এক টুইটে দেশৰ ক্ৰীড়া ক্ষেত্ৰত তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অসম কন্যা অলিম্পিকৰ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইৰ এটা টুইটে দেশৰ ক্ৰীড়া ক্ষেত্ৰখনত চলি থকা লবীকেন্দ্ৰিক ৰাজনীতিক পুনৰ এবাৰ প্ৰমাণ কৰিছে৷
কাৰোবালৈ প্ৰেৰণ কৰা এক হোৱাটছএপ স্ক্ৰীণশ্বট টুইটাৰত শ্বেয়াৰ কৰিছে বক্সাৰ লাভলীনা বৰগোহাঁইয়ে৷ হোৱাটছএপ কাৰোবালৈ প্ৰেৰণ এক মেচেজত প্ৰশিক্ষকে মানসিক হাৰাশাস্তি কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে লবী পকোৱাৰ কথা স্পষ্ট হৈ পৰিছে৷
মেচেজটোত লিখিছে ‘‘আজি মই অতি দুখেৰে কৈছো যে মোক বহুত হাৰাশাস্তি কৰা হৈছে। মোক অলিম্পিক পদক লাভ কৰাত সহায় কৰা প্ৰশিক্ষক মোৰ প্ৰশিক্ষণৰ পৰা বাৰে বাৰে আঁতৰাই আছে৷ ইয়াৰে এগৰাকী দ্ৰোণাচাৰ্য্য বঁটা বিজয়ী প্ৰশিক্ষক সন্ধ্যা গুৰুঞ্জীও।’’
— Lovlina Borgohain (@LovlinaBorgohai) July 25, 2022
লগতে পঢ়ক HIGH LEVEL পৰকীয়া প্ৰেম; এলন মাস্কৰ বাবেই ভাঙিল Googleৰ সহ-প্ৰতিষ্ঠাপকৰ সংসাৰ!
অসমৰ প্ৰতিভাৱান বক্সাৰগৰাকীয়ে কমনৱেলথ গেমছলৈ আৰু মাত্ৰ ৮ দিন থকা অৱস্থাত তেওঁৰ প্ৰশিক্ষণ বন্ধ হৈ যোৱা বুলিও উল্লেখ কৰিছে৷ লাভলীনাই প্ৰশিক্ষক গুৰুঞ্জীয়ে কমনৱেলথ স্কোৱাডত পৰিদৰ্শন কৰিবলৈ যোৱা প্ৰশিক্ষকগৰাকীয়ে যোৱা দেওবাৰে ভিলেজত প্ৰৱেশ নকৰাকৈ গুচি যোৱা বুলি অভিযোগ কৰিছে৷
আনহাতে লাভলীনাই বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো দ্বিতীয়গৰাকী প্ৰশিক্ষকক ভাৰতলৈহে উভতাই পঠোৱা বুলি গুৰুতৰ অভিযোগ কৰিছে৷ যাৰ বাবে লাভনীলাই মানসিকভাৱে হাৰাশাস্তি ভোগ কৰি আহিছে৷ আনকি লাভলীনাৰ প্ৰশিক্ষণো স্তব্ধ হৈ পৰিছে৷
লাভলীনা বৰগোহাঁইয়ে তেওঁ লবীকেন্দ্ৰিক ৰাজনীতিৰ বলী হোৱা বুলিও স্পষ্টভাৱে উল্লেখ কৰিছে৷ ‘‘ৰাজনীতিৰ বাবে মই কমনৱেলথ গেমছ নষ্ট কৰিব নিবিচাৰো৷ মই আশাবাদী যে এই ৰাজনীতি ভংগ কৰি নিজৰ দেশৰ বাবে পদক দিবলৈ সক্ষম হ’ম৷’’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ