বয়স মাত্ৰ ৩১ বছৰ৷ নাম তেওঁৰ কেল গ’ডী৷ বাস কৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত৷ এই বয়সতে যুৱকজনে ৪৮ টা সন্তানৰ পিতৃ হৈছে৷ তেওঁৰ শেহতীয়া সন্তানটো জন্ম হৈছে ব্ৰিটেইনত৷
এতিয়া প্ৰশ্ন হয়, কেনেকৈ ৩১ বছৰীয়া এই যুৱকজনে ৪৮ টা সন্তানৰ পিতৃ হোৱাৰ কৃতিত্ব লাভ কৰিছে?
আচলতে যুৱকজন হ’ল এজন চিৰিয়েল স্পাৰ্ম ড’নাৰ৷ অৰ্থাৎ নিয়মীয়া বীৰ্য দাতা৷ বীৰ্য দান কৰিয়েই কেল গ’ডীয়ে মাত্ৰ ৩১ বছৰ বয়সতে ৪৮ টা সন্তানৰ পিতৃ হৈছে৷
লগতে পঢ়ক পৰিয়াল আৰু সমাজে নিদিলে; আদালতে দিলে, সংসাৰ কৰিব লখিমপুৰৰ দুই যুৱতীয়ে
এক প্ৰতিবেদন অনুসৰি, কেল গ’ডীয়ে একাউণ্টেণ্ট হিচাপে কাম কৰে। এতিয়ালৈকে তেওঁ ৪৮ বাৰ শুক্ৰাণু দান কৰিছে৷ গ’ডীয়ে কয় যে মহিলাসকলে বিচাৰিলে তেওঁ ভৱিষ্যতেও শুক্ৰাণু দান কৰিব।
উল্লেখ্য যে গ’ডীয়ে ২০২১ চনৰ অক্টোবৰ মাহত ইউৰোপ ভ্ৰমণলৈ গৈছিল আৰু তেতিয়াই তেওঁ ব্ৰিটেইনৰ এহাল লেচবিয়ান দম্পতীক নিজৰ শুক্ৰাণু দান দিছিল।
তেওঁ কয় যে তেতিয়া এগৰাকী মহিলাই তেওঁৰ সৈতে ইনষ্টাগ্ৰামৰ জৰিয়তে যোগাযোগ কৰি ব্ৰিটেইনলৈ আহি শুক্ৰাণু দিবলৈ কৈছিল। ইউৰোপ ভ্ৰমণত থাকোতে মহিলাগৰাকীৰ ঘৰলৈ গৈ সৰু কাপত শুক্ৰাণু প্ৰদান কৰে।
লগতে পঢ়ক প্ৰেমিকাক ইম্প্ৰেছ কৰিবলৈ গৈ কাৰাগাৰ পালেগৈ প্ৰেমিক, এনে কি কাণ্ড কৰিলে প্ৰেমিকে?
আৰু সেই শুক্ৰাণুৰ পৰাই ২৭ জুনত এহাল লেচবিয়ান দম্পতীৰ ঘৰত ২ কেজি ৭০০ গ্ৰাম ওজনৰ এটি শিশুৰ জন্ম হয়। মহিলাগৰাকীয়ে কেঁচুৱাটোৰ ফ’টো কেললৈ প্ৰেৰণ কৰে। কেলে কয় যে ব্ৰিটেইনতো তেওঁৰ এটা সন্তান আছে বুলি ভাবিলে তেওঁ বৰ ভাল লাগে। এদিন যেতিয়া তেওঁৰ সন্তানটোৱে ব্ৰিটিছ উচ্চাৰণত কথা ক’ব পৰা হ’ব তেতিয়া তেওঁ সন্তানটোৰ কথা শুনিবলৈ আগ্ৰহী হ’ব।
কেলে কয় যে তেওঁ ২০১৪ চনৰ পৰা এই কাম আৰম্ভ কৰিছিল। প্ৰথমবাৰৰ বাবে তেওঁ কেলিফৰ্ণিয়া (আমেৰিকা যুক্তৰাষ্ট্ৰ)ত বাস কৰা এহাল লেচবিয়ান দম্পতীক তেওঁৰ শুক্ৰাণু দিছিল।
কেল গ’ডীয়ে প্ৰকাশ কৰিছে যে বাৰে বাৰে প্ৰেমত ঠগ প্ৰৱঞ্চনাৰ বলি হৈ থকাৰ বাবেই তেওঁ শুক্ৰাণু দান কৰিবলৈ আৰম্ভ কৰে। কেলে যিসকল মহিলাক তেওঁৰ শুক্ৰাণু দিছে তেওঁলোকৰ বাবে এটা হোৱাটছএপ গ্ৰুপ তৈয়াৰ কৰা হৈছে। এই গ্ৰুপত প্ৰায় ৪০ গৰাকী মহিলা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ