অসম লাইভ ২৪: বিতৰ্ক আৰু এলন মাস্ক মানেই যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷ নিজৰ কৰ্ম-কাণ্ডৰ বাবে প্ৰায় শিৰোনামত থাকে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিজন৷ এইবাৰ আন এটা বিতৰ্কত সোমাই টেছলাৰ মালিক এলন মাস্ক৷
অভিযোগ অনুসৰি গুগলৰ সহ-প্ৰতিষ্ঠাপক ছাৰ্গেই ব্ৰিনৰ পত্নী নিকোল শ্বানাহানৰ সৈতে মাস্কৰ অবৈধ প্ৰেমৰ সম্পৰ্ক৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ বাতৰি অনুসিৰ ২০২১ৰ পৰাই নিকোল শ্বানাহানৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি আহিছে মাস্কে৷ যাৰ বাবে পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গুগলৰ সহ-প্ৰতিষ্ঠাপকগৰাকীয়ে৷
প্ৰতিবেদন লগতে কোৱা হৈছে যে ব্ৰিন আৰু মাস্ক দীৰ্ঘদিন ধৰি ভাল বন্ধু আছিল। মাস্কে প্ৰায়ে ছিলিকন ভেলীৰ ব্ৰিনৰ ঘৰলৈ গৈছিল। ব্ৰিন আৰু তেওঁৰ পত্নী নিকোলৰ মাজত বিচ্ছেদ ঘটিছিল যদিও সেই সময়ত তেওঁ আৰু মাস্কৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল, তেওঁলোকে একেলগে থাকিবলৈ লৈছিল।
লগতে পঢ়ক প্ৰেমিকাক ইম্প্ৰেছ কৰিবলৈ গৈ কাৰাগাৰ পালেগৈ প্ৰেমিক, এনে কি কাণ্ড কৰিলে প্ৰেমিকে?
এই কাণ্ডৰ কিছুদিন পিছতে ব্ৰিনে পাৰস্পৰিক মতানৈক্যৰ কথা উল্লেখ কৰি জানুৱাৰী মাহত আদালতত বিবাহ বিচ্ছেদৰ বাবে আৱেদন জনায়। মাস্কৰ সৈতে থকা বন্ধুত্বৰ বাবে ২০০৮ চনত গুগলৰ সহ-প্ৰতিষ্ঠাপকগৰাকীয়ে আমেৰিকাৰ চাবপ্ৰাইম বন্ধকী সংকটৰ ফলত সৃষ্টি হোৱা বিশ্ব মন্দাৱস্থাৰ সময়ত টেছলাক জীয়াই ৰাখিবলৈ মাস্কক ৫ লাখ ডলাৰ দি সহায় কৰিছিল৷
কিন্তু বন্ধু হৈ বন্ধুৰ পিঠিত ছুৰী মৰাত ব্ৰিনে মাস্কৰ সৈতে থকা বন্ধুত্ব চ্ছেদ কৰে৷ লগতে মাস্কৰ কোম্পানীত থকা সকলো শ্বেয়াৰ উঠাই ল’বলৈ কৰ্মচাৰীক নিৰ্দেশ দিয়ে গুগলৰ সহ-প্ৰতিষ্ঠাপকগৰাকীয়ে৷
ইপিনে এলন মাস্ককে এই সকলোবোৰ অভিযোগ অস্বীকাৰ কৰে৷ এই নতুন বিতৰ্কৰ প্ৰতি সঁহাৰি জনাই ইলন মাস্কে কয়— ‘এই সকলোবোৰ ভিত্তিহীন। ছাৰ্গেই আৰু মই এতিয়াও ভাল বন্ধু আৰু যোৱা নিশা দুয়োজনেই পাৰ্টিত একেলগে আছিলো। চাৰ্গেইৰ পত্নীক যোৱা তিনি বছৰত তেওঁক মাত্ৰ ২ বাৰহে লগ পাইছিলোঁ, দুয়োবাৰেই আমাৰ চাৰিওফালে বহু মানুহ উপস্থিত আছিল। গতিকে প্ৰেমৰ প্ৰশ্নটো উত্থাপন নহয়।’
লগতে পঢ়ক ভগৱান শিৱৰ সৈতে বিষয়াক চেল্ফি উঠাৰ নিৰ্দেশ সুন্দৰী মন্ত্ৰীৰ, কিয় দিলে এই অদ্ভুদ নিৰ্দেশ?
উল্লেখ্য যে মাস্কৰ প্ৰেমিকা কণ্ঠশিল্পী গ্ৰাইমছৰ সৈতে বিচ্ছেদ ঘটাৰ কেইবামাহ পিছত নিকোল শ্বানাহানৰ সৈতে থকা সম্পৰ্কৰ কথা পোহৰলৈ আহিছে৷ গ্ৰাইমছৰ সৈতে মাস্কৰ দুটা সন্তানো আছে৷
কেৱল এয়াই নহয়, কেইসপ্তাহমানৰ আগতে বাতৰি ওলাইছিল যে ২০২১ চনৰ নৱেম্বৰত এলন মাস্কৰ কোম্পানী নিউৰালিংকৰ কৰ্মচাৰী শ্বিভন জিলিছৰ সৈতে মাস্কে গোপনে যমজ সন্তান জন্ম দিছিল।
সেয়া যি কি নহওক গুগুলৰ সহ-প্ৰতিষ্ঠাপকৰ পত্নীৰ সৈতে থকা মাস্কৰ প্ৰেমৰ সম্পৰ্ক থকা কথাই এতিয়া বিশ্বজুৰি চৰ্চা লাভ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ