• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিপা ভাইৰাছৰ টিকা তৈয়াৰৰ পথত আগুৱাইছে ভাৰত, কিমান বিপজ্জনক এই ভাইৰাছ?

নিপা ভাইৰাছৰ টিকা তৈয়াৰৰ পথত আগুৱাইছে ভাৰত, কিমান বিপজ্জনক এই ভাইৰাছ?

1 year ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

জীৱনলৈ আহিব সোণালী সুযোগ, আজি কাৰ কাৰ উদয় হ’ব ভাগ্য?

10 minutes ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

9 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

9 hours ago
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

10 hours ago
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

10 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

11 hours ago
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

11 hours ago
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

13 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

ভাগ্যৰ পাকচক্ৰত পৰিব আপুনি, সলনি হ’ব জীৱন!

13 hours ago
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

13 hours ago
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

14 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিপা ভাইৰাছৰ টিকা তৈয়াৰৰ পথত আগুৱাইছে ভাৰত, কিমান বিপজ্জনক এই ভাইৰাছ?

নিপা ভাইৰাছৰ টিকা তৈয়াৰৰ পথত আগুৱাইছে ভাৰত, কিমান বিপজ্জনক এই ভাইৰাছ?

editor by editor
May 4, 2025
in জীৱনশৈলী, বিজ্ঞান, স্বাস্থ্য
0
নিপা ভাইৰাছৰ টিকা তৈয়াৰৰ পথত আগুৱাইছে ভাৰত, কিমান বিপজ্জনক এই ভাইৰাছ?
0
SHARES
73
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিপা ভাইৰাছৰ প্ৰতিষেধক তৈয়াৰৰ পথত আগুৱাইছে ভাৰত! কৰ’না ভাইৰাছৰ দৰে নিপাও এক মাৰণ ভাইৰাছ৷ এই ভাইৰাছক লৈ আতংকও আছে জনতাৰ মাজত৷ প্ৰতি বছৰে কেৱল নিপাৰ সংক্ৰমণত মৃত্যু হয় বহু লোকৰ৷ নিপাক লৈ ভয়ৰ কাৰণ হৈছে ইয়াৰ কোনো ঔষধ বা টিকা এতিয়াও তৈয়াৰ হোৱা নাই বিশ্বত৷ বিশ্বত হয়তো ভাৰতেই প্ৰথম খন দেশ, ভাৰতৰ এক সংস্থাই নিপাৰ প্ৰতিষেধক তৈয়াৰ কৰিবলৈ আগবাঢ়িছে৷

পুণেৰ বায়োফাৰ্মাছিউটিকেল কোম্পানীয়ে জেনোভা নিপা ভাইৰাছৰ টিকা তৈয়াৰ কৰিব৷ কৰ’নাৰ দৰে নিপাও আৰ এন এ ভাইৰাছ৷ ইয়াৰ পৰা শৰীৰক ৰক্ষা কৰাৰ বাবে মেছেঞ্জাৰ আৰ এন এ পদ্ধতিত প্ৰতিষেধক তৈয়াৰ হব৷ এই প্ৰতিষেধক শৰীৰত সোমোৱাই শৰীৰত ভাইৰাছ প্ৰতিৰোধী এণ্টিবডি তৈয়াৰ কৰিব৷ ইয়াৰোপৰি শৰীৰৰ টি-কোষসমূহক সক্ৰিয় কৰি তুলি ভাইৰাছৰ বিৰুদ্ধে যুজ দিবলৈ সুৰক্ষা বলয় তৈয়াৰ কৰিব৷

নিপা ভাইৰাছ কি?

এই ভাইৰাছৰ উৎস মূলত বাদুলি৷ বাদুলিয়ে আধাখোৱা ফল ভাল ফলৰ সৈতে মিহলাই খালে তাৰ পৰাও এই ভাইৰাছ বিয়পিব পাৰে৷ আক্ৰান্তৰ ব্যৱহৃত বিছনা, পোছাক বা অন্যান্য সামগ্ৰীৰ পৰাও সংক্ৰমণ হয় নিপা ভাইৰাছ৷ সাধাৰণ ভাইৰেল জ্বৰৰ দৰে উপসৰ্গ হলেও নিপা ভাইৰাছত মৃত্যুৰ হাৰ ৫০-৬০ শতাংশ৷ শৰীৰত প্ৰাকৃতিকভাৱে থকা ৰোগ প্ৰতিৰোধ ক্ষমতাই সুস্থও কৰিব পাৰে ৰোগীক৷ তাৰ বাবে দ্ৰুত ৰোগ ধৰা পৰা অত্যন্ত জৰুৰী৷
নিপাক বিজ্ঞানীয়ে কয় জুনটিক ভাইৰাছ৷ অৰ্থাৎ পশুৰ শৰীৰৰ পৰা এই ভাইৰাছ মানুহৰ শৰীৰলৈ আহে৷ আক্ৰান্ত পশুৰ দেহৰ অৱশিষ্টাংশ, বা মলমূত্ৰৰ পৰা এই সংক্ৰমণ ঘটিব পাৰে৷ ২০০১ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰীত ভাৰতৰ পশ্চিমবংগৰ শিলিগুৰিত নিপা ভাইৰাছৰ সংক্ৰমণত প্ৰায় ৬৬জন লোকৰ মৃত্যু হৈছিল৷ মাজতে এই ভাইৰাছৰ সংক্ৰমণ কিছু কমিছিল যদিও ২০০৭ চনৰ পৰা আকৌ নিপা আক্ৰান্তৰ সংখ্যা বাঢ়িছে দেশত৷ বাংলাদেশৰ সীমান্ত সংলগ্ন নদিয়াত এই ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা সমগ্ৰ দেশৰ তুলনাত বেছি৷

ৰোগৰ লক্ষণ কি কি?

প্ৰথমে সাধাৰণ জ্বৰ হয় ৰোগীৰ৷ ইয়াৰপাছতেই শৰীৰৰ তাপমাত্ৰা বাঢ়িবলৈ আৰম্ভ হয়৷ মূৰৰ বিষ, বমি ভাৱ আহে৷ জ্বৰ মূৰত উঠে৷ আৰম্ভ হয় ডিঙিৰ বিষ, তীব্ৰ শ্বাসকষ্টত ভূগে ৰোগীয়ে৷ জ্বৰ বাঢ়ি গলে ২৮-৪৮ ঘণ্টাৰ মাজত ৰোগী ক’মাতো যাব পাৰে৷ লাহে লাহে হৃদযন্ত্ৰইয়ো কাম কৰা বন্ধ কৰে৷

সাধাৰণ পৰীক্ষাত নিপাৰ সংক্ৰমণ ধৰা নপৰে৷ বায়ো ছেফ্টি লেভেল থ্ৰি স্তৰৰ কোনো লেবৰটৰিত নিপা ভাইৰাছৰ পৰীক্ষা কৰা সম্ভৱ৷ কাৰণ এই স্তৰৰ লেবৰটৰি নহলে যিয়ে এই পৰীক্ষা কৰে তেওঁৱো আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে৷ আক্ৰান্তত লেলাৱতি, থু, মুত্ৰৰ নমুনা ছেৰিব্ৰেল স্পাইনেল ফ্লুইডৰ পৰা নিপা ভাইৰাছ চিহ্নিত কৰা সম্ভৱ৷ বিপজ্জনক এই ভাইৰাছৰ মোকাবিলা কৰিবলৈ টিকাই একমাত্ৰ উপায় হ’ব পাৰে ধাৰণা কৰিছে বিজ্ঞানীয়ে৷ জেনোভাৰ প্ৰতিষেধকে কাম কৰিলে বহু মানুহেই নিপাৰ সংক্ৰমমৰ পৰা ৰেহাই পাব বুলি আশা কৰিছে বিজ্ঞানীমহলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

জীৱনলৈ আহিব সোণালী সুযোগ, আজি কাৰ কাৰ উদয় হ’ব ভাগ্য?

September 8, 2026
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক
স্বাস্থ্য

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

September 7, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

September 7, 2026
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ
জীৱনশৈলী

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

September 7, 2026
Next Post
উপবাসে থাকিলেই ৰোগমুক্তি! পিতৃ-মাতৃৰ চাপতেই উপবাসে থাকি প্ৰাণ হেৰুৱালে ৩ বছৰীয়া শিশুৱে

উপবাসে থাকিলেই ৰোগমুক্তি! পিতৃ-মাতৃৰ চাপতেই উপবাসে থাকি প্ৰাণ হেৰুৱালে ৩ বছৰীয়া শিশুৱে

ঘৰে ঘৰেই লাগে এইবিধ সামগ্ৰী, এই এবিধ সামগ্ৰীৰ বাবেই বিগত দিনত পাকিস্তানৰ ওপৰত নিৰ্ভৰ কৰিছিল ভাৰতে

ঘৰে ঘৰেই লাগে এইবিধ সামগ্ৰী, এই এবিধ সামগ্ৰীৰ বাবেই বিগত দিনত পাকিস্তানৰ ওপৰত নিৰ্ভৰ কৰিছিল ভাৰতে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.