নানান কাৰণত চুলি সৰিব পাৰে, তাৰ মাজত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ এক গুৰুত্বপূৰ্ণ কাৰণ৷ শৰীৰত প্ৰয়োজনীয় পুষ্টিৰ ঘাটি হ’লে চুলিৰ স্বাস্থ্য বেয়া হয় আৰু চুলি সৰিবলৈ আৰম্ভ কৰে৷ শৰীৰত কি কি ঘাটি হ’লে চুলি সৰে?
আয়ৰণঃ আয়ৰণ আমাৰ শৰীৰৰ লোহিত ৰক্তকণিকা তৈয়াৰৰ বাবে অপৰিহাৰ্য, যিয়ে অক্সিজেন বহন কৰে৷ শৰীৰৰ সমস্ত কোষলৈ সৰবৰাহ হয়, যাৰ মাজত চুলিৰ ফলিকলো আছে৷ চুলিৰ ফলিকলে পৰ্যাপ্ত অক্সিজেন আৰু পুষ্টি নাপালে চুলিৰ বৃদ্ধি ব্যাহত হয় আৰু চুলি দুৰ্বল হৈ সৰিবলৈ ধৰে৷ আয়ৰণৰ অভাৱজনিত ৰক্তল্পতা চুলি সৰাৰ অন্যতম প্ৰধান কাৰণ৷ বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত এই সমস্যা হয়৷
বায়োটিন বা ভিটামিন বি৭ঃ বায়োটিন বি কমপ্লেক্স ভিটামিনৰ এটা অংশ৷ ই কেৰাটিন নামক প্ৰটিন উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ কেৰাটিনে আমাৰ চুলি, চাল আৰু নখৰ গঠনৰ প্ৰধান উপাদান৷ বায়োটিনে চুলিৰ স্বাস্থ্য বজায় ৰখা, চুলিৰ বৃদ্ধি ত্বৰান্বিত কৰা আৰু চুলিক শক্তিশালী কৰাত সহায় কৰে৷ বায়োটিনৰ অভাৱ হ’লে কেৰাটিনৰ উৎপাদন কমি যায়, যাৰ ফলত চুলি দুৰ্বল, ভংগুৰ আৰু পাতল হৈ পৰে৷ চুলি সৰাও বৃদ্ধি পায়৷
জিংকঃ জিংক এবিধ অপৰিহাৰ্য খনিজ যি চুলিৰ টিছুৰ বৃদ্ধি আৰু মেৰামতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ এয়া চুলিৰ ফলিকলৰ তৈল গ্ৰন্থিসমূহৰ কাৰ্যকাৰিতা বজায় ৰখাতো সহায় কৰে৷ জিংক কোষ বিভাজন, প্ৰটিন সংশ্লেষণ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিসহ শৰীৰৰ বহু গুৰুত্বপূৰ্ণ কামৰ সৈতে জড়িত যি পৰোক্ষভাৱে চুলিৰ স্বাস্থ্যক প্ৰভাৱিত কৰে৷ জিংকৰ অভাৱত চুলিৰ বৃদ্ধি কমি যাব পাৰে, চুলি শুষ্ক আৰু ভংগুৰ হৈ পৰে আৰু চুলি সৰা বাঢ়ি যায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















