যি মিছাইল বনাবলৈ বিফল আমেৰিকা, সেই মিছাইল প্ৰস্তুত কৰি সমগ্ৰ বিশ্বৰে চকু কপালত তুলিলে ভাৰতে
মহাশক্তিধৰ আমেৰিকাৰ শক্তিৰ কথা সকলো বিশ্বৰে জ্ঞাত। পাছে সেই আমেৰিকা বিফল হাইপাৰছ’নিক মিছাইল প্ৰস্তুতৰ ক্ষেত্ৰত। এতিয়া চেষ্টা অব্যাহত ৰাখিছে আমেৰিকাই। তেনে ক্ষেত্ৰত ভাৰতে কৰিলে সপোন পূৰণ।
যি ভাৰতক টেকনিকৰ ক্ষমতাৰ ক্ষেত্ৰত বহু পিছত বুলি ধৰা হয়, সেই ভাৰতেই সমগ্ৰ বিশ্বৰে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে। আনহাতে চকু কপালত তুলিছে ভাৰতৰ চিৰ বৈৰী চীন-পাকিস্তানৰ। কিয়নো ভাৰতে বনাই দিলে ৩-৩ মহামিছাইল।
প্ৰযুক্তিগত সামৰ্থ্যৰ ক্ষেত্ৰত পিছ পৰি থকা দেশখন আজি বিশ্বৰ আগশাৰীৰ দেশৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। ইয়াৰ কৃতিত্ব ভাৰতীয় বিজ্ঞানীসকলৰ আবেগ আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’)ৰ কঠোৰ পৰিশ্ৰমৰ বাবে।
হাইপাৰছ’নিক মিছাইল সেই অস্ত্ৰবোৰক কোৱা হয়, যিয়ে শব্দৰ গতিতকৈ পাঁচগুণ অধিক বেগেৰে অৰ্থাৎ প্ৰতি ঘণ্টা ৬,২০০ কিলোমিটাৰ বেগেৰে গৈ লক্ষ্যত আক্ৰমণ কৰে। ইয়াৰ বেগ আৰু কম উচ্চতাত উৰণৰ বৈশিষ্ট্যৰ বাবে এই হাইপাৰছ’নিক মিছাইলবোৰ অতি বিপজ্জনক হৈ পৰে, যিবোৰ কোনো ৰাডাৰে ধৰা পেলাব নোৱাৰে।
ডি আৰ ডি অ’ৰ এই হাইপাৰছ’নিক প্ৰযুক্তি সম্পূৰ্ণ থলুৱা। হাইপাৰছনিক মিছাইল ৰকেট ইঞ্জিনৰ জৰিয়তে নিক্ষেপ কৰা হয় আৰু বায়ুমণ্ডলত ৬ৰ পৰা ৭ মেক (Mach) বেগত উৰি যায়। একে সময়তে ই ১৫০০ কিলোমিটাৰতকৈও অধিক দূৰত্বত পেলোড কঢ়িয়াই নিবলৈ সক্ষম।
শব্দৰ গতিবেগতকৈ ৫ গুণ বেছি বেগেৰে উৰণৰ ক্ষমতা আৰু কোনো ৰাডাৰে ধৰা নপৰা বাবে এই হাইপাৰছ’নিক মিছাইল ভাৰতৰ তিনিওটা সেনা (সেনা, নৌসেনা আৰু বায়ুসেনা)ৰ বাবে অতি উপযোগী। ইয়াত ক্ষেপণাস্ত্ৰত স্ক্ৰেমজেট ইঞ্জিন ব্যৱহাৰ কৰা হয়, যিয়ে উৰণৰ সময়ত ক্ষেপণাস্ত্ৰৰ গতি বজাই ৰাখে। ভাৰতৰ ব্ৰহ্মছ-২ এই হাইপাৰছ’নিক প্ৰযুক্তিৰ এক নিখুঁত উদাহৰণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ