মুম্বাইৰ ছান্টাক্ৰুজ আৰক্ষীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে বলীউডৰ অভিনেতা দম্পতী বিকি কৌশল আৰু কেটৰিনা কাইফক হত্যা কৰাৰ ভাবুকি দিয়া এজন অচিনাকি ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।
মুম্বাই আৰক্ষীয়ে জনোৱা মতে, বিকি কৌশলৰ অভিযোগৰ ভিত্তিত আই টি আইনৰ উপৰিও ভাৰতী?য় দণ্ডবিধি আইনৰ বিভিন্ন ধাৰাত ছান্টাক্ৰুজ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে। অভিযোগত কোৱা হৈছে যে এজন পুৰুষে ইনষ্টাগ্ৰামত অহৰহ ভাবুকিমূলক মেছেজ দি আছে আৰু লোকজনে বিকিৰ পত্নী তথা অভিনেত্ৰী কেটৰিণা কাইফক ফ’ল’ কৰি ভাবুকি দিছে।
লগতে পঢ়ক যৌন শক্তি বৃদ্ধিৰ বাবে দৈনন্দিন খাদ্যৰ তালিকাত কি কি খাদ্য ৰাখিব?
উল্লেখ্য যে বিকি কৌশল আৰু কেটৰিনা কাইফক বলিউদৰ অন্যতম জনপ্ৰিয় তথা প্ৰভাৱশালী দম্পতী বুলি গণ্য কৰা হয়। কে’বাবছৰ সম্পৰ্কত থকাৰ পিছত দুয়োৱে বিবাহপাশত আৱদ্ধ হৈছিল। অলপতে মালদ্বীপত আছিল ভিকি আৰু কেটৰিনা।
মালদ্বীপ হৈছে কেটৰিনা কাইফৰ অন্যতম প্ৰিয় স্থান আৰু দুয়োজনে তাতে এই কেটৰিনাৰ জন্মদিন উদযাপন কৰে। দুয়োগৰাকী তাৰকা ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় আৰু অনুৰাগীসকলৰ বাবে নিজৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ ফ’টো আৰু ভিডিঅ’ শ্বেয়াৰ কৰি থাকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ