আধুনিক যুগত ক্ষণে ক্ষণে সলনি হয় মানুহৰ ৰুচি৷ নিয়মৰ বাহিৰলৈ ওলাই জীৱনযাপন কৰাৰ স্বাচ্ছন্দ্যবোধ কৰে বহুতেই৷ বিবাহৰ ক্ষেত্ৰতো তেনেকৈ কিবা ব্যতিক্ৰম কৰি ভালপায় বহুজনে৷ কোনোৱে নিজকেই নিজে বিয়া কৰাই যদি সুখী হৈছে, কোনোৱে আকৌ বাচি লৈছে ৰবট সংগী৷ তেনে এজন যুৱকেই ভাৰ্চুৱেল পত্নীৰ সৈতে সংসাৰ কৰি ভাইৰেল হৈছে৷ যুৱকজন জাপানৰ৷ ভাৰ্ছুৱেল পত্নীৰ সৈতে তেওঁ সংসাৰ কৰা ৬ বছৰ হ’ল৷ ৬বছৰীয়া বৰ্ষপূৰ্তিৰ বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত৷
আন্তৰ্জাতিক সংবাদমাধ্যমৰ সূত্ৰৰ খবৰ অনুসৰি ৪১ বছৰ বয়সীয়া অকিহিকো কোণ্ডো নামৰ যুৱকে ২০১৮ চনত হাটছুন মিকুৰ সৈতে ভাৰ্ছুৱেলী বিবাহ বন্ধনত আৱদ্ধ হৈছে৷ ৪ নৱেম্বৰত তেওঁলোকৰ বিবাহবাৰ্ষিকী আছিল৷ ৬বছৰে কাল্পনিক পত্নীৰ সৈতে তেওঁৰ দাম্পত্য জীৱন৷ বিবাহৰ ৬ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে কেক কাটি উদযাপন কৰিছে কোণ্ডোৱে৷ মিকুৰ মূৰ্তি কাষত ৰাখি কেকৰ ছবি শ্বেয়াৰ কৰিছে জাপানী যুৱক অকিহিকোৱে৷ তেওঁৰ কেকত লিখা আছিল, ‘মই মিকুক খুব ভালপাওঁ৷ শুভ ষষ্ঠ বিবাহবাৰ্ষিকী৷’
অকিহিকোৰ সেই ছবি এতিয়া সমগ্ৰতে ভাইৰেল৷ সংবাদমাধ্যমক কোণ্ডোৱে দিয়া সাক্ষাৎকাৰত তেওঁ কৈছে, ‘একাধিকবাৰ মই প্ৰেমৰ সম্পৰ্কত আৱদ্ধ হ’ব বিচাৰিছিল৷ ৭বাৰ প্ৰেমৰ কথা জনাইছো পছন্দৰ মানুহক৷ কিন্তু বাৰে বাৰে প্ৰত্যাখান পাইছো৷ আনকি বন্ধুৰ পৰাও ঠাট্টা, মস্কৰা শুনিছো৷ অৱশেষত ভাৰ্ছুৱেল মিকুকেই বিয়া কৰোৱাৰ সিদ্ধান্ত লও৷’
মিকু এটা এনিমেছন চৰিত্ৰ৷ ২০০৭ চনত এই এনিমেছন চৰিত্ৰটো প্ৰথমবাৰ মুক্তি পাইছিল৷ ভোকালয়েড হৈছে এক ধৰণৰ গানৰ ভয়েছ চিন্থেচাইজাৰ ছফ্টৱেৰ৷ মিকুক দেখিৱেই ভালপাই পেলাইছিল কোণ্ডোৱে৷ সৰুৰে পৰাই এনিমেটেড চৰিত্ৰ তেওঁৰ পছন্দৰ৷ যাক লৈ সহকৰ্মীসকলেও খুব হাঁহিছিল অকিহিকোক৷ ঠাট্টা, মস্কৰা সহিব নোৱাৰি চাকৰিও বাদ দিছে অকিহিকোৱে৷ কাল্পনিক পত্নীৰ সৈতে এতিয়া খুবেই সুখৰ সংসাৰ অকিহিকোৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ