অসম লাইভ২৪ঃ ভালপোৱাৰ বাবে বিশেষ কোনো দিনৰ প্ৰয়োজন নাই যদিও ১ ফেব্ৰুৱাৰী অঘোষিত প্ৰেমৰ দিন। অৰ্থাৎ আজি ভেলেণ্টাইন ডে। বিশেষকৈ এই দিনটোক স্বাগত জনোৱাৰ বাবে বহুজনে বহুধৰণে উদ্যোগ গ্ৰহণ কৰি আহিছে। এই বিশেষ দিনটো সাধাৰণ প্ৰেমাস্পদেই নহয়, নামী-দামী তাৰকাসকলেও প্ৰিয় মানুহৰ সৈতে সময় কটোৱাৰ বিভিন্ন ছবি সামাজিক মাধ্যমত দেখা গৈছে। দেশৰ ব্যৱসায় জগতৰ অন্যতম নক্ষত্ৰ গৌতম আদানীৰ বৰ্তমান দেশৰ অন্যতম দ্বিতীয় ধনী ব্যক্তি।
দেশৰ দ্বিতীয় ধনী ব্যক্তি আদানীও প্ৰেমত পৰিছিল। সাধাৰণতে ব্যৱসায়ীসকলৰ ব্যৱসায়েই প্রথম প্ৰেম বুলি বহুজনে দাবী কৰে যদিও আদানীৰ ক্ষেত্ৰত এই কথা সম্পূৰ্ণ মিছা।আদানী আছিল দুৰ্ঘোৰ প্ৰেমিক। ভেলেণ্টাইন ডে’ৰ দিনটোতেই জানি থওক দেশৰ অন্যতম ধনী ব্যক্তি আদানীৰ প্ৰেমকাহিনী।
গৌতম আদানী ধনেৰে ধনী হ’লেও প্ৰেমৰ প্রথম প্ৰস্তাৱেই নাকচ হৈছিল। গৌতম আদানীক মুঠেও পছন্দ কৰা নাছিল প্ৰীতি আদানীয়ে। কিন্তু কেনেকৈ প্ৰীতিয়েই হৈ পৰিল তেওঁৰ প্ৰাণৰ প্ৰেয়সী সেই কথা বহুতেই নাজানে। গৌতম আদানীৰ প্ৰেম কাহিনী আৰ এন ভাস্কৰৰ বিশেষ গ্ৰন্থ ‘গৌতম আদানীঃ ৰি মেনেজিং বিজনেছ ইন ইণ্ডিয়াত’ বিস্তৃতভাৱে উল্লেখ আছে। এই গ্ৰন্থত প্ৰকাশ কৰা অনুসৰি গৌতম আদানীক পোনতে মুঠেও পছন্দ কৰা নাছিল প্ৰীতিয়ে। প্ৰকৃততে প্ৰীতিৰ পিতৃয়ে গৌতম আদানীক পছন্দ কৰিলেও আদানীয়ে সেই সময়ত গ্ৰেজুৱেশ্ব্যনে লোৱা নাছিল। অন্যহাতে প্ৰীতিয়ে ডেণ্টিছ হোৱাৰ বাবে পঢ়াশুনা কৰি আছিল। প্ৰীতিয়ে গৌতমক তেওঁৰ বাবে যোগ্য বুলি কোনো কাৰণতে ভাৱিব পৰা নাছিল।
পিতৃৰ নিৰ্দেশ কেনেকৈ না কয়?
প্ৰীতিৰ পিতৃৰ খুবেই পছন্দ হৈছিল গৌতমক। পিতৃৰ পৰামৰ্শতেই গৌতম আদানীৰ সৈতে দেখা কৰিছিল প্ৰীতিয়ে। প্ৰীতিৰ পিতৃ ছেৱন্তীলালে কন্যাক আদানীৰ সৈতে লগ কৰিবলৈ জোৰ দিছিল। তাৰপাছতেই পিতৃক না কৰিব নোৱাৰি প্ৰীতিয়ে গৌতম আদানীৰ সৈতে দেখা কৰে। প্ৰথম দেখাৰ পাছত আদানীৰ প্ৰতি তেওঁৰ মনোভাৱ সলনি হয়। তাৰপাছতেই ধীৰে ধীৰে দুয়োৰে মাজত বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠে। অৱশেষত ১৯৮৬ চনৰ ১ মে’ত বন্ধুত্বৰ পৰা সংসাৰলৈ সম্পৰ্ক উন্নীত হয়।
বিবাহৰ পাছত কিন্তু তেওঁলোকৰ সম্পৰ্ক যে খুবেই ভাল আছিল তেনে নহয়। বিবাহৰ পাছত গৌতম আদানীয়ে ব্যৱসায়ীক কামত দীৰ্ঘ সময় ধৰি বাহিৰত আছিল। তেওঁ যেতিয়াই সময় পাইছিল পত্নীৰ সৈতে সময় কটাবলৈ ঘৰলৈ আহিছিল। আৰ এন ভাস্কৰৰ গ্ৰন্থত দাবী কৰা অনুসৰি, প্ৰীতিয়ে কৈছে যে, গৌতমে জানে কেনেকৈ কাম সামৰি ঘৰৰ মানুহক সময় দিব লাগে।
একেলগে ৩৬ বছৰ কটাইছে প্ৰীতি-গৌতমে
প্ৰীতি আদানি আৰু গৌতম আদানীয়ে নিজৰ দাম্পত্য জীৱনৰ ৩৬বছৰ সম্পূৰ্ণ কৰিছে। তেওঁলোকৰ মাজত আজিও পূৰ্বৰ দৰেই অটুট আছে বুজাপৰা। সম্প্ৰতি গৌতম আদানীৰ ৬০তম জন্মদিনত পুৰণা কিছু স্মৃতি শ্বেয়াৰ কৰিছে গৌতম আদানীয়ে। প্ৰীতিয়ে গৌতমক উদ্দেশ্যি লিখিছে, ‘৩৬বছৰতকৈয়ো বেছি সময় মই মোৰ কেৰিয়াৰ এৰি গৌতমৰ সংগ দিছো। তেওঁৰ যাত্ৰী হৈ তেতিয়াই নতুনকৈ জীৱনটো আৰম্ভ কৰিছিলো।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















