অসম লাইভ২৪ঃ চৰ্চাত থকা কেৰালাৰ ট্ৰান্সজেণ্ডাৰ দম্পতী জীয়া আৰু জাহাদৰ জীৱনলৈ আহিল এটি কণমানি৷ ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে গৰ্ভধাৰণ কৰাৰ বাতৰিয়ে তোলপাৰ লগাইছিল সামাজিক মাধ্যম৷ বৃহস্পতিবাৰে পুৱা জীয়া আৰু জাহাদৰ জীৱনলৈ আহিল এটি কণমানি৷ ৯.৩০ মিনিটত চিজাৰিয়ানৰ জৰিয়তে এটি সন্তান আহিল ট্ৰান্সজেণ্ডাৰ দম্পতীহালৰ মাজলৈ৷
ইতিমধ্যে কেৰালাৰ সংবাদমাধ্যমে জনোৱা অনুসৰি মাতৃ আৰু শিশু দুয়ো বৰ্তমান সুস্থ অৱস্থাত আছে৷
অৱশ্যে, ট্ৰান্সজেণ্ডাৰ পিতৃ-মাতৃহালে নৱজাতকৰ লিংগ পৰিচয় প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছে৷ ইয়াৰ পূৰ্বে জিয়া পাভালে ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল যে জাহাদ ৮ মাহৰ গৰ্ভৱতী। পাভালে লগতে কৈছিল, ‘এয়া হয়তো ভাৰতত প্ৰথম ট্ৰেন্স পুৰুষৰ গৰ্ভধাৰণ।’
উল্লেখ্য যে খবৰটো ভাইৰেল হৈ পৰাৰ লগে লগেই বহুলোকে ট্ৰান্সজেণ্ডাৰ দম্পতিহালক সামাজিক মাধ্যমত অভিনন্দন জনোৱা পৰিলক্ষিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ