অসম লাইভ ২৪ঃ সৰিয়হৰ ডুলিতে ভূত। ৰাজ্য প্ৰশাসনৰ হৃৎপিণ্ডস্বৰূপ দিছপুৰৰ জনতা ভৱনত দালালৰাজ। মুখ্যমন্ত্ৰীক সাক্ষাতৰ বাবদ দিব লাগে ৫ হাজাৰ টকা। এই বিস্ফোৰক অভিযোগ ডিব্ৰুগড়ৰ এগৰাকী ভুক্তভোগী মহিলাৰ।
৪ আগষ্টত মহিলাগৰাকী আহিছিল জনতা ভৱনলৈ। উদ্দেশ্য মুখ্যমন্ত্ৰীক সাক্ষাৎ। সদৌ অসম উন্নয়ন প্ৰাধিকৰণৰ কর্মচাৰী স্বামীৰ হেনো ৩৬ মাহে দৰমহা হোৱা নাই। লাভ কৰা নাই অন্যান্য সা-সুবিধা। দীর্ঘদিন ধৰি স্বামীৰ দৰমহা অবিহনে ভীষণ সমস্যাত পৰি মুখ্যমন্ত্ৰীৰ পৰা সমস্যাৰ পৰিত্ৰাণৰ উপাই বিচাৰিবলৈ মহিলাগৰাকী আহিছিল জনতা ভৱনলৈ। এনেতে লম্ভিলে এজন দালালে। দালালজনৰ নাম ভূপেন হাজৰিকা। ভূপেন হাজৰিকা হেনো আবকাৰী বিভাগৰ কর্মচাৰী। ক্ৰীড়া আৰু যুৱ কল্যাণ, সাংস্কৃতিক পৰিক্ৰমা, শক্তি আৰু পর্যটন আদি দপ্তৰৰ মন্ত্ৰী বিমল বৰাক সাক্ষাৎ কৰিব বুলি বিমল বৰাৰ পি এৰ জৰিয়তে দালাল ভূপেন হাজৰিকাই এখন প্ৰৱেশ পত্ৰ হেনো যোগাৰ কৰি দিয়ে মহিলাগৰাকীক আৰু মুখ্যমন্ত্ৰীৰ সাক্ষাৎ নিশ্চিত কৰে। তাৰ বিনিময়ত মহিলাগৰাকীৰ পৰা অবৈধ সাক্ষাৎ মাচুল সংগ্ৰহ কৰে ৫ হাজাৰ টকা। সমস্যা জর্জৰ মহিলাগৰাকীয়ে উপায়হীন হৈ ৫ হাজাৰ টকা দিয়ে দালাল ভূপেন হাজৰিকাক। সেই মর্মে মুখ্যমন্ত্ৰীৰ সাক্ষাৎ লাভ কৰে। ভুক্তভোগী মহিলাগৰাকীয়ে এনেদৰেই বর্ণনা কৰিলে সমগ্ৰ ঘটনা।
কিন্তু প্ৰশ্ন উঠে কেৱল ভূপেন হাজৰিকাই নে? বিভাগে বিভাগে জনতা ভৱন দালালেৰে ভৰি থকাৰ দীর্ঘদিনীয়া অভিযোগ আছে। দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি ঘোষণা কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ সোঁৱে-বাৱেঁ জনতা ভৱনত দালালৰাজ গঢ়ি উঠাৰ গুৰুতৰ অভিযোগ উঠিছে। এই সন্দর্ভত মুখ্যমন্ত্ৰীয়ে কি মন্তব্য দিয়ে আৰু কি কার্যপন্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ