গৰমকালৰ অন্যতম জনপ্ৰিয় ফল কঁঠাল৷ পকা কঁঠাল খোৱাৰ পাছত বেছিভাগ মানুহেই তাৰ বীজ পেলাই দিয়ে৷ কিন্তু কঁঠালতকৈ তাৰ বীজৰে স্বাস্থ্যৰ বাবে উপকাৰী৷ অসমত বহুতেই কঁঠালৰ বীজ পাচলি হিচাপে খায়৷ বিজ্ঞানীয়েও কৈছে যে এই সাধাৰণ কঁঠালৰ বীজতেই আছে গুৰুত্বপূৰ্ণ পুষ্টিগুণ৷ সাম্প্ৰতিক গৱেষণাত দেখা গৈছে যে কঁঠালৰ বীজ উদ্ভিজ্জ প্ৰটিনৰ খুবেই ভাল উৎস হ’ব পাৰে৷ স্বাস্থ্য সচেতন মানুহ আৰু খাদ্য গৱেষকসকলৰ মাজত নতুনকৈ কঁঠালৰ বীজক লৈ আগ্ৰহ তৈয়াৰ হৈছে৷
বিশেষজ্ঞৰ মতে বৰ্তমান সমগ্ৰ বিশ্বত প্লেণ্ট প্ৰটিন বা উদ্ভিদৰ পৰা পোৱা প্ৰটিনৰ চাহিদা দ্ৰুত বাঢ়িছে৷ বহুতেই এতিয়া মাংস, কণী বা প্ৰাণীজ খাদ্যৰ পৰিবৰ্তে স্বাস্থ্যকৰ আৰু পৰিবেশবান্ধৱ বিকল্প বিচাৰিছে৷ সেই স্থানত কঁঠালৰ বীজ হ’ব পাৰে খুবেই সস্তা আৰু সহজলভ্য এক উপাদান৷
গৱেষণাত জনা গৈছে যে কঁঠালৰ বীজত আছে ভাল পৰিমাণ প্ৰটিন, ফাইবাৰ আৰু শৰীৰৰ বাবে প্ৰয়োজনীয় নানান খনিজ উপাদান৷ ইয়াত আয়ৰণ, পটাচিয়াম, মেগনেছিয়াম আৰু ভিটামিন বি কমপ্লেক্সো পোৱা যায়৷ এইসমূহে শৰীৰৰ শক্তি বঢ়োৱাত সহায় কৰে আৰু পেশী মজবুত ৰখাতো উপকাৰী৷ ইয়াৰোপৰি কঁঠালৰ বীজত থকা ফাইবাৰে হজমশক্তি ভালে ৰখাত সহায় কৰে৷ যাৰ কোষ্ঠকাঠিন্য বা হজমৰ সমস্যা আছে তেওঁলোকৰ বাবেও ই উপকাৰী হ’ব পাৰে৷ দীৰ্ঘ সময় পেট ভৰি থাকে আৰু ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে এই বীজে৷
স্বাস্থ্য বিশেষজ্ঞৰ মতে ডায়বেটিছ ৰোগীসকলৰ বাবেও কঁঠালৰ বীজ উপকাৰী হ’ব পাৰে৷ কাৰণ ই দ্ৰুত ৰক্ত শৰ্কৰাৰ মাত্ৰা নবঢ়ায়৷ যাৰ কিডনিৰ সমস্যা আছে তেওঁলোকে বেছি পৰিমাণে খোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷ কেৱল ঘৰুৱা ৰন্ধনেই নহয় বিভিন্ন খাদ্য সংস্থাইয়ো কঁঠালৰ বীজক লৈ কাম আৰম্ভ কৰিছে এই বীজ শুকাই গুৰি কৰি আটা, বিস্কুট, স্নেকছ আনকি প্ৰটিন পাউডাৰ তৈয়াৰৰ চেষ্টাও কৰিছে৷ বিজ্ঞানীসকলৰ মতে ভৱিষ্যতে ই নিৰামিষ প্ৰটিনৰ ডাঙৰ উৎস হৈ উঠিব পাৰে৷
ৰন্ধনত অসমীয়াই বহুদিনৰ পূৰ্বৰে পৰাই এই বীজ খাই আহিছে৷ কিন্তু ইমানদিনে খালেও কেতিয়াও এই খাদ্যক ইমান গুৰুত্বসহকাৰে লোৱা নাই৷ ছুপাৰফুড হিচাপেও চোৱা নাই এই খাদ্যক৷ বিশেষজ্ঞৰ মতে পুষ্টিগুণ আৰু কম খৰচত পোৱা এই বীজ অদূৰ ভৱিষ্যতে বৃহৎ উদ্ভিজ্জ প্ৰটিন হিচাপে বিশ্বত প্ৰতিষ্ঠা লাভ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















