কৰমণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাৰ স্মৃতিক আকৌ এবাৰ মনত পেলাই দিছে কাঞ্চনজংঘা এক্সপ্ৰেছে৷ কাঞ্চনজংঘা এক্সপ্ৰেছ দুৰ্ঘটনাত বৰ্তমান পৰ্যন্ত ৫গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে৷ আহত হৈছে কেইবাজনো লোক৷ এই ঘটনাৰ খবৰ ভাইৰেল হোৱাৰ লগে লগেই আত্মীয় স্বজনে বিভিন্ন ষ্টেচনত খবৰৰ বাবে ভিৰ কৰাও পৰিলক্ষিত হৈছে৷ ইতিমধ্যেই খবৰৰ বাবে মুকলি কৰি দিয়া হৈছে কেইবাটাও হেল্পলাইন নম্বৰ৷
ৰে’ল বিভাগৰ তৰফৰ পৰা জনোৱা অনুসৰি দুৰ্ঘটনাগ্ৰস্থ কাঞ্চনজংঘা এক্সপ্ৰেছৰ যাত্ৰীসকলৰ সন্ধানৰ বাবে পৰিয়ালক সম্পূৰ্ণ সহায় কৰিব ৰে’ল বিভাগে৷ ইতিমধ্যে সহায়ৰ বাবে সাজু হৈছে হাওৰা, শিয়ালদহ, কাটিহাৰ, আলুবাড়ি, ডালখোলা, কিষাণগঞ্জ, লামডিঙকে ধৰি কেইবাটাও ষ্টেচনে মুকলি কৰি দিছে হেল্পলাইন নম্বৰ৷
শিয়ালদহ ষ্টেচনৰ হেল্পলাইন নম্বৰ- 033-23508794, 033-23833326
হাওৰা ষ্টেচনৰ হেল্পলাইন নম্বৰ- 03326413660, আৰু হাওৰা ষ্টেচনৰ অনুসন্ধান কাৰ্যালয় নম্বৰ- 033-26402242, 033-26402243
নিউ বঙাইগাওঁ ষ্টেচন ইমাৰ্জেন্সি নম্বৰ- 9435021417, 9287998179
আলুবাৰী ৰোড ইমাৰজেন্সি নম্বৰ- 8170034235
লামডিং ইমাৰজেন্সি নম্বৰ- 03674263958, 03674263831, 03674263120, 03674263126, 03674263858
বদৰপুৰ হেল্পলাইন নম্বৰ- 03843268424, 03843269546, 03843269548, 03843269547
কিষাণগঞ্জ ইমাৰজেন্সি নম্বৰ- 7542028020, 06456-226795
উল্লেখ্য যে, আ আগৰতলা (ত্ৰিপুৰা)ৰ পৰা ছিয়ালদাহ (পশ্চিম বংগ)লৈযাত্ৰা কৰিছিল কাঞ্চনজংগা এক্সপ্ৰেছ।
পুৱা প্ৰায় ৯ বজাত দুৰ্ঘটনাত পতিত হৈছে এই এক্সপ্ৰেছ৷
নিউ জলপাইগুৰি ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা, এই ঠাইখন কাটিহাৰ ৰেল সংমণ্ডলৰ অন্তৰ্গত।
১৩১৭৪ নম্বৰ কাঞ্চনজুংগা এক্সপ্ৰেছৰ সৈতে সংঘৰ্ষ হয় মালবাহী ৰে’লৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ