অসম লাইভ২৪ঃ গ্ৰীষ্মকালত যাত্ৰীসকলক সুলভ মূল্যত খাদ্যৰ যোগান ধৰিব ভাৰতীয় ৰেলৱেই। উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ৮টাকৈ ষ্টেচনত এই আহাৰৰ কাউণ্টাৰ উপলব্ধ। উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ পক্ষৰ পৰা যাত্ৰীসকলক সুলভ মূল্যত আহাৰ আৰু পানী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ অধীনৰ ৮টা ষ্টেচন ক্ৰমে গুৱাহাটী, কামাখ্যা, ৰঙিয়া, নিউ কোচবিহাৰ, কাটিহাৰ, নিউ তিনিচুকীয়া, নাহৰলগুন আৰু নিউ আলিপুৰদুৱাৰত এই পৰিসেৱা উপলব্ধ হ’ব। ইয়াৰ ফলত যাত্ৰীসকলে ভ্ৰমণৰ সময়ত গুণমানসম্পন্ন পৰিসেৱা কম টকাতেই লাভ কৰিব। এই পদক্ষেপৰ মাধ্যমেৰে জেনেৰেল ছেকেণ্ড ক্লাছ আৰু শ্লিপাৰ ক্লাছ কোচসমূহত পানীৰ বটল ৰখাৰ ওপৰিও ভাৰতীয় ৰে’লৱেৰ পক্ষৰ পৰা জেনেৰেল কোচৰ যাত্ৰীসকলে ২০ টকাতেই লাভ কৰিব আহাৰ। ৫০ টকাতেই লাভ কৰিব স্নেকচ।
IRCTC ভেণ্ডৰৰ লোকে পেকেটজাত আহাৰ আৰু পানীৰ ট্ৰে লৈ কোচৰ কাষে কাষে আহিব। ইয়াৰোপৰি কম দামতেই তেওঁলোকে যোগান ধৰিব উন্নত গুণসম্পন্ন আহাৰ। বিগত বছৰত প্ৰায় ৫১টা ষ্টেচনত এই পৰিসেৱা আৰম্ভ হৈছে। এই সাফল্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই ৰেলৱেই এই যোগান সম্প্ৰসাৰিত কৰিছে। বৰ্তমান ভাৰতীয় ৰেলৱেৰ ১০০ ৰ পৰা ১৫০ টা কাউণ্টাৰত আৰম্ভ হৈছে এই সেৱা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ