অসম লাইভ ২৪ঃ চিমৰণজিৎ সিং, হাৰ্দিক সিং, হৰমনপ্ৰীত সিং আৰু ৰূপিন্দৰ পাল সিঙৰ নিৰ্ণায়ক গ’লেৰে ৪১ বছৰীয়া অপেক্ষাৰ অন্ত পেলালে ভাৰতীয় হকীৰ ইতিহাসত। অলিম্পিকৰ পদক তালিকাত ভাৰতীয় দলত যোগ হ’ল অন্য এটা পদক। জামাৰ্নীৰ বিৰুদ্ধে অতি ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বীতাৰে ৫-৪ গ’লৰ ব্যৱধানত জয়লাভ কৰে ভাৰতে। ৪১ বছৰীয়া এক দীঘলীয়া অপেক্ষাৰ অন্তত অলিম্পিকত পদক লাভ কৰিবলৈ সক্ষম হয় ভাৰতৰ পুৰুষ হকী দলে। ইয়াৰ লগে লগে ভাৰতৰ হকী দলত অলিম্পিকৰ পদকৰ সংখ্যা বৃদ্ধি হ’ল ১২ টালৈ। ইয়াৰে ৮টা সোণৰ পদক, এটা ৰূপৰ পদক আৰু ৩ টা ব্ৰঞ্জৰ পদক। হকী অলিম্পিকত সৰ্বাধিক পদক লাভ কৰা বিশ্বৰ একমাত্ৰ দল হৈছে ভাৰতীয় হকী দল। মনপ্ৰীত সিঙৰ নেতৃত্বৰে হকী দলৰ জয়লাভৰ পাছতে এই ঐতিহাসিক মুহূৰ্তৰ উদযাপন কৰে সমগ্ৰ ভাৰতবাসীয়ে। ১৯৮০ চনত মস্কো অলিম্পকত সোণৰ পদক লাভ কৰিছিল ভাৰতে। সুদীৰ্ঘ অপেক্ষাৰ অন্তত বৃহস্পতিবাৰে টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰে ভাৰতীয় পুৰুষ হকী দলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















