অসম লাইভ২৪ঃ বিজেপিত যোগদান নকৰিলে ঘৰত বুলড’জাৰ চলিব৷ মধ্যপ্ৰদেশৰ পঞ্চায়ত মন্ত্ৰী মহেন্দ্ৰ সিং চিচ’ডিয়াৰ এটা বিশেষ ভাষ্য দেশজুৰি ভাইৰেল৷ ৰাঘোগড় জিলাত বিজেপিৰ এখন ৰাজহুৱা সভাত কৰা মন্ত্ৰী মহেন্দ্ৰ সিং চিচ’ডিয়াই কৰা মন্তব্যটো নেট দুনীয়াত ভাইৰেল হৈ পৰাৰ পাছতেই সৃষ্টি হৈছে বিতৰ্কৰো৷
সংবাদ সংস্থা পিটিআইয়ে জনোৱা অনুসৰি, ‘মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগ্বীজয় সিঙৰ চহৰ ৰাঘোগড়ত বিজেপি দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল মহেন্দ্ৰ৷ তাতেই কংগ্ৰেছী নেতা-কৰ্মীক উদ্দেশ্যি তেওঁ কৈছিল, ‘বিজেপিত যোগ দিয়ক৷ শাসকীয় দলক সহযোগীতা আগবঢ়াওক৷ ২০২৩ ত মধ্যপ্ৰদেশত বিজেপিৰেই চৰকাৰ হ’ব৷ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ নেতৃত্বত কিন্তু বুলডোজাৰো তৈয়াৰ কৰি থকা হৈছে৷’
উল্লেখ্য যে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰৰ পৰাই দেশত নতুন মাত্ৰা পাইছে বুলড’জাৰে৷ মধ্যপ্ৰদেশতো বুলড’জাৰৰ হুমুকি ইতিমধ্যে আৰম্ভ হৈছে বুলি একাংশ বিৰোধীয়ে প্ৰকাশ কৰা পৰিলক্ষিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ