এখন ৰাজ্যৰ এগৰাকী সুন্দৰী মন্ত্ৰীয়ে ভগৱান শিৱৰ সৈতে তেওঁৰ বিভাগৰ বিষয়াসকলক চেল্ফি ল’বলৈ নিৰ্দেশ দি সমগ্ৰ দেশতে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে৷
উত্তৰাখণ্ডৰ মহিলা সৱলীকৰণ আৰু শিশু উন্নয়ন মন্ত্ৰী ৰেখা আৰ্যই শিৱৰাত্ৰীৰ দিনা শিৱলিঙত ‘জল অভিষেক’ পৰিৱেশন কৰাৰ সময়ত বিষয়াসকলে ভগৱান শিৱৰ সৈতে চেল্ফি উঠি তেওঁলৈ ফ’টো প্ৰেৰণৰ কৰাৰ বিতৰ্কিত নিৰ্দেশ দিয়াৰ পিছতে বিতৰ্কৰ সৃষ্টি হৈছে৷ মন্ত্ৰীগকাৰীয়ে মেইলৰ যোগে তেওঁৰ বিভাগৰ বিষয়াসকলক চেল্ফি ক্লিক কৰিবলৈ নিৰ্দেশ দিছে৷
ইফালে ৰাজ্যত লিংগ বৈষম্য দূৰ কৰাৰ বাবে এক সংকল্প লৈ অহা ২৬ জুলাইত কাঁৱৰীয়াসকলৰ এখন কাঁৱৰ যাত্ৰা উলিয়াব বুলি মন্তব্য কৰিছে ৰেখা আৰ্যই।
লগতে পঢ়ক বিশ্বৰ ক্ষুদ্ৰতম দেশকেইখন কি কি? যিবোৰ দেশ ভাৰতৰ বহু গাঁওতকৈ ক্ষুদ্ৰ
টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি উত্তৰাখণ্ড চৰকাৰৰ মন্ত্ৰী ৰেখা আৰ্যই বিভাগটোৰ বিষয়াসকলৈ ইমেইল যোগেদি ভগৱান শিৱৰ সৈতে তোলা নিজৰ চেলফি প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ সমান্তৰালকৈ তেওঁলোকক নিজ নিজ জিলাৰ বিষয়াৰ সৈতে হোৱাটছএপত নিজৰ নিজৰ চেলফি শ্বেয়াৰ কৰিবলৈও কোৱা হৈছে। তেওঁ কয় যে এই পদক্ষেপে ‘আজাদি কা অমৃত মহোৎসৱ’ৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ ‘বেতি বচাও আঁচনি’ প্ৰচাৰত সহায় কৰিব।
মন্ত্ৰী ৰেখা আৰ্যই হৰিদ্বাৰৰ পৰা ঋষিকেশলৈ ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘গ্ৰেণ্ড কাঁৱৰ যাত্ৰা’ৰ পৰিকল্পনাও কৰিছে, য’ত সকলো বিভাগৰ বিষয়া, আমোলা, অংগনবাড়ী কৰ্মী আৰু অন্যান্য বিভাগৰ স্বেচ্ছাসেৱকসকল চামিল হ’ব লাগিব। ঋষিকেশৰ ১৩০০ বছৰীয়া বীৰভদ্ৰ মন্দিৰত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ভগৱান শিৱক জলাভিষেক প্ৰদৰ্শন কৰি যাত্ৰাৰ এই সামৰণি মাৰিব।
২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যাত্ৰাত তেওঁ নিজেই শিৱভক্ত কাঁৱাদিয়া হিচাপে অংশ ল’ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে। টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰি তেওঁ কয় যে “হৰিদ্বাৰত থকা সন্ত আৰু আখাদাৰ মূৰব্বীসকলৰ আশীৰ্বাদ” বিচাৰিব।
লগতে পঢ়ক যৌন শক্তি বৃদ্ধিৰ বাবে দৈনন্দিন খাদ্যৰ তালিকাত কি কি খাদ্য ৰাখিব?
এই নিৰ্দেশৰ পিছতে মন্ত্ৰী ৰেখা আৰ্য বিৰোধীৰ আক্ৰমণ লক্ষ্য হৈ পৰিছে। বিৰোধী নেতাসকলে কৈছে যে ধৰ্মৰ সৈতে জড়িত এনে নিৰ্দেশনা জাৰি কৰাৰ পৰিৱৰ্তে ক্ৰমাৎ বৃদ্ধি পোৱা অপৰাধৰ হাৰ আৰু মহিলাৰ ওপৰত হোৱা অত্যাচাৰৰ প্ৰতি গুৰুত্ব দিয়া উচিত। একে সময়তে বহু চৰকাৰী বিষয়াইও মন্ত্ৰীৰ এই নিৰ্দেশ তথা পদক্ষেপক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে।
ইফালে বিতৰ্ক তীব্ৰতৰ হোৱাৰ পিছতে ৰেখা আৰ্যই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্পষ্টীকৰণ দিছে৷ মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ কপালত বন্দুকৰ নলী লগোৱা দিয়া নাই, নিমন্ত্ৰণ দিছে। চেৰিটি প্ৰগ্ৰেমলৈ আহিব বিচাৰে নে নাই সেয়া নিজৰ ওপৰত নিৰ্ভৰশীল। কোনোবাই অনুষ্ঠানটোত থাকিব বিচাৰে নে নাই, সেয়া নিৰ্ভৰ কৰে ইচ্ছাৰ ওপৰত। আমি কাৰোবাক মাতিলে তেওঁৰ ইচ্ছামতে এৰি দিওঁ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ