প্ৰৱল বৃষ্টি আৰু ভূমিস্খলনৰ ঘটনাক লৈ বিপৰ্যস্থ কেৰালাৰ ৱায়নাড৷ পানীৰ তলত আৱদ্ধ এতিয়াও বহু পৰিয়াল৷ বহুজনে হেৰুৱাইছে আত্মীয় স্বজনক৷ কান্দোনত ভাঙি পৰিছে বহু লোক৷ নিখোজ হৈছে বহুতৰে প্ৰিয়জন৷ এতিয়াও চলি আছে উদ্ধাৰ অভিযান৷ এইসমূহৰ মাজতে ৱায়নাডৰ চুৰালমালাৰ এগৰাকী মহিলা প্ৰজিথাৰ কাহিনীয়ে এতিয়া সেমেকাই তুলিছে বহুতৰে দুচকু৷
পানীৰ তলত ভাহি যোৱা এক শিশুক ৰক্ষা কৰিবলৈ গৈ প্ৰজিথাই হেৰুৱালে নিজৰ ১০বছৰীয়া কন্যাক৷ বৰ্তমান আহত প্ৰজিথা হাস্পতালত ভৰ্তি হৈ আছে৷ তেওঁৰ মুখ আৰু উৰুত আঘাত লাগিছে৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত গৈ হাস্পতালত ভৰ্তি প্ৰজিথাৰ মাতৃ আৰু শোভা আৰু তেওঁৰ শহুৰো৷ প্ৰজিথাৰ ঘৰ চুৰালমালাৰ চৰকাৰী ভকেশ্বনেল স্কুলৰ ঠিক পিছফালে৷ স্বামী কৰ্মসূত্ৰে পশ্চিম এছিয়াত থাকে৷ ঘৰৰ সৈতে লাগি আছে হোমষ্টে৷ বিপৰ্যস্ত ৱাইনাডৰ বহু এলেকা ভাহি গ’লেও তেওঁলোকে বাস কৰা এলেকাতো তুলনামূলকভাৱে নিৰাপদ আছিল৷ চুৰালমালাৰ আশেপাশে থকা আশ্ৰয়হীন বহু লোকে প্ৰজিথাৰ ঘৰৰ কাষৰ স্কুলত বাস কৰিছিল৷ কিন্তু প্ৰকৃতিয়ে ধাৰণ কৰা ৰূদ্ৰৰূপে সকলোবোৰেই চূড়মাৰ কৰি দিলে৷
হাস্পতালত পৰি থকা প্ৰজিথাই ঘটনাৰ বৰ্ণনা দি কয়, ‘মঙলবাৰে নিশা বিকট শব্দই মোৰ টোপনি ভাঙিছিল৷ চকু মেলি দেখিছিলো দুবাৰ, খিৰিকিয়ে হু হুৱাই পানী সোমাই আহিবলৈ আৰম্ভ হৈছিল৷ তেতিয়ালৈকে মোৰ হোম ষ্টে, কাষতে থকা স্কুল সকলোতে পানী সোমাই পৰিছিল৷ মই কি কৰো নকৰো একো ভাৱি নাপায় কন্যাক হাতত ধৰি পলাবলৈ যত্ন কৰিছিলো৷ কিন্তু হঠাৎ মই আৱদ্ধ হৈ পৰো৷ এখন হাতত ভঙা গছৰ ডালে আহি খুন্দা মাৰিছিল আৰু অন্য হাতেৰে মই মোৰ কন্যাক ধৰি আছিলো৷’
সেই সময়ত প্ৰজিথাৰ নজৰত পৰে পানীৰ সোঁতত ভাহি যোৱা অন্য এটা শিশুৰ ওপৰত৷ গছৰ ডাল এৰি শিশুটিক বচোৱাৰ বাবে হাত আগবঢ়াই দিওঁতেই অন্য হাতেৰে ধৰি ৰখা কন্যাৰ হাতখন এৰ খাই যায়৷ ভৰি পিছৰি মুহূৰ্ততে পানীৰ তললৈ বৈ যায় কন্যা৷ হাস্পতালত সেই ঘটনাৰ কথা মনত পেলাই কান্দোনত ভাঙি পৰিছে প্ৰজিথা৷ তেওঁ যি শিশুৰ হাতত ধৰিছিল সেই শিশুটি বাচি যোৱাটোৱেই তেওঁক দিছে অলপমান স্বাস্তি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ