• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বেয়াৰ মাৰ্কেটৰ শংকা

শ্বেয়াৰ মাৰ্কেটৰ শংকা

5 years ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

7 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

8 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

8 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

9 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

9 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

10 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

10 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

12 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

13 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

13 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

14 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

শ্বেয়াৰ মাৰ্কেটৰ শংকা

editor by editor
February 8, 2022
in অসম, গুৱাহাটী, বিশ্ব, ভাৰত, লেখা
0
শ্বেয়াৰ মাৰ্কেটৰ শংকা
0
SHARES
291
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

  শ্বেয়াৰ মাৰ্কেটৰ শংকা

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা অথবা ব্যৱসায় কৰা লোকৰ বাবে আটাইতকৈ শংকাৰ বিষয়টো হৈছে লোকচান বা ক্ষতি। সাধাৰণতে ফিউছাৰ/অপছন অথবা ডেৰাইভিটি শাখাতহে লোকচানৰ বিষয়টো আলোচনা যোগ্য। কিয়নো এই শাখা বা চেগমেণ্টত বিনিয়োগ কৰা প্ৰক্ৰিয়াটো কিছু জটিল। আৰু শ্বেয়াৰ বজাৰৰ গতিবিধি তথা নীতি-নিয়মসমূহ ভালদৰে নজনাকৈ এই শাখাত বিনিয়োগ নকৰাটোয়ে উচিত। অৱশ্যে ইয়াকো উল্লেখ কৰাটো ভাল হ’ব যে ডেৰাইভিটী শাখাত বিনিয়োগ কৰা ধনৰ তুলনাত লাভৰ পৰিমাণ যথেষ্ট বেছি হয়। তাৰ বিপৰীতে হিচাপ ভুল হ’লে অভাৱনীয় হাৰত লোকচান হয়। গতিকে নতুন বিনিয়োগকাৰী বা শিকাৰু ব্যৱসায়ীয়ে এই শাখাত সোমাব নালাগে। বিষয়টো যিহেতু জটিল গতিকে পৰৱৰ্তী সময়ত বিতংকৈ আলোচনা কৰা হ’ব।

আজি আলোচনা কৰিব বিচৰা বিষয়টো হ’ল- ইকুইটী বা ক্যেছ (নগদ) মাৰ্কেট। এইটো শাখাত শ্বেয়াৰৰ দাম কমিলেও লোকচান বা ক্ষতি নহয়। এটা উদাহৰণ দিলে বিষয়টো অধিক স্পষ্ট হ’ব। ধৰা হ’ল নতুন বিনিয়োগকাৰী এগৰাকীয়ে ১৬,০০০/- টকাৰে ব্যৱসায় আৰম্ভ কৰিলে। আৰু তেওঁ ডিছ টিভি কোম্পানীৰ শ্বেয়াৰ ১৬/- টকা দামত ১০০০টা শ্বেয়াৰ ক্ৰয় কৰিলে। এতিয়া শ্বেয়াৰ বজাৰত তেওঁৰ মুঠ সম্পদ ডিছ টিভিৰ এহাজাৰ শ্বেয়াৰ আৰু নগদ ধন শূন্য। তেওঁ শ্বেয়াৰটো কিনাৰ পাছত হঠাৎ ইয়াৰ দাম হ্ৰাস হ’বলৈ ধৰিলে। ধৰা হওক এসপ্তাহৰ ভিতৰত ইয়াৰ দাম ৮/- টকা হ’ল। অৰ্থাৎ তেওঁৰ সম্পদৰ মূল্য ১৬,০০০/- টকাৰ পৰা কমি ৮০০০/- হ’ল। সাধাৰণ হিচাপত এসপ্তাহত তেওঁৰ লোকচান ৮,০০০/- টকা। এনে পৰিস্থিতিত বিনিয়োগকাৰী হতাশ হয় আৰু শ্বেয়াৰ বজাৰক জুৱা বা ভাগ্যৰ খেল বুলি ভাবিবলৈ লয়। কিন্তু এই ধাৰণা মাৰাত্মক ভুল। ইয়াত সততে মনত ৰাখিবলগীয়া কথাটো হ’ল – শ্বেয়াৰটোৰ দামহে কমিছে। বিনিয়োগকাৰীৰ হাতত কিন্তু শ্বেয়াৰ এহাজাৰেই আছে।

এতিয়া প্ৰশ্ন হ’ল – শ্বেয়াৰৰ দাম কিনা দামতকৈ বহু হ্ৰাস হ’লেও কেনেকৈ লাভ আৰ্জন কৰিব পাৰি? নতুন শিকাৰুসকলে মনত ৰাখিবলগীয়া কথাটো হ’ল শ্বেয়াৰ বজাৰত কোনো শ্বেয়াৰৰ দাম একেৰাহে নাবাঢ়ে বা একেৰাহে নকমে। অৰ্থাৎ দাম সদায় বঢ়া-টুটা হয়। ধৰা হ’ল ডিছ টিভিৰ শ্বেয়াৰৰ দাম পুনৰ ১০/- টকালৈ বৃদ্ধ হ’ল। তেতিয়া বিনিয়োগকাৰীয়ে ১০০০ শ্বেয়াৰ বিক্ৰী কৰিলে। ইয়াৰ পাছত তেঁওৰ একাউণ্টত নগদ থাকিব ১০,০০০/- টকা আৰু শ্বেয়াৰ শূণন্য। দুদিন পাছত ডিছ টিভিৰ শ্বেয়াৰৰ দাম ৭/- টকালৈ হ্ৰাস হ’ল। লগে লগে তেওঁ সাত টকা দামত পুনৰ ডিছ টিভিৰ এহাজাৰ শ্বেয়াৰ ক্ৰয় কৰিলে। তেতিয়া তেওঁৰ একাউণ্টত শ্বেয়াৰ থাকিব এহাজাৰ আৰু নদগ ধন ৩০০০/- টকা। অৰ্থাৎ শ্বেয়াৰৰ দাম হ্ৰাস হোৱা স্বত্তেও বিনিয়োগকাৰীয়ে ৩০০০/- টকা উপাৰ্জন কৰিছে। এইবাৰ শ্বেয়াৰটোৰ দাম ৯/- টকালৈ বৃদ্ধি হ’ল। তেওঁ পুনৰ এহাজাৰ শ্বেয়াৰ বিক্ৰী কৰিলে। এইবাৰ তেওঁৰ একাউণ্টত নগদ ধন থাকিব ১২,০০০/- টকা আৰু শ্বেয়াৰ শূন্য। শ্বেয়াৰটোৰ দাম পুনৰ ৬/- টকালৈ হ্ৰাস হ’ল। লগে লগে বিনিয়োগকাৰীয়ে আকৌ এহাজাৰ শ্বেয়াৰ ক্ৰয় কৰিলে। এতিয়া তেওঁৰ একাউণ্টত নগদ ধন ৬০০০/- টকা আৰু শ্বেয়াৰ এহাজাৰ। অৰ্থাৎ লাভ ৬০০০/- টকা। ইয়াৰ পিছত শ্বেয়াৰটোৰ দাম বৃদ্ধি হ’বলৈ আৰম্ভ কৰিব। আৰু এমাহমানৰ ভিতৰত ইয়াৰ দাম ২০/- টকা হ’ল। তেতিয়া তেওঁ সমুদায় শ্বেয়াৰ বিক্ৰী কৰি ২০,০০০/- টকা পাব। তেওঁৰ একাউণ্টত নগদ ধনৰ পৰিমাণ হ’ল ২৬,০০০/- টকা। আৰম্ভণিত তেওঁৰ নগদ ধন আছিল ১৬,০০০/- টকা আৰু এতিয়া ২৬,০০০/- টকা। অৰ্থাৎ লাভ থাকিব ১০,০০০/- টকা। এনে এটা প্ৰক্ৰিয়াৰ বাবে কুৰি দিনমান সময়ৰ প্ৰয়োজন হয়। এয়া এক উদাহৰণহে । সকলো শ্বেয়াৰতে এনে প্ৰক্ৰিয়াৰে লাভ আৰ্জন কৰিব পাৰি। শ্বেয়াৰ বজাৰত কিনা-বেচা কৰাটোৱেই মূল কৌশল। শ্বেয়াৰৰ দাম বঢ়া-টুটাই লাভ-লোকচান নিৰ্ধাৰণ নকৰে। গতিকে কিনা-বেচাৰ কৌশল ভালদৰে শিকি বুজি ল’ব লাগে। কোনো নিৰ্দিষ্ট শ্বেয়াৰৰ দাম আৰু কিনা-বেচা কৰাৰ কৌশল শিকি ল’লে শ্বেয়াৰ বজাৰত ধন বিনিয়োগ কৰি ১৫-২০ দিনত দুগুণলৈ বৃদ্ধি কৰাতো বৰ টান কাম নহয়। পৰৱৰ্তী সময়ত এই বিষয়ে অধিক বিতংকৈ আলোচনা কৰা হ’ব।

মানৱেন্দ্ৰ কুমাৰ দাস

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest assamese news portal in assambest news channel in assammarketnational stock exchangeshare marketstocks
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?
বাণিজ্য

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

September 27, 2026
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি
অসম

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

September 27, 2026
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?
বাণিজ্য

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

September 27, 2026
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!
বাণিজ্য

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

September 27, 2026
Next Post
আজিয়ে ৰাতিয়ে অস্কাৰলৈ মনোনীত হ’ব জনপ্ৰিয় তামিল ছবি ‘জয় ভীম’!

আজিয়ে ৰাতিয়ে অস্কাৰলৈ মনোনীত হ’ব জনপ্ৰিয় তামিল ছবি ‘জয় ভীম’!

‘ভেলেণ্টাইন ডে’ত প্ৰেমাস্পদক কি কি উপহাৰ দিব?

‘ভেলেণ্টাইন ডে’ত প্ৰেমাস্পদক কি কি উপহাৰ দিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.