প্ৰায় ২১ বছৰৰ টেষ্ট ক্ৰিকেটৰ অভিজ্ঞতাপুষ্ট জেমছ এণ্ডাৰছনৰ বলত ২২ বছৰীয়া জয়ছোৱালৰ একেৰাহে তিনিটা ছিক্সাৰ। ২০২৩ চনত টেষ্ট অভিষেক ঘটা যশস্বী জয়ছোৱালৰ সপ্তমখন টেষ্ট। সপ্তমখন টেষ্টতে দ্বিতীয়টো দ্বিশতকেৰে উমান দিছে ভৱিষ্যৎ ক্ৰিকেটত আধিপত্য বিস্তাৰৰ। অভিষেক টেষ্টতে শতক অৰ্জন কৰা জয়ছোৱালে কেৰিয়াৰৰ সপ্তম টেষ্টতে গৰাকী হয় কেইবাটাও অভিলেখৰ।
ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টৰ তৃতীয় দিনা শতক অৰ্জন কৰি ১০৪ ৰানৰ ব্যক্তিগত স্ক’ৰত আঘাতৰ বাবে বেটিং এৰিবলৈ বাধ্য হয় জয়ছোৱাল। চতুৰ্থ দিনা কুলদ্বীপ যাদৱ আৰু শুভমন গীলে ভাৰতৰ দ্বিতীয় ইনিংছ পুনৰাৰম্ভ কৰে। ৯১ ৰানৰ ইনিংছ খেলা গীল দুৰ্ভাগ্যজনকভাৱে ৰান আউট হোৱাৰ পাছতে পুনৰ ক্ৰীজলৈ আহে যশস্বী জয়ছোৱাল। ড্ৰেছিং ৰূমতেই সাজু হৈ অহা জয়ছোৱালে লয় আক্ৰমণাত্মক ৰূপ। দলীয় স্ক’ৰবোৰ্ডত ১২ ৰান যোগ হোৱাৰ পাছতেই পেভিলিয়নমুখী হয় কুলদ্বীপ যাদৱ। জয়ছোৱালক সংগ দিবলৈ আহে ভাৰতীয় টেষ্ট ক্ৰিকেটৰ নৱতম চাঞ্চল্য ছৰফৰাজ খান।
অভিষেক টেষ্টৰ প্ৰথম ইনিংছত অৰ্ধশতকীয় ইনিংছ খেলি ৰান আউট হোৱা ছৰফৰাজে দ্বিতীয় ইনিংছতো অৰ্জন কৰে অপৰাজিত অৰ্ধশতক। ক্ৰীজৰ উভয় দিশৰ পৰা ভাৰতীয় যুৱশক্তিয়ে ভাঙি গ’ল ইংৰাজ বলাৰৰ অহংকাৰ। টেষ্ট ক্ৰিকেটত এদিনীয়াৰ সোৱাদ দি জয়ছোৱালে প্ৰহাৰ কৰি গ’ল উইকেটৰ চাৰিওদিশে। ২১৪ ৰানৰ ইনিংছটোত ১২ টা ছিক্সাৰ কোবাই জয়ছোৱালে স্পৰ্শ কৰে এটা টেষ্ট ইনিংছত সৰ্বাধিক ছিক্স কোবোৱা ৱাছিম আক্ৰামৰ অভিলেখ। আনহাতে, চলিত শৃংখলাত এইপৰ্যন্ত মুঠ ২২ টা ছিক্সাৰেৰে জয়ছোৱাল এটা টেষ্ট শৃংখলাত সৰ্বাধিক ছিক্সাৰ কোবোৱা বিশ্বাভিলেখৰ গৰাকী হয়।
তৃতীয় টেষ্টত ইংলেণ্ডক ৫৫৭ ৰানৰ লক্ষ্য বান্ধি দি ভাৰতে দলটোক মাত্ৰ ১২২ ৰানত সীমাবদ্ধ ৰাখি ৪৩৪ ৰানৰ বিশাল ব্যৱধানত জয়ী হয়। দ্বিতীয় ইনিংছত ভাৰতৰ হৈ তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই পাঁচটা উইকেট দখল কৰে। টেষ্ট ক্ৰিকেট ইতিহাসত ভাৰতৰ এয়া সৰ্ববৃহৎ জয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ