অসম লাইভ ২৪ঃ দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ গৈছে কৰিনা কাপুৰ খান। আনন্দৰ এই খবৰ জনালে স্বামী ছেঈফ আলী খানে। বোম্বে টাইমছক দিয়া এক্সক্লুছিভ সাক্ষাৎকাৰত ছেঈফ আলী খানে এই আনন্দৰ খবৰ জনাইছে। ছেঈফে কৈছে- মই খুবেই আনন্দিত যে আমাৰ পৰিয়াললৈ আৰু এজন সদস্য আহিব। আপোনালোকৰ ভালপোৱা আৰু সহযোগিতাৰ বাবে ধন্যবাদ।’ উল্লেখযোগ্য যে কিছুদিন ধৰি ছেঈফ আৰু কৰিনাৰ দ্বিতীয় সন্তান হোৱাৰ এক খবৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। সম্প্ৰতি আনলক আৰম্ভ হোৱাৰ পাছতে কৰিনা, ছেঈফ, টইমুৰক মেৰিন ড্ৰাইভত দেখা পোৱা গৈছিল। সেই সময়ত টইমুৰৰ মুখত মাস্ক নথকাৰ বাবে বিতৰ্কৰো সৃষ্টি হৈছিল। তেতিয়া কৰিনাই পৰিধান কৰা ধিলা পোছাকক লৈ বিভিন্নজনে কৈছিল- হয়তো কৰিনা প্ৰেগনেণ্ট। সেইবাবে এনেধৰণৰ আৰামদায়ক ধিলা পোছাক পৰিধান কৰিছে। ২০১৬ৰ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে মাতৃ হয় কৰিনা। তেওঁলোকৰ পুত্ৰ সন্তান টইমুৰ আলী খান জন্মৰ পাছৰ পৰাই চেলিব্ৰিটী। টইমুৰৰ নাম ৰখা সন্দৰ্ভতো বিতৰ্কৰ সৃষ্টি হৈছিল সেইসময়ত। প্ৰায় ৪ বছৰৰ পাছত দ্বিতীয়বাৰৰ বাবে সন্তান জন্ম দিবলৈ গৈছে কৰিনাই। ২০১৯ত বহুকেইখন হিট্ চিনেমাত অভিনয় কৰিছে কৰিনাই। বলীউডত ইতিমধ্যে ২ দশক পাৰ কৰিছে কৰিনা কাপুৰে। বিগত মাৰ্চ মাহত ইৰফান খানৰ শেষ ছবি ‘অংৰেজী মিডিয়াম’ত অভিনয় কৰিছিল কৰিনাই। বুধবাৰে ছেঈফ আলী খানে তেওঁলোকৰ দ্বিতীয় সন্তানৰ কথা প্ৰকাশ কৰিলে সংবাদ মাধ্যমত। কৰিনা আৰু ছেঈফৰ দ্বিতীয় সন্তানৰ খবৰে ‘বিটাউন’ আৰু তেওঁলোকৰ অনুৰাগীৰ মাজত আনন্দৰ বন্যা বোৱাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ