পূৰ্বে দেশৰ হৈ হেৰুৱালে ভৰি, এতিয়া দেশৰ বাবে জয় কৰিলে পদক, গৌৰৱান্বিত উত্তৰপূৱ
পেৰা অলিম্পিকত উত্তৰ পূৱৰ এইগৰাকী খেলুৱৈয়ে পদক লাভ কৰি সমগ্ৰ দেশকে পুনৰবাৰ কৰালে গৌৰৱান্বিত। পেৰিছত অনুষ্ঠিত হৈ থকা পেৰা অলিম্পিকৰ শ্বটপুতত ব্ৰঞ্জ জয় কৰি নাগালেণ্ডৰ খেলুৱৈগৰাকীয়ে এই সফলতা লাভ কৰে।
হোকাটো হোটোঝে ছেমাই (Hokato Hotozhe Sema ) পেৰালিম্পিক ২০২৪ত ভাৰতৰ হৈ পেৰালিম্পিক পদক লাভ কৰা নাগালেণ্ডৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে ইতিহাস ৰচনা কৰে। পুৰুষৰ শ্বট পুট এফ ৫৭ ইভেণ্টত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি হোকাটোৱে ১৪.৬৫ মিটাৰ ব্যক্তিগত শ্ৰেষ্ঠ থ্ৰ’ৰে ব্ৰঞ্জৰ পদক লাভ কৰে।
তেওঁৰ এই উল্লেখযোগ্য প্ৰদৰ্শনে পূৰ্বৰ পেৰালিম্পিকৰ ১৩.৪৯ মিটাৰ অভিলেখো ভংগ কৰে, যিটো আজাৰবাইজানৰ অলোখান মুছায়েভে স্থাপন কৰিছিল। এই ইভেণ্টত ইৰাণৰ ইয়াচিন খোছৰাভিয়ে ১৫.৯৬ মিটাৰ থ্ৰ’ৰে স্বৰ্ণ পদক দখল কৰাৰ বিপৰীতে ব্ৰাজিলৰ থিয়াগো প’লিনো ডছ ছান্টোছে ১৫.০৬ মিটাৰ থ্ৰ’ৰে ৰূপৰ পদক লাভ কৰে।
ভাৰতে পেৰিছ পেৰালিম্পিক ২০২৪ৰ এথলেটিকছ ইভেণ্টত এতিয়ালৈকে মুঠ ১৫টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান ভাৰত ৬টা সোণ, ৯টা ৰূপ আৰু ১২টা ব্ৰঞ্জকে ধৰি সৰ্বমুঠ ২৭টা পদক লাভ কৰি পদকৰ সংখ্যাত ১৭ নম্বৰ স্থানত আছে।
খেলৰ পূৰ্বে এগৰাকী সেনা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল সম্পূৰ্ণ সুস্থ সৱল হোকাটো। কিন্তু জীৱনত প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আগবাঢ়িছে হোকাটো হোটোজী ছেমাই। ভাৰতীয় সেনাৰ অসম ৰেজিমেণ্টৰ হাবিলদাৰ আছিল হোকাটো।
২০০২ চনত নিয়ন্ত্ৰণ ৰেখাত এল অ চিত অভিযানৰ সময়ত লেণ্ডমাইনৰ খুন্দাত হোকাটোই সোঁ ভৰিখন হেৰুৱাই। এখন ভৰি হেৰুৱাই হোকাটোৱে পাছত সেনাৰ পৰা আহি খেলত মনোনিবেশ কৰে। অলিম্পিক গোল্ড কুৱেষ্ট (OGQ)ৰ সহায়ত নিজৰ এথলেটিক কেৰিয়াৰ আৰম্ভ কৰে। ২০২২ চনত মৰক্কো গ্ৰেণ্ড প্ৰিক্সত ৰূপৰ পদক লাভ কৰিছিল হোকাটোৱে। চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁ বিশ্ব চেম্পিয়নশ্বিপতো চতুৰ্থ স্থান দখল কৰিছিল। আৰু এতিয়া পেৰা অলিম্পিকত ব্ৰঞ্জ জয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ