত তেওঁলোকৰ এই গুণৰ মাত্ৰা আৰু বৃদ্ধি পায়৷ এই ৰাশিৰ ব্যক্তিসকলৰ আধ্যাত্মিক চিন্তাধাৰাতো উন্নতি ঘটে৷ কেতুৰ প্ৰভাৱৰ ফলত সমাজত এওঁলোকৰ সন্মান বৃদ্ধি পায়৷
কৰ্কট ৰাশি
কেতুৰ কৃপাত কৰ্কট ৰাশিৰ ব্যক্তিয়ে কৰ্মক্ষেত্ৰত কেতিয়াও কৰ্মক্ষেত্ৰত বিশেষ সমস্যাৰ সন্মুখীন হব৷ সৰু সৰু কোনো ঝামেলাত সোমাই পৰিলেও এই ব্যক্তিয়ে সহজেই বাহিৰলৈ ওলাব পাৰে৷ সম্পত্তিৰ ভাগীদাৰ হোৱাৰ সম্ভাৱনাই দেখা দিয়ে৷ অৰ্থকষ্ট কেতিয়াও তেওঁলোকৰ কাষলৈ আহিব নোৱাৰে৷ ঘৰ, বাহন, সম্পত্তি প্ৰভৃতি সকলো বিলাসিতাৰ সুখ এওঁলোকে বেছি কষ্ট নকৰাকৈ লাভ কৰে৷
কন্যা ৰাশি
সফলতা কন্যা ৰাশিৰ জাতক জাতিকাৰ ওপৰত সদায়ে কেতুৰ আশীৰ্বাদ থাকে৷ যিকোনো ক্ষেত্ৰত এই ৰাশি বিশেষ বাধাৰ সন্মুখীন নহয়৷ জীৱন পথত কেতিয়াও আৰ্থিক সমস্যাৰ সন্মুখীন নহয়৷ কেতুৰ আশীৰ্বাদত এওঁলোকে অনায়াসেই কঠিন সময়ৰ পৰা নিজকে বাহিৰ কৰি আনিব পাৰে৷ কন্যা ৰাশিৰ ব্যক্তিয়ে যিমানেই পৰিশ্ৰম কৰে যিমানেই উপযুক্ত পৰিমাণে ফল পায়৷
বৃশ্চিক ৰাশি
কেতুৰ সুদৃষ্টিৰ কৃপাত বৃশ্চিক ৰাশিৰ ব্যক্তিয়ে কেতিয়াও অৰ্থাভাৱত নপৰে৷ কেতিয়াবা অৰ্থকষ্টৰ মুখামুখি হলেও খুব সহজেই তেওঁলোকে সেই কঠিন সময়ৰ পৰা বাহিৰলৈ ওলাই আহে৷ এওঁলোকৰ কোনো কামত মন দিয়াৰ ক্ষমতা অন্যৰ তুলনাত বেছি হয়৷ সাংসৰিক জীৱনতো সুখী থাকে৷
মীন ৰাশি
মীন ৰাশিৰ জাতক জাতিকাৰ আধ্যাত্মিক ভাৱনা কেতুৰ প্ৰভাৱত বৃদ্ধি পায়৷ সেই কাৰণেই যিকোনো ক্ষেত্ৰতেই এওঁলোকে খুব সহজেই সফলতা লাভ কৰে৷ জীৱন পথত এওঁলোকে বিশেষ কোনো বাধাৰ সন্মুখীন নহয়৷ কেতুৰ কৃপাত এওঁলোকৰ কেতিয়াও অৰ্থৰ অভাৱ নহয়৷ সৌভাগ্য প্ৰায় সকলো সময়তে এওঁলোকৰ লগত থাকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















