অসম লাইভ ২৪ঃ সকলো জল্পনা-কল্পনা, উৎকন্ঠা, চৰ্চা আৰু বিতৰ্কৰ অৱসান ঘটাই আমেৰিকাৰ ৪৬ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰিলে জ’ বাইডেনে। জ’ বাইডেনৰ শপত লোৱাৰ পাছতে এতিয়া চৰ্চালৈ আহিছে এজন প্ৰৱাসী ভাৰতীয়ৰ নাম। আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে জ’ বাইডেনে দিয়া প্ৰথমটো ভাষণ প্ৰস্তুত কৰিলে ভাৰতীয় বংশোদ্ভৱ বিনয় ৰেড্ডীয়ে। উল্লেখযোগ্য যে, জ’ বাইডেন উপৰাষ্ট্ৰপতি হিচাপে ২০১৩ চনৰ পৰা ২০১৭ চনলৈ কাৰ্যভাৰ লোৱাৰ সময়চোৱাতো ভাষণ প্ৰস্তুত কৰিছিল বিনয় ৰেড্ডীয়ে। তেলেংগনাৰ কাৰিমনাগাৰ জিলাৰ প’থিৰেডীপেতা গাঁৱৰ নিৱাসী বিনয় ৰেড্ডীৰ পিতৃয়ে ১৯৭০ চনত আমেৰিকালৈ যাত্ৰা কৰিছিল। তেতিয়াৰে পৰা আমেৰিকাৰ নিৱাসী ৰেড্ডীৰ পৰিয়াল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ