অসম লাইভ ২৪ঃ আজি শ্বহীদ কুশল কোঁৱৰৰ ৭৮ সংখ্যক মৃত্যু দিন। কুশল কোঁৱৰে আছিল ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰি ফাঁচী-কাঠত ওলমা শেষৰজন অসমীয়া শ্বহীদ। ১৯০৫ চনত গোলাঘাটত জন্মলাভ কৰা কুশল কোঁৱৰে ১৭ বছৰ বয়সতে জঁপিয়াই পৰিছিল স্বাধীনতা আন্দোলনত। দেশৰ স্বাধীনতাৰ লগতে কানি আৰু অস্পৃশ্যতা বৰ্জনৰ বাবে আন্দোলনত নামি পৰা কুশল কোঁৱৰে ত্যাগ কৰিছিল বাগিচাৰ চাকৰি। গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি অহিংসা পন্থাৰে চলাই নিছিল স্বাধীনতাৰ কাম-কাজ। পিছে ১৯৪২ চনৰ ৯ অক্টোবৰত সংঘটিত হোৱা সৰুপথাৰ ৰে’ল দুৰ্ঘটনাত কুশল কোঁৱৰক অভিযুক্ত কৰি ৩ নৱেম্বৰৰ দিনা গ্ৰেপ্তাৰ কৰা হয় কুশল কোঁৱৰক। তেওঁৰ বিৰুদ্ধে চলা বিচাৰত দোষী সাব্যস্ত হোৱাত ইণ্ডিয়ান ৰে’লৱে এক্টৰ ১২৬নং ধাৰা আৰু ডিফেন্স অফ ইণ্ডিয়া ৰুলছৰ ৩৫ৰ উপৰি ১৯৪২ চনৰ ৩নং অধ্যাদেশৰ লগত সংগতি ৰাখি ভাৰতীয় দণ্ডবিধি আইনৰ ১০৯ ধাৰা অনুযায়ী ফাঁচীৰ নিৰ্দেশ দিয়া হয়। যাৰ বাবে ১৯৪৩ চনৰ ১৫ জুনৰ পুৱা কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হয়। ৭৮ সংখ্যক মৃত্যু দিৱসত শ্বহীদ গৰাকীক স্মৰণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও গণ্য-মান্য ব্যক্তিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ