• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অলিম্পিকত মহিলা বক্সিঙত নমা খেলিভ সঁচাকৈয়ে মহিলা নহয় নেকি? ৪৬ছেকেণ্ডতেই কিয় নেখেলাৰ সিদ্ধান্ত ল’লে ইটালীৰ খেলুৱৈয়ে?

অলিম্পিকত মহিলা বক্সিঙত নমা খেলিভ সঁচাকৈয়ে মহিলা নহয় নেকি? ৪৬ছেকেণ্ডতেই কিয় নেখেলাৰ সিদ্ধান্ত ল’লে ইটালীৰ খেলুৱৈয়ে?

2 years ago
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

20 minutes ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

1 hour ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

4 hours ago
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

4 hours ago
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

5 hours ago
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

6 hours ago
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

6 hours ago
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

7 hours ago
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

7 hours ago
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

7 hours ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

8 hours ago
সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অলিম্পিকত মহিলা বক্সিঙত নমা খেলিভ সঁচাকৈয়ে মহিলা নহয় নেকি? ৪৬ছেকেণ্ডতেই কিয় নেখেলাৰ সিদ্ধান্ত ল’লে ইটালীৰ খেলুৱৈয়ে?

অলিম্পিকত মহিলা বক্সিঙত যুঁজত নামিছে এজন পুৰুষ! ৪৬ছেকেণ্ডত কেনেকৈ ধৰা পৰিল মহিলাৰূপী পুৰুষ খেলুৱৈগৰাকী?

editor by editor
August 2, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব
0
অলিম্পিকত মহিলা বক্সিঙত নমা খেলিভ সঁচাকৈয়ে মহিলা নহয় নেকি? ৪৬ছেকেণ্ডতেই কিয় নেখেলাৰ সিদ্ধান্ত ল’লে ইটালীৰ খেলুৱৈয়ে?
0
SHARES
50.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বক্সিং ৰিঙত নামি ৪৬ ছেকেণ্ডৰ ভিতৰতেই নাম প্ৰত্যাহাৰ৷ ইটালীৰ মহিলা বক্সাৰ এঞ্জেলিনা কাৰিনিয়ে পেৰিছ অলিম্পিকত ল’লে এই সিদ্ধান্ত৷ আঘাত লগাৰ কাৰণে এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈ পৰিছে বুলি জনালেও তেওঁ ৰিং এৰি যোৱাক লৈ তৈয়াৰ হৈছে নতুন বিতৰ্ক৷ কাৰিনি খেলত নামিছিল আলজেৰিয়াৰ ইমান খেলিফৰ বিৰুদ্ধে৷ তেওঁক লৈয়েই এতিয়া উঠিছে একাধিক প্ৰশ্ন৷

২০২৩চনত বিশ্ব চেম্পিয়নশ্বিপত খেলিফে নিজকে মহিলা বুলি প্ৰমাণ কৰিব নোৱাৰিলে৷ কিন্তু বিশ্ব অলিম্পিক্স সংস্থাই খেলিফক খেলিবলৈ দিয়ে৷ কাৰিনিয়ে এই সন্দৰ্ভত কয়, ‘খেলিফৰ ঘোচাত প্ৰচণ্ড জোৰ আছে৷ নিজৰ সমগ্ৰ কেৰিয়াৰত ইমান জোৰে ঘোচা কাৰোপৰা খোৱা নাই৷ আনকি ৪৬ ছেকেণ্ডৰ যুঁজত কাৰিনিৰ নাকৰ পৰা তেজ ওলাই আহে৷ ৰিঙৰ মাজতেই তেওঁ কান্দোনত ভাঙি পৰে৷

২০২২ চনত খেলিফ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক পাইছিল৷ আন্তৰ্জাতিক বক্সিং সংস্থাই জনোৱা অনুসৰি তেওঁ মহিলা হিচাপে নিজকে প্ৰমাণ কৰিব নোৱাৰিলে৷ বিগত বছৰত সেয়ে দিল্লীত বিশ্ব চেম্পিয়নশ্বিপত তেওঁৰ মেচ বাতিল হৈছিল৷ কিন্তু অলিম্পিক্স সংস্থাই খেলিফৰ খেলাৰ অনুমতি দিয়ে৷

ইটালীৰ মহিলা বক্সাৰে ৪৬ ছেকেণ্ডত নাম তুলি লোৱাৰ পাছতেই আকৌ এবাৰ খেলিফক লৈ উঠিছে প্ৰশ্ন৷ হেৰি পটাৰৰ লেখিকা জে কে ৰাওলিঙে এই সন্দৰ্ভত কয়, ‘এজন পুৰুষে এগৰাকী মহিলাক মাৰিছে, বিনোদনৰ বাবে সেয়া আপোনালোকে ল’ব পাৰে কিন্তু এয়া উচিত হোৱা নাই৷’ কেৰিনিয়ে মেচত শেষতো খেলিফৰ সৈতে হেণ্ডচেক নকৰিলে৷

বক্সিঙৰ এটা মেচত তিনিটাকৈ ৰাউণ্ড থাকে৷ প্ৰতিটো ৰাউণ্ড হয় ৩মিনিটৰ বাবে৷ কিন্তু মেচ আৰম্ভ হোৱাৰ ৪৬ছেকেণ্ডৰ পাছতেই নেখেলো বুলি হাত দাঙি দিয়ে কেৰিনিয়ে৷ খেলিফৰ ঘোচাত নাকৰ পৰা তেজ ওলোৱা আৰম্ভ হৈছিল কেৰিনিৰ৷ কেৰিনিয়ে কয়, ‘মোৰ নাকত প্ৰচণ্ড জোৰত ঘোঁচা পৰিছিল৷ এটা পাঞ্চতেই নাকেৰে তেজ ওলাই আহে৷ সেয়ে ভাৱিলো মই নেখেলাটোৱেই ভাল হ’ব৷’

এই ঘটনাত অসন্তুষ্ট ইটালীৰ প্ৰধানমন্ত্ৰীও৷ জিয়োৰাজিয়া মেলোনিয়ে ঘটনাক লৈ কয়, ‘মোৰ মতে সকলো খেলুৱৈকে জীনগতভাৱে মহিলা নে পুৰুষ সেই পৰীক্ষা কৰিহে ইভেণ্টত নামিবলৈ দিব লাগে৷ কাকো পৃথক কৰিবলৈ এই কথা কোৱা নাই৷ মহিলাৰ সুৰক্ষাৰ কথা ভাৱিহে এই কথা কৈছো৷ তেওঁলোকক নিজৰ মাজত যুঁজ কৰাৰ সুযোগ পাবৰ বাবেই এই কথা কৈছো৷’

খেলিফৰ লৈ বহু প্ৰশ্ন উত্থাপণ হোৱাৰ পাছতেই মুখ খুলিছে আন্তৰ্জাতিক অলিম্পিক সংস্থাৰ মুখপাত্ৰ মাৰ্ক এডামে৷ তেওঁ কয়, ‘ছোৱালীৰ খেলত যিসকল নামিছে সকলোবোৰেই মহিলা৷ প্ৰত্যেকৰে পাছপৰ্টত মহিলা বুলিয়েই উল্লেখ আছে৷ সেয়ে তেওঁলোকক খেলিবলৈ দিয়া হৈছে৷’ আলজেৰিয়াৰ অলিম্পিক সংস্থাৰ এজন সদস্যই কয়, ‘আমাৰ খেলুৱৈসকলক অন্যায়ভাৱে আক্ৰমণ কৰা হৈছে৷ বিদেশী সংবাদমাধ্যমেই এই কাম কৰিছে৷’

আন্তৰ্জাতিক বক্সিং সংস্থাই এই সন্দৰ্ভত জনাই যে, খেলিফা জিনগতভাৱে পুৰুষ৷ তেওঁলোকৰ পক্ষৰ পৰা এই দাবী কৰা হৈছিল৷ কিন্তু খেলিফাই তেওঁলোকক এই কথাৰ বাবেই কোৰ্ট অফ আৰবিট্ৰেছন ফৰ স্পৰ্টছত গোচৰ তৰে৷ পাছলৈ অৱশ্যে তেওঁ সেই গোচৰ নিজেই উঠাইয়ো লয়৷ তাৰপাছতেই অলিম্পিকৰ মহিলা বিভাগত খেলিবলৈ পেৰিছলৈ যায় খেলিফা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

September 18, 2026
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট
বিনোদন

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

September 18, 2026
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক
জীৱনশৈলী

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

September 18, 2026
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!
জীৱনশৈলী

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

September 18, 2026
Next Post
‘Waiting with open arms @dir_ed মোলৈ চাহ বিস্কুট ৰাখিবা…’ মাজনিশা ৰাহুল গান্ধীৰ টুইট, চক্ৰবেহু মন্তব্যৰ বাবেEDৰ জেৰাৰ সন্মুখীন হ’ব ৰাহুল গান্ধী!

‘Waiting with open arms @dir_ed মোলৈ চাহ বিস্কুট ৰাখিবা...’ মাজনিশা ৰাহুল গান্ধীৰ টুইট, চক্ৰবেহু মন্তব্যৰ বাবেEDৰ জেৰাৰ সন্মুখীন হ’ব ৰাহুল গান্ধী!

চৰকাৰী চিকিৎসালয়ত ১০৭টা বিভিন্ন পৰীক্ষাৰ দামবৃদ্ধি, ১ আগষ্টৰ পৰা চৰকাৰী চিকিৎসালয়ৰ কি কি শিতানত বাঢ়িল দাম?

চৰকাৰী চিকিৎসালয়ত ১০৭টা বিভিন্ন পৰীক্ষাৰ দামবৃদ্ধি, ১ আগষ্টৰ পৰা চৰকাৰী চিকিৎসালয়ৰ কি কি শিতানত বাঢ়িল দাম?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.