অসম লাইভ ২৪ঃ বিগত বর্ষত লকডাউনৰ মাজতে ভাইৰেল হৈছিল এটা টিকটক ভিডিঅ’। টিকটক ভিডিঅ’টোত এটা কণমানিয়ে তদানীন্তন স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক কৈছিল- ‘হিমন্ত মামা, তোমাৰ বৰ কষ্ট হৈছে।’ কণমানিটিৰ এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছিল। ৰাতিটোৰ ভিতৰতে হিমন্ত বিশ্ব শর্মাৰ নাম দাদাৰ পৰা মামা হৈ গৈছিল। তেতিয়াৰে পৰা টেলিভিচন চেনেলৰ পৰা মিম পেজলৈকে সকলোতে হিমন্ত বিশ্ব শর্মাক মামা বুলিয়ে সম্বোধন কৰা হ’ল। পিছে এইবাৰ মামাই ঠাই পালে kbcত। বলিউডৰ চেহেনশ্বাহ অমিতাভ বচ্চনে আঁত ধৰা SONY TVৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘কৌন বনেগা কৌৰোৰ পতি’ত সোধা হ’ল প্ৰশ্ন। ১০ হাজাৰ টকাৰ বাবে সোধা প্ৰশ্নটো হৈছে- অসমৰ মুখ্যমন্ত্ৰী বিশ্ব শর্মাক সাধাৰণতে কি নামেৰে সম্বোধন কৰা হয়? প্ৰশ্নটোৰ সৈতে দিলে ৪টা option। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ ‘মামা’ বুলি দি ১০ হাজাৰ টকা লাভ কৰিলে তেজপুৰৰ এজন শিক্ষকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ