জেচিবি-ঘৰৰ চাদৰ পৰা দৰাৰ ওলোৱাৰ সময়তে ফুৰ্তিতে দৰাৰ পৰিয়ালে উৰুৱালে ২০ লাখ টকা, ভাইৰেল ভিডিঅ’
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ, যি ভিডিঅ দেখি চকু কঁপালত উঠিছে সকলোৰে। কিয়নো এখন বিয়াত দৰা ওলোৱাৰ নামতে ২০ লাখ টকা কাগজ উৰুৱাৰ দৰে উৰুৱাই দিয়ে পৰিয়ালটোৱে। এই ঘটনা কোনো বিদেশৰ নহয়, এইখন ভাৰতৰে।
উত্তৰ প্ৰদেশৰ এখন বিয়াত দেখা গৈছে এই দৃশ্য। যি বিয়াৰ দৃশ্য বৰ্তমানে ভাইৰেল হৈ পৰিছে। উত্তৰ প্ৰদেশৰ এখন গাঁৱৰ বিয়া এখনৰ ভিডিঅ’ ভাইৰেল হোৱাৰ বাবে চৰ্চাৰ বিষয় হৈ পৰিছে।
আচলতে এই ভিডিঅ’টো চাই এনে লাগে যেন পৰিয়ালৰ মানুহবোৰ বিয়াখনক লৈ ইমানেই সুখী যে জেচিবি আৰু ঘৰৰ চাদত উঠি কাগজৰ দৰে নোট উৰুৱাই। এই ভিডিঅ’টো সমগ্ৰ ৰাজ্যখনতে বৰ্তমানে চৰ্চাৰ বিষয় হৈয়েই আছে।
https://x.com/ndtvindia/status/1859052251236757989
ভাইৰেল হোৱা ভিডিঅ’টোত দৰাৰ পৰিয়ালৰ লোকে ১০০, ২০০ আৰু ৫০০ টকীয়া নোট কাগজৰ দৰে বতাহত উৰুৱাই দিয়াৰ লগতে তলত উপস্থিত থকা লোকসকলে বতাহত উৰি থকা নোট লাভ কৰিবৰ বাবে হেতাওপৰা কৰা দেখা গৈছে।
তথ্য অনুসৰি এই ভাইৰেল ভিডিঅ’টোত দেৱলহৱা গাঁৱৰ বাসিন্দা আফজল আৰু অৰমানৰ বিবাহৰ। বিবাহ শোভাযাত্ৰাৰ যাত্ৰাৰ সময়ত দৰাৰ পৰিয়ালে প্ৰায় ২০ লাখ টকা খৰচ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ