অসম লাইভ২৪ঃ দক্ষিণাত্যৰ ৰাজনীতি তোলপাৰ হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী এইছ ডি দেৱগৌড়াৰ যৌন কেলেংকাৰী সংক্ৰান্তিয় ভিডিঅ’ৰে৷ বিষয়টোক কেন্দ্ৰ কৰি অস্বস্তিত ভূগিছে বিজেপিও৷ বিজেপি দলৰ সৈতে এই ঘটনাৰ কোনো যোগসূত্ৰ নাই যদিও দক্ষিণাত্যত JD(S)-ৰ বিজেপি নেতৃত্বাধীন NDA জোঁট আছে৷ JD(S) নেতাৰ এই মাৰাত্মক কেলেংকাৰীয়ে লজ্জাত পেলাইছে বিজেপি দলকো৷
JD(S)ৰ ভিতৰুৱা কথা বুলি বিজেপিৰ নেতাসকলে ছাফাই দিলেও এই কেলেংকাৰীত জড়়িত পৰিয়ালৰ সৈতে সম্পৰ্ক থকাৰ বাবে প্রশ্নৰ সন্মুখীন হৈছে বিজেপি৷ এই ঘটনাক লৈ কৰ্ণাটকৰ এজন বিজেপি নেতাই ৰাজ্যিক সভাপতিলৈ লিখা এখন চিঠিত উল্লেখ আছে কেইবাটাও ভয়ংকৰ দাবী৷ বিষয়টোক লৈ পূৰ্বেই দলক সঁকীয়াই দিছিল বিজেপিৰ নেতাজনে৷
JD(S)ৰ সৈতে জোঁট বান্ধিলে ভৱিষ্যতে BJP ৰ মুখ কলা হোৱাৰো ইংগিত দিছিল বিজেপিৰ নেতাজনে৷ তেতিয়াই সেইগৰাকী নেতাই দাবী কৰিছিল যে কংগ্ৰেছ নেতাই পৰিকল্পিতভাৱে JD(S) নেতাৰ যৌন কেলেংকাৰীৰ ভিডিঅ’ ভাইৰেল কৰিছে৷ ভৱিষ্যতে বিষয়টোক লৈ ডাঙৰ ইছ্যু তৈয়াৰৰো সম্ভাৱনা আছে৷ এই বিষয়টোক লৈ মুখ খুলিছে JD(S)ৰ ছুপ্ৰিমো এইচ ডি কুমাৰস্বামীয়েও৷ মাতৃ-ভগ্নীসকলক উদ্দেশ্য কৰি তেওঁ আশ্বাস দিছে, ‘ভয় কৰাৰ কাৰণ নাই৷ কোনোৱে যদি দোষ কৰিছে শাস্তি পাবই৷ তেওঁ যিমানেই ডাঙৰ মানুহ নহওক কিয়? মাতৃ-ভগ্নীসকলৰ সৈতে সদায়ে JD(S) দল আছে৷’
চিঠিত কি দাবী কৰিছে নেতাজনে?
সেই বিশেষ চিঠিত বিজেপি নেতাজনে দাবী কৰিছে যে এটা পেনড্ৰাইভত ইতিমধ্যেই কংগ্ৰেছৰ হাত পৰিছে৷ সেই পেনড্ৰাইভত প্ৰায় ৩ হাজাৰ যৌন কেলেংকাৰী সংক্ৰান্তীয় ভিডিঅ’ আছে৷ প্ৰতিটো ভিডিঅ’ত মহিলাৰ সৈতে যৌন নিগ্ৰহ কৰাৰ ৰেকৰ্ড আছে বুলিও দাবী কৰিছে বিজেপিৰ নেতাগৰাকীয়ে৷
চিঠিখনত নেতাজনে দাবী কৰিছে যে ভিডিঅ’ৰ ফুটেজসমূহ মহিলাসকলক ব্লেকমেইল কৰিবলৈকে ব্যৱহাৰ কৰিছিল ৰেভান্নাই৷ এইসমূহ ভিডিঅ’ কংগ্ৰেছে যদি ভাইৰেল কৰে তেন্তে বিপদত পৰিব BJP-JD(S)৷ কৰ্ণাটক বিজেপিৰ ৰাজ্যিক সভাপতি বি-ৱাই বিজেন্দ্ৰক ৮ ডিচেম্বৰ ২০২৩ত এই চিঠি লিখিছিল দেৱৰাজ গৌড়াই৷ ২০২৩ চনত বিধানসভা নিৰ্বাচনত দলৰ হোলেন ৰছিপুৰাৰ প্ৰাৰ্থী হৈছিল দেৱগৌড়া৷ চিঠিত তেওঁ লিখিছে, ‘JD(S)ৰ এন ডি এ প্ৰাৰ্থী প্ৰজ্বল ৰেভান্নাসহ এইছ ডি দেৱগৌড়া পৰিয়ালৰ কেইবাজনো নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আছে৷ ৰেভান্নাৰ এনে এক পেন ড্ৰাইভ আছে য’ত ২৯৭৬ টা অশ্লীল ভিডিঅ’ আছে৷ ভিডিঅ’সমূহত একাধিক মহিলা চৰকাৰী কৰ্মকৰ্তাও আছে৷ যৌন নিগ্ৰহৰ ছবি আৰু ভিডিঅ’ সম্বন্ধিত এটা পেনড্ৰাইভ কংগ্ৰেছন নেতাৰ হাতত গৈ পৰিছে৷ ভৱিষ্যতে এওঁলোকক বিজেপিৰ সৈতে ৰাখিলে বিপদত পৰিব পাৰে বিজেপি দল৷ যদি আমি JD(S)ৰ সৈতে লোকসভা নিৰ্বাচনত যুঁটীয়াভাৱে প্ৰাৰ্থী দিও তেন্তে এই ভিডিঅ’সমূহ কংগ্ৰেছৰ ব্ৰহ্মাস্ত্ৰ হৈ আমাক হৰুৱাই দিয়াটো ডাঙৰ কথা নহয়৷’
উল্লেখ্য যে বিজেপিৰ নেতাগৰাকীয়ে স্পষ্টৰূপত চিঠিত লিখিছিল সাম্ভাৱ্য বিপদৰ কথা৷ ধৰ্ষকৰ পৰিয়ালৰ সৈতে জোঁট বন্ধাটো একেবাৰে বেয়া কথা হৈছে৷ এই কাৰ্যই বিজেপিৰ ভাৱমূৰ্তিৰ বাবে এক বৃহৎ ধাক্কা হ’ব৷ এই কথা পূৰ্বেই সঁকীয়াই দিছিল বিজেপি নেতাই৷ ইফালে প্ৰজ্বল ৰেভান্নাৰ যৌন কেলেংকাৰীৰ ঘটনা প্ৰকাশ্যে আহোতেই প্ৰাক্তন মুখ্যমন্ত্ৰী এই ডি কুমাৰস্বামীৰ ঘনিষ্ঠ বুলি পৰিচিত জনতা দল বা JD(S)ৰ বিধায়কে সোমবাৰে দলৰ সাংসদ প্ৰজ্জ্বল ৰেভান্নাক বহিষ্কাৰৰ দাবী জনাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ