নিপা ভাইৰাছৰ প্ৰতিষেধক তৈয়াৰৰ পথত আগুৱাইছে ভাৰত! কৰ’না ভাইৰাছৰ দৰে নিপাও এক মাৰণ ভাইৰাছ৷ এই ভাইৰাছক লৈ আতংকও আছে জনতাৰ মাজত৷ প্ৰতি বছৰে কেৱল নিপাৰ সংক্ৰমণত মৃত্যু হয় বহু লোকৰ৷ নিপাক লৈ ভয়ৰ কাৰণ হৈছে ইয়াৰ কোনো ঔষধ বা টিকা এতিয়াও তৈয়াৰ হোৱা নাই বিশ্বত৷ বিশ্বত হয়তো ভাৰতেই প্ৰথম খন দেশ, ভাৰতৰ এক সংস্থাই নিপাৰ প্ৰতিষেধক তৈয়াৰ কৰিবলৈ আগবাঢ়িছে৷
পুণেৰ বায়োফাৰ্মাছিউটিকেল কোম্পানীয়ে জেনোভা নিপা ভাইৰাছৰ টিকা তৈয়াৰ কৰিব৷ কৰ’নাৰ দৰে নিপাও আৰ এন এ ভাইৰাছ৷ ইয়াৰ পৰা শৰীৰক ৰক্ষা কৰাৰ বাবে মেছেঞ্জাৰ আৰ এন এ পদ্ধতিত প্ৰতিষেধক তৈয়াৰ হব৷ এই প্ৰতিষেধক শৰীৰত সোমোৱাই শৰীৰত ভাইৰাছ প্ৰতিৰোধী এণ্টিবডি তৈয়াৰ কৰিব৷ ইয়াৰোপৰি শৰীৰৰ টি-কোষসমূহক সক্ৰিয় কৰি তুলি ভাইৰাছৰ বিৰুদ্ধে যুজ দিবলৈ সুৰক্ষা বলয় তৈয়াৰ কৰিব৷
নিপা ভাইৰাছ কি?
এই ভাইৰাছৰ উৎস মূলত বাদুলি৷ বাদুলিয়ে আধাখোৱা ফল ভাল ফলৰ সৈতে মিহলাই খালে তাৰ পৰাও এই ভাইৰাছ বিয়পিব পাৰে৷ আক্ৰান্তৰ ব্যৱহৃত বিছনা, পোছাক বা অন্যান্য সামগ্ৰীৰ পৰাও সংক্ৰমণ হয় নিপা ভাইৰাছ৷ সাধাৰণ ভাইৰেল জ্বৰৰ দৰে উপসৰ্গ হলেও নিপা ভাইৰাছত মৃত্যুৰ হাৰ ৫০-৬০ শতাংশ৷ শৰীৰত প্ৰাকৃতিকভাৱে থকা ৰোগ প্ৰতিৰোধ ক্ষমতাই সুস্থও কৰিব পাৰে ৰোগীক৷ তাৰ বাবে দ্ৰুত ৰোগ ধৰা পৰা অত্যন্ত জৰুৰী৷
নিপাক বিজ্ঞানীয়ে কয় জুনটিক ভাইৰাছ৷ অৰ্থাৎ পশুৰ শৰীৰৰ পৰা এই ভাইৰাছ মানুহৰ শৰীৰলৈ আহে৷ আক্ৰান্ত পশুৰ দেহৰ অৱশিষ্টাংশ, বা মলমূত্ৰৰ পৰা এই সংক্ৰমণ ঘটিব পাৰে৷ ২০০১ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰীত ভাৰতৰ পশ্চিমবংগৰ শিলিগুৰিত নিপা ভাইৰাছৰ সংক্ৰমণত প্ৰায় ৬৬জন লোকৰ মৃত্যু হৈছিল৷ মাজতে এই ভাইৰাছৰ সংক্ৰমণ কিছু কমিছিল যদিও ২০০৭ চনৰ পৰা আকৌ নিপা আক্ৰান্তৰ সংখ্যা বাঢ়িছে দেশত৷ বাংলাদেশৰ সীমান্ত সংলগ্ন নদিয়াত এই ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা সমগ্ৰ দেশৰ তুলনাত বেছি৷
ৰোগৰ লক্ষণ কি কি?
প্ৰথমে সাধাৰণ জ্বৰ হয় ৰোগীৰ৷ ইয়াৰপাছতেই শৰীৰৰ তাপমাত্ৰা বাঢ়িবলৈ আৰম্ভ হয়৷ মূৰৰ বিষ, বমি ভাৱ আহে৷ জ্বৰ মূৰত উঠে৷ আৰম্ভ হয় ডিঙিৰ বিষ, তীব্ৰ শ্বাসকষ্টত ভূগে ৰোগীয়ে৷ জ্বৰ বাঢ়ি গলে ২৮-৪৮ ঘণ্টাৰ মাজত ৰোগী ক’মাতো যাব পাৰে৷ লাহে লাহে হৃদযন্ত্ৰইয়ো কাম কৰা বন্ধ কৰে৷
সাধাৰণ পৰীক্ষাত নিপাৰ সংক্ৰমণ ধৰা নপৰে৷ বায়ো ছেফ্টি লেভেল থ্ৰি স্তৰৰ কোনো লেবৰটৰিত নিপা ভাইৰাছৰ পৰীক্ষা কৰা সম্ভৱ৷ কাৰণ এই স্তৰৰ লেবৰটৰি নহলে যিয়ে এই পৰীক্ষা কৰে তেওঁৱো আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে৷ আক্ৰান্তত লেলাৱতি, থু, মুত্ৰৰ নমুনা ছেৰিব্ৰেল স্পাইনেল ফ্লুইডৰ পৰা নিপা ভাইৰাছ চিহ্নিত কৰা সম্ভৱ৷ বিপজ্জনক এই ভাইৰাছৰ মোকাবিলা কৰিবলৈ টিকাই একমাত্ৰ উপায় হ’ব পাৰে ধাৰণা কৰিছে বিজ্ঞানীয়ে৷ জেনোভাৰ প্ৰতিষেধকে কাম কৰিলে বহু মানুহেই নিপাৰ সংক্ৰমমৰ পৰা ৰেহাই পাব বুলি আশা কৰিছে বিজ্ঞানীমহলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ