৮৯ বছৰীয়া অভিলেখ ভংগ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ, টেষ্ট মেচত বিশ্বৰ প্ৰথমটো দল হিচাপে গঢ়িলে অভিলেখ
এফালে ভাৰতীয় পুৰুষ দলে টি ২০ বিশ্ব কাপৰ ফাইনেলত হৈছে আনহাতে ভাৰতীয় মহিলা ক্ৰিকেট দলেও গঢ়িছে বিশেষ অভিলেখ। যাৰ বাবে এতিয়া গৌৰৱান্বিত হৈ পৰিছে দেশবাসী। ৮৯ বছৰীয়া অভিলেখ ভংগ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ।
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মহিলা ক্ৰিকেট টেষ্টৰ প্ৰথম দিনটোত শুকুৰবাৰে ভাৰতে এদিনত সৰ্বাধিক স্ক’ৰ কৰাকে ধৰি একাধিক অভিলেখ গঢ়িবলৈ সক্ষম হয়। ছেফালী বাৰ্মাৰ অভিলেখ ভংগকাৰী দ্বৈত শতক। ১৯৪ বলত ২০৫ ৰান সংগ্ৰহ কৰি শেফালীয়ে স্মৃতি মান্ধনাৰ (১৪৯) সৈতে ২৯২ ৰানৰ অংশীদাৰিত্ব কৰি ভাৰতে প্ৰথম দিনাই ৪ উইকেট হেৰুৱাই ৫২৫ ৰান সংগ্ৰহ কৰে।
https://x.com/VijayCricketFan/status/1806628236316848474
ইয়াৰ লগে লগে ভাৰতেও এদিনত সৰ্বাধিক ৰান সংগ্ৰহৰ ৮৯ বছৰীয়া অভিলেখ ভংগ কৰে। ১৯৩৫ চনত ক্ৰাইষ্টচাৰ্চত নিউজিলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ড মহিলা দলে দুটা উইকেটত ৪৩১ ৰান সংগ্ৰহ কৰিছিল।
ফেব্ৰুৱাৰী মাহত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২৪৮টা বলত দুটা শতক অৰ্জন কৰা অষ্ট্ৰেলিয়াৰ এনাবেল চাথাৰলেণ্ডৰ অভিলেখ ভংগ কৰে শ্বেফালীয়ে। প্ৰাক্তন অধিনায়ক মিতালী ৰাজৰ পিছতে টেষ্ট ক্ৰিকেটত দ্বৈত শতক অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা বেটছমেন হিচাপে পৰিগণিত হয় বিশ বছৰীয়া শেফালীয়ে।
২০০২ চনৰ আগষ্ট মাহত টাউণ্টনত ইংলেণ্ডৰ বিৰুদ্ধে খেলা দ্বিতীয়খন টেষ্টত মিতালীয়ে ৪০৭ বলত ২১৪ ৰান সংগ্ৰহ কৰিছিল। ডাবল শতক অৰ্জন কৰাৰ লগে লগে আউট হৈছিল শেফালি। ইয়াৰ পূৰ্বে তেওঁৰ সৰ্বোচ্চ স্ক’ৰ আছিল ৯৬ ৰান। পঞ্চমখন টেষ্ট খেলা শ্বেফালীয়ে ২৩টা চাৰি আৰু ৮টা ছয় কৰে।
https://x.com/timesofindia/status/1806637698867941810
শেফালী আৰু মান্ধনাৰ মাজত প্ৰথম উইকেটৰ বাবে ২৯২ ৰানৰ অংশীদাৰিত্ব। ১৪৯ ৰান সংগ্ৰহ কৰি আউট হোৱা স্মৃতি মান্ধনাৰ ৰূপত ভাৰতলৈ প্ৰথম আঘাত। টেষ্ট ক্ৰিকেটৰ যিকোনো উইকেটৰ বাবে এয়া ভাৰতৰ সৰ্ববৃহৎ অংশীদাৰিত্ব। মহিলা টেষ্টত যিকোনো উইকেটৰ বাবে এয়া দ্বিতীয় সৰ্বোচ্চ অংশীদাৰিত্ব।
মান্ধনাৰ ঠাইত অহা সতীশ শুভাই ২৭টা বলত ১৫ ৰান সংগ্ৰহ কৰি আউট হয়। অৱশ্যে জেমিমাহ ৰড্ৰিগেছে ৫৫ ৰান কৰি শেফালিক সহযোগ আগবঢ়াই। দ্ৰুত ৰান কৰিবলৈ চেষ্টা কৰাৰ সময়তে শেফালি ৰান আউট হয়। বৰ্তমানে কেপ্টেইন হৰমনপ্ৰীত কৌৰে ৪২ ৰান আৰু ৰিচা ঘোষে ৪৩ ৰান সংগ্ৰহ কৰি ক্ৰীজত আছে।
উল্লেখ্য যে, মহিলাৰ টেষ্ট মেচত এদিনত ৫০০ৰো অধিক ৰান সংগ্ৰহ কৰা বিশ্বৰ প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ