ক্ৰোধান্বিত বুমৰাহ, অনুৰাগীৰ মোবাইল কাঢ়ি দলিয়াই পেলালে, ভিডিঅ’ ভাইৰেল
সততে হাঁহি থকা ভাৰতীয় ক্ৰিকেট দলৰ ফাষ্ট বলাৰ যশেপ্ৰীত বুমৰাহৰ এক ভিডিঅ’ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। খঙত দেখা গৈছে বলাৰ গৰাকীক। বিমান বন্দৰৰ ভিতৰৰ পৰা ভাইৰেল হৈ এই ভিডিঅ’।
ভিডিঅ’ত দেখা অনুসৰি বিমান বন্দৰত চেক ইনৰ বাবে থিয় থকা সময়তে এগৰাকী অনুৰাগীয়ে হঠাতে বিনা অনুমতিত বুমৰাহৰ সৈতে ছেলফী লবলৈ ধৰে। বুমৰাহে মানা কৰাৰ পাছতো অনুৰাগী গৰাকীয়ে কথা নুশুনাত শেষত খঙত অনুৰাগীৰ মোবাইল কাঢ়ি দূৰলৈ দলিয়াই পেলাই বুমৰাহে। সেই সময়ৰে ভিডিঅ’ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
এই ভিডিঅ’ভাইৰেল হোৱাৰ পাছতে এতিয়া বহু লোকে বুমৰাহৰ এনে ব্যৱহাৰ ঠিক হোৱা নাই কোৱাৰ লগতে কিছু লোকে অহংকাৰী বুলি আখ্যা দিছে । পাছে ভিডিঅ’ক দেখা অনুসৰি অনুৰাগীক মানা কৰাৰ পাছতো ফটো তুলি থকা বাবে বুমৰাহক সঠিক কাম কৰা বুলি আখ্যা দিছে।
https://x.com/Goatlified/status/2001166193772958157?s=20
উল্লেখ্য যে, বৰ্তমানে বুমৰাহ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচৰ অংশ। কটকত অনুষ্ঠিত হোৱা প্ৰথমখন মেচত বুমৰাহে কেৱল ১৭ ৰান দি ২ টা উইকেট দখল কৰিছিল। পাছত মুল্লানপুৰত এটাই উইকেট লাভ নকৰে। ধৰ্মশালাত অনুষ্ঠিত হোৱা তৃতীয়খন মেচ কোনো ব্যক্তিগত কাৰণৰ বাবে খেলৰ অংশ নহয়। আনহাতে লক্ষ্ণৌৰ চতুৰ্থখন মেচ ঘন কুঁৱলিৰ বাবে বাতিল হয়।
এতিয়া ৫ম খন তথা শেষৰখন মেচ আহমেদাবাদত ১৯ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হব। বৰ্তমানলৈ এই চিৰিজত ভাৰত ২-১ ত আগবাঢ়ি আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















