• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্কুটীত চলাওতে ঘূৰি নোচোৱা ‘ৰাজু দা’ একেবাৰে গ’লগৈ…

স্কুটীত চলাওতে ঘূৰি নোচোৱা ‘ৰাজু দা’ একেবাৰে গ’লগৈ…

2 years ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

4 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

5 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

6 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

7 hours ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

9 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

9 hours ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

10 hours ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

11 hours ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

11 hours ago
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

12 hours ago
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

1 day ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

স্কুটীত চলাওতে ঘূৰি নোচোৱা ‘ৰাজু দা’ একেবাৰে গ’লগৈ…

বিশিষ্ট অভিনেতাগৰাকীয়ে আজি নিশা শেষ নিশ্বাস ত্যাগ কৰে

editor by editor
December 16, 2023
in Uncategorized
0
স্কুটীত চলাওতে ঘূৰি নোচোৱা ‘ৰাজু দা’ একেবাৰে গ’লগৈ…
0
SHARES
768
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ মানুহজন আছিল আপোনভোলা। অহংকাৰ, ভেম আদিবোৰ উপাদানে কেতিয়াও ক্ৰিয়া কৰিব নোৱাৰা মানুহজনেই আছিল ৰাজু দা। ঘপককৈ কেতিয়াবা তেওঁ স্কুটীখন পাৰ হওতে, পিচফালৰ পৰা কোনোবাই যদি ৰাজু দা বুলি ছিঞৰিছিল, ঘূৰি নোচোৱাকৈ হাত দাঙি তেওঁ দিছিল সহাৰি।

জয়ন্ত দাস, নামেই যাৰ পৰিচয়। কেইবাটাও দশক অসমীয়া ছবিজগতক অভিনয়েৰে সমৃদ্ধ কৰা বিশিষ্ট অভিনেতাগৰাকীয়ে আজি নিশা শেষ নিশ্বাস ত্যাগ কৰে। লক্ষাধিকজনৰ প্ৰাৰ্থনাক নস্যাত কৰি নিয়তি কাঢ়ি নিলে অসমীয়া ছবিজগতৰ সকলোৰে মৰম আৰু আদৰৰ ৰাজু দাক।

বলিষ্ঠ তথা সাৱলীল অভিনয়েৰে অভিনয় জগতত নিজৰ বাবে এখন সুকীয়া আসন সৃষ্টি কৰিছিল জয়ন্ত দাসে। অভিনেতা হোৱাৰ মুঠেই ইচ্ছা নথকা জয়ন্ত দাস এগৰাকী ক্ৰিকেটাৰ হোৱাৰ সপোনহে পুহি ৰাখিছিল। সেইসময়ত অসম ক্ৰিকেট সন্থাৰ সৈতে ওতপোতভাৱে জড়িত হৈ থকা পিতৃ পুলিন চন্দ্ৰ দাসেও জয়ন্ত দাসক ক্ৰিকেটাৰ হিচাপেই চাব বিচাৰিছিল। কিন্তু সময়ে জয়ন্ত দাসক অভিনয়ৰ বাটলৈ টানি আনিছিল।

১৯৬৯চনৰ গুৱাহাটীত জন্মগ্ৰহণ কৰা জয়ন্ত দাসে মূল চৰিত্ৰত অভিনয় কৰা ভাড়াঘৰ শীৰ্ষক ধাৰাবাহিকখন আছিল এখন অন্যতম জনপ্ৰিয় ধাৰাবাহিক। সকলো চৰিত্ৰতে খাপ খাই পৰা বলিষ্ঠ অভিনেতাগৰাকীয়ে আই কত নাই, কন্যাদান, ভূমিপুত্ৰ, জোন জলে কপালত, বুকুৰ মাজত জ্বলে আদি ছবিত কৰা অভিনয় কোনে পাহৰিব পাৰে। কাদম্বৰী, মন, নায়ক আদি ছবিতো তেওঁ কৰা অভিনয়ক লৈ সকলোৱে শলাগ লৈছিল। শেহতীয়াকৈ বহুকেইটা কামত ব্যস্ত থকা জয়ন্ত দাস হঠাতে অসুস্থ হৈ পৰিছিল। সংকটজনক অৱস্থাত মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ এপ’ল’ হস্পিতালত ভৰ্তি কৰা হৈছিল অভিনেতাগৰাকীক।

যকৃতজনিত ৰোগত আক্ৰান্ত হৈ যোৱা ১০ডিচেম্বৰৰ পৰা হস্পাতালৰ বিচনাত অহৰহ মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে অভিনেতাগৰাকীয়ে। অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰা লগে লগে সমগ্ৰ ৰাজ্যতে শোকাকূল পৰিৱেশে বিৰাজ কৰিছে। বেলেগক হহুৱাই সহজ-সৰলকৈ ওৰেটা জীৱন কটোৱা অভিনেতাগৰাকীয়ে মাত্ৰ ৫৪বছৰ বয়সত সকলোকে কন্দুৱাই গলগৈ অজানা দেশলৈ, যি দেশত নাই উভতি অহাৰ বাট…

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?
Uncategorized

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

January 16, 2026
বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?
Uncategorized

বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?

January 1, 2026
আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক
Uncategorized

আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক

December 16, 2025
মৃত্যুমুখত লাখ লাখ নক্ষত্ৰ, ৰাক্ষসৰ দৰে গিলি খাইছে গ্ৰহ, পৃথিৱীও এনেকৈ সূৰ্যগ্ৰাসত নিশ্চিহ্ন হ’ব নেকি?
Uncategorized

মৃত্যুমুখত লাখ লাখ নক্ষত্ৰ, ৰাক্ষসৰ দৰে গিলি খাইছে গ্ৰহ, পৃথিৱীও এনেকৈ সূৰ্যগ্ৰাসত নিশ্চিহ্ন হ’ব নেকি?

November 18, 2025
Next Post
জীৱনত এনে কাম কৰিব লাগে, যাতে শশ্মানত মানুহৰ ভিৰ হয়…

জীৱনত এনে কাম কৰিব লাগে, যাতে শশ্মানত মানুহৰ ভিৰ হয়...

লোকচান আপোনাৰ, যদিহে ৩১ডিচেম্বৰৰ পূৰ্বে নকৰে এই ৩টা কাম…

লোকচান আপোনাৰ, যদিহে ৩১ডিচেম্বৰৰ পূৰ্বে নকৰে এই ৩টা কাম...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.