কেইবাশ মানুহৰ মৃত্যুত যেতিয়া ৰক্তাক্ত বাংলাদেশৰ ৰাজপথ তাৰমাজতেই ঢাকা এৰি ভাৰতত প্ৰৱেশ কৰিছে হাছিনাই৷ সূত্ৰৰ খবৰ অনুসৰি সোমবাৰে ভনীয়েক ৰেহানাৰ সৈতে হেলিকপ্টাৰেৰে দেশ এৰিছে হাছিনাই৷ প্ৰায় ৪৯ বছৰ পূৰ্বে জুলাই মাহতো এনেকৈয়ে ভনীয়েকক লগত লৈ বাংলাদেশ এৰিছিল শ্বেখ হাছিনাই৷ তেতিয়া তেওঁ বুজিব পৰা নাছিল, কিমান বিপৰ্যয়ে তেওঁৰ বাবেই অপেক্ষা কৰি আছে৷ পিতৃ বঙ্গবন্ধু মুজিবৰ ৰহমানৰ সৈতে সেয়াই তেওঁৰ শেষ দেখা বুলিও ভাৱিব পৰা নাছিল হাছিনাই৷ তাৰপাছতেই পাঁচ বছৰ শ্বেখ হাছিনাক ভাৰতত আশ্ৰয় দিছিল তৎকালীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে৷
১৯৭৫ চনৰ ৩০ জুলাই৷ বিমানবন্দৰত দুই ভনীয়েকক বিদায় জনাবলৈ উপস্থিত হৈছিল পিতৃ মুজিবৰ ৰহমানসহ পৰিয়ালৰ সকলো সদস্যই৷ পেছাত পাৰমাণৱিক বিজ্ঞানী হাছিনাৰ স্বামী তেতিয়া জাৰ্মানীত আছিল৷ পিএছডি কৰি আছিল৷ তেওঁৰ কাষলৈ যাবলৈকে ভাৰতলৈ ৰাওনা হৈছিল হাছিনা৷ কিছুদিন ভাৰতত থাকি জাৰ্মানীলৈ যোৱাৰ পৰিকল্পনা৷
ঠিক ১৫ দিন পাছতেই হাছিনাৰ ওচৰলৈ খবৰ আহে যে তেওঁৰ পৰিয়ালক হত্যৈ কৰা হৈছে৷ সেই দিনা পিতৃৰ মৃত্যুৰ খবৰ বিশ্বাসেই কৰিব পৰা নাছিল বাংলাদেশৰ সদ্য প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই৷ কেৱল বঙ্গবন্ধুয়েই নহয় হাছিনা পৰিয়ালৰ ১৮জন সদস্যৰ মৃত্যু হৈছিল সেই ঘটনাত৷ মৃতকৰ মাজত আছিল হাছিনাৰ ১০বছৰ বয়সীয়া ভাতৃও৷ এই খবৰ পোৱা মাত্ৰকে শোকত ম্ৰিয়মাণ হৈ পৰিছিল শ্বেখ হাছিনা৷
পৰবৰ্তী সময়ত সেই অভিজ্ঞতাৰ কথা নিজেই জনালে হাছিনাই৷ কেনেকৈ ভাৰতৰ তৎকালীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে তেওঁক সহায় কৰিছিল৷ ইন্দিৰা গান্ধীৰ তত্ত্বাবধানতেই জাৰ্মানীৰ পৰা ভাৰত ভাৰতলৈ অনা নিয়া কৰা হৈছিল হাছিনা আৰু ৰেহানাক৷ দিল্লীত উপস্থিত হৈ ইন্দিৰা গান্ধীৰ সৈতে বৈঠক কৰিছিল হাছিনাই৷ ১৮ জন আত্মীয়ৰ মৃত্যুৰ খবৰ তেতিয়া তেওঁ গম পোৱা নাছিল৷ তাৰপাছতেই দিল্লীৰ অভিজাত এলেকাৰ পাণ্ডাৰা ৰোডত হাছিনা আৰু তেওঁৰ পৰিয়ালক থকাৰ ব্যৱস্থা কৰে ইন্দিৰা গান্ধীয়ে৷ আনকি তেওঁৰ স্বামী প্ৰয়াত এম এ ৱাজেদ মিঞাৰ চাকৰিৰ ব্যৱস্থাও কৰি দিছিল ইন্দিৰা গান্ধীয়ে৷
নাম সলনি কৰি দিয়া হৈছিল তেওঁলোক দুয়োৰে৷ হাছিনাৰ দুই সন্তান তেতিয়া সৰু৷ ককাকৰ কাষলৈ যাবলৈ দুয়ো সন্তানে তেতিয়া কন্দাকটা কৰিছিল৷ হাছিনাই পৰিচয় গোপনে ৰাখি ৫বছৰ দিল্লীত কেনেকৈ কটাইছিল সেই কথাও একাধিকবাৰ কৈ আহিছে৷ বাৰে বাৰে হাছিনাক হত্যা কৰাৰ চেষ্টা কৰা হৈছিল৷ কেতিয়াবা দিনত যদি গ্ৰেনেড আক্ৰমণৰ চেষ্টা চলাইছিল, কেতিয়াবা গুলি কৰাৰ চেষ্টা কৰা হৈছিল, আনকি বোমা বিস্ফোৰণৰ চেষ্টাও কৰা হৈছিল৷ কিন্তু প্ৰধানমন্ত্ৰী ইন্দিৰাই তেওঁক সকলো বিপদৰ পৰা ৰক্ষা কৰাৰ চেষ্টা চলাই তেওঁক এই দেশত সুকলমে ৰাখিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ