মঙলবাৰে অনুস্থিত হয় দাদাচাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱ বঁটা প্ৰদান অনুষ্ঠান। ২০২৩ বৰ্ষত মুক্তিলাভ কৰা ছবিসমূহক প্ৰদান কৰা হয় বঁটা। বলীউড তাৰকাৰে ভৰি পৰে বঁটা প্ৰদান অনুষ্ঠানস্থলী। পুনৰ এবাৰ জিলিকি উঠে বলীউডৰ বাদশ্বাহ শ্বাহৰূখ খান। ২০২৩ বৰ্ষত তিনিখনকৈ হিট ছবি উপহাৰ দিয়া কিং খানে লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান। বিগত বৰ্ষৰ অন্যতম জনপ্ৰিয় ছবি এনিমেলে লাভ কৰে একাধিক বঁটা।
পৰিচালক এটলী কুমাৰৰ ছবি জৱানৰ বাবে শ্বাহৰূখ খানে লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা। ছবিখনত শ্বাহৰূখৰ লগত অভিনয় কৰা নয়নতৰাইও লাভ কৰে বিশেষ বঁটা। বঁটা গ্ৰহণ কৰি শ্বাহৰূখে আনন্দ প্ৰকাশ কৰি কয়, ‘শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰা বহু বছৰ হ’ল। এতিয়া আৰু শ্ৰেষ্ঠ অভিনেতাৰ বঁটা নাপাম যেনেই লাগিছিল।’
আনহাতে, ৰণবীৰ কাপুৰ অভিনীত এনিমেল ছবিখনেও লাভ কৰে একাধিক বঁটা। নানা বিতৰ্কৰ সৃষ্টি হ’লেও ‘এনিমেল’ ২০২৩ বৰ্ষৰ বলীউডৰ এখন অন্যতম হিট ছবি হিচাপে পৰিগণিত হয়। দাদাচাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱ বঁটা ২০২৪ ত এনিমেলৰ পৰিচালক সন্দীপ ৰেড্ডী বাংগাই লাভ কৰে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা। লগতে এনিমেলত কৰা অভিনয়ৰ বাবে যথেষ্ট সমাদৃত হোৱা ববী দেউলে লাভ কৰে শ্ৰেষ্ঠ খলনায়কৰ বঁটা।
ছেম বাহাদুৰ ছবিখনৰ বাবে বিকি কৌশলেও বঁটা লাভ কৰিবলৈ সক্ষম হয়। ছবিখনত আগবঢ়োৱা অভিনয়ৰ বাবে বিকি কৌশলে সমালোচকৰ পচন্দৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে। অভিনেতাগৰাকীয়ে এই বঁটা ভাৰতীয় সেনাৰ নামত সমৰ্পন কৰে।
দাদাচাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱ বঁটা প্ৰাপকসকল
শ্ৰেষ্ঠ অভিনেতা – শ্বাহৰূখ খান
শ্ৰেষ্ঠ অভিনেত্ৰী – ৰানী মুখাৰ্জী
শ্ৰেষ্ঠ পৰিচালক – সন্দীপ ৰেড্ডী বাংগা
শ্ৰেষ্ঠ অভিনেতা (সমালোচকৰ পচন্দৰ) – বিকি কৌশল
শ্ৰেষ্ঠ অভিনেত্ৰী (সমালোচকৰ পচন্দৰ) – কৰীণা কাপুৰ খান
শ্ৰেষ্ঠ খলনায়ক – ববী দেউল
শ্ৰেষ্ঠ ছবি – জৱান
শ্ৰেষ্ঠ ছবি (সমালোচকৰ পচন্দৰ) – টুৱেলফথ ফেইল
শ্ৰেষ্ঠ পৰিচালক (সমালোচকৰ পচন্দৰ) – এটলী কুমাৰ
শ্ৰেষ্ঠ সংগীত পৰিচালক – অনিৰুদ্ধ ৰবিচন্দৰ
শ্ৰেষ্ঠ গায়ক – বৰুণ জৈন
শ্ৰেষ্ঠ গায়িকা – শিল্পা ৰাও
শ্ৰেষ্ঠ কৌতুক অভিনেতা – আয়ুষ্মান খুৰানা
শ্ৰেষ্ঠ কৌতুক অভিনেত্ৰী – সান্যা মালহোত্ৰা
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ