প্ৰেমিকাক ইম্প্ৰেছ কৰিবলৈ কিছুমান প্ৰেমিকে কি কি যে নকৰে! তেনে এক অদ্ভুত কাণ্ড কৰি প্ৰেমিকৰ লটি ঘটি হোৱাৰ এক খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ এইবাৰ প্ৰেমিকাক ভালৰি লগাবলৈ গৈ একেবাৰে কাৰাগাৰ পালেগৈ এজন প্ৰেমিক৷
ঘটনাৰ বিৱৰণীৰ মতে, নতুন দিল্লীৰ বায়ুসেনা ষ্টেচনত বায়ুসেনাৰ ইউনিফৰ্ম পৰিহিত এজন যুৱকে সোমাবলৈ চেষ্টা কৰাত বিশৃংখলতাৰ সৃষ্টি হৈছিল। কিন্তু মূল গেটত থকা নিৰাপত্তাৰক্ষীয়ে যুৱকজনৰ আচৰণ দেখি সন্দেহত হোৱা আইডি কাৰ্ড বিচাৰে৷
আই কাৰ্ড বিচাৰিয়েই স্তম্ভিত হৈ পৰে কৰ্তব্যৰত নিৰাপত্তাৰক্ষীয়ে। আই কাৰ্ড বিচাৰোতে যুৱকজন এজন ভুৱা বায়ুসেনা বিষয়া বুলি সন্দেহ হয়৷ উক্ত সন্দহতে বায়ুসেনাৰ বিষয়াসকলে যুৱকজনে কঠোৰ জেৰা আৰম্ভ কৰে৷
লগতে পঢ়ক কেটৰিনা কাইফ আৰু বিকি কৌশলক হত্যাৰ ভাবুকি, কোন দিলে এই ভাবুকি?
জেৰা আৰম্ভ কৰাৰ পিছতে গম পোৱা যায় যে বায়ু সেনাৰ ইউনিফৰ্ম পিন্ধি যোৱা যুৱকজন এজন ভুৱা বায়ুসেনাৰ বিষয়া৷ আশ্বৰ্যজনক কথাটো হ’লে যে প্ৰেমিকাৰ চখ পূৰাবলৈকে যুৱকজনে এই কাণ্ড সংঘটিত কৰে৷ অৰ্থাৎ প্ৰেমিকাৰ আব্দাৰত যুৱকজনে বায়ুসেনাৰ ষ্টেচনত ইউনিফৰ্ম পিন্ধি থকা এখন ফ’টো আৰু চেল্ফি তুলিবলৈ গৈছিল৷ কিন্তু ফ’টো তোলাৰ পূৰ্বেই যুৱকজনে বায়ুসেনাৰ ষ্টেচনৰ মূল গেটত ধৰা পৰি কৰায়ত্ত হয়৷
ইয়াৰ পিছতে যুৱকজনৰ বিৰুদ্ধে তুগলাক ৰোড আৰক্ষী থানাত গোচৰ ৰুজু কৰা হয়৷ আৰক্ষীৰ মতে, ২২ জুলাইত বায়ুসেনা থানাত প্ৰৱেশ কৰি চেলফি তুলিবলৈ চেষ্টা কৰা ব্যক্তিজনৰ নাম গৌৰৱ কুমাৰ। যুৱকজন উত্তৰ প্ৰদেশৰ আলিগড় জিলাৰ বাসিন্দা।
লগতে পঢ়ক বিশ্বৰ ক্ষুদ্ৰতম দেশকেইখন কি কি? যিবোৰ দেশ ভাৰতৰ বহু গাঁওতকৈ ক্ষুদ্ৰ
আৰক্ষীয়ে ভাৰতীয় দণ্ডিবিধ আইন ১৪০, ১৭০, ১৭১, ৪৪৯ আৰু ৪৪৭ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি যুৱকজনক গ্ৰেপ্তাৰ কৰি তদন্ত তীব্ৰতৰ কৰিছে। জেৰাত যুৱকজনে কয় যে প্ৰেমিকাক ইম্প্ৰেছ কৰিবলৈ এই কাণ্ড সংঘটিত কৰে। জেৰাত তেওঁ কয় যে প্ৰেমিকাই তেওঁক এগৰাকী বায়ুসেনাৰ বিষয়া হ’বলৈ কৈছিল আৰু তেওঁ ইউনিফৰ্ম পৰিধান কৰি এয়াৰফৰ্চ ষ্টেচনলৈ চেলফি পঠিয়াবলৈ দাবী কৰিছিল।
প্ৰেমিকাৰ এই দাবী পূৰণ কৰিবলৈকে যুৱকজনে বায়ুসেনাৰ ইউনিফৰ্মটো যোগাৰ কৰি পিন্ধি চেলফি তুলিবলৈ বায়ুসেনা ষ্টেচনত উপস্থিত হয়। প্ৰেমিকাৰ দাবী পূৰণ কৰিবলৈ যুৱকজনে এতিয়া কাৰাগাৰত আৱদ্ধ হৈ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ