কিং মেকাৰৰ ডিমাণ্ড, কেন্দ্ৰত ৪-৫ টা পদবী লাগে, বিহাৰকো লাগে বিশেষ মৰ্যাদা
কিং মেকাৰ নীতিশ কুমাৰে দাঙি ধৰিছে নিজৰ ডিমাণ্ড। যাকেই কৰিব লাগে চাপোৰ্ট সিয়েই দিব লাগিব বহু কিবা কিবি। ৪-৫ টা কেন্দ্ৰীয় মন্ত্ৰীত্ব বাব দিয়াৰ লগতে বিহাৰকো বিশেষ ৰাজ্যৰ মৰ্য়াদা দিব লাগিব।
দিল্লীত নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি আৰম্ভ ইতিমধ্যে হৈছে। ৰাজনৈতিক মহলত চৰ্চা চলিছে যে নৰেন্দ্ৰ মোডীৰ নতুন চৰকাৰত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু টিডিপিৰ সৰ্বোচ্চ চন্দ্ৰবাবু নাইডুৱে কিং মেকাৰৰ ভূমিকা ল’ব পাৰে। তেজস্বী যাদৱো আছে এই ক্ষেত্ৰত।
বিহাৰক বিশেষ মৰ্যাদা প্ৰদান, বিহাৰ জাতি লোকপিয়ল, গ্ৰেণ্ড এলায়েন্স চৰকাৰে বৃদ্ধি কৰা ৭৫% সংৰক্ষণক সংবিধানৰ নৱম অনুসূচীত স্থানৰ দাবী কৰা বুলি কথা উলাইছে এই ক্ষেত্ৰত।
কেৱল মোদীয়েই নহয়, ৰাহুল গান্ধৰসৈতেও কথা হোৱা বুলি বিশেষ সূত্ৰে ওলাইছে কথা। যদি কংগ্ৰেছে নীতিশ কুমাৰ আৰপ চন্দ্ৰ বাবু নাইডুৰ সকলো ডিমাণ্ড পূৰণ কৰে তেন্তে ইণ্ডিয়াই গঠন কৰিব পাৰে কেন্দ্ৰত চৰকাৰ। যদিহো মোদীয়ে সৈমান হয় ৫ টা পদবীৰ লগতে বিহাৰৰ বিশেষ ৰাজ্য়ৰ মৰ্যাদা দিয়াৰ ক্ষেত্ৰত তেন্তে পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে শপত লব মোদীয়েই। এতিয়া কেৱল অপেক্ষা দুয়োটা দলৰ বৈঠকৰ পাছৰ সিদ্ধান্তৰ বাবেহে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ