হিন্দু ধৰ্মত ৰাম আস্থা আৰু বিশ্বাসৰ প্ৰতীক। সনাতন ধৰ্মত আদৰ্শ মানুহ হিচাপে ৰামৰ পূজা কৰা হয়। শাস্ত্ৰ অনুসৰি ৰাম নাম ল’লেই সমস্ত কষ্ট, দুৰ্ভোগ দূৰ হয়। ৰামৰ জীৱনৰ বিভিন্ন দিশে আজিও বহুতকে অনুপ্ৰাণিত কৰে। ৰাম নৱমী উপলক্ষে ৰামৰ জীৱনৰ সৈতে জড়িত কিছু বিষয় তুলি ধৰা হৈছে যিয়ে প্ৰত্যেককে সঠিক পথ দেখুৱাই।
সংযম আৰু ধৈৰ্য
কঠিন সময়ত ৰামে সংযম আৰু ধৈৰ্যৰ পৰিচয় দিছে বিপৰীত পৰিস্থিতিত ধৈৰ্য ধৰিছে, সংযম নেহেৰুৱাই সাহসৰ সৈতে আগুৱাই যোৱাৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছিল। খঙত কাহানিও সিদ্ধান্ত লোৱা নাছিল ৰামে।
প্ৰতিশ্ৰুতি
ৰাম এক কথাৰ মানুহ আছিল। সম্পূৰ্ণ জীৱনকালত নিজে দিয়া সকলো প্ৰতিশ্ৰুতি তেওঁ পালন কৰি গৈছে। আনকি নিজৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ প্ৰাণতকৈ প্ৰিয় ভায়েকক মৃত্যুদণ্ড পৰ্যন্ত বিহিছিল।
এক স্ত্ৰী আৰু প্ৰেম
ৰাম কেৱল সীতাৰেই প্ৰেমিক আছিল। সীতা অবিহনে অন্য কোনো স্ত্ৰীৰেই কল্পনা কৰা নাছিল ৰামে। সুন্দৰী ৰমণীৰ বেশ ধৰি সূপৰ্নখা তেওঁৰ সন্মুখত আহোতেওঁ ৰামে উভতি চোৱা নাছিল।
তপস্বী জীৱন
বনবাসৰ সময়ত ৰামে নিজৰ সমস্ত ৰাজকীয় বস্ত্ৰ, অলংকাৰ ত্যাগ কৰি তপস্বীৰ বস্ত্ৰ ধাৰণ কৰিছিল। পথত যেতিয়াই যি পৰিস্থিতিৰ সন্মুখীন হৈছিল সেইমতেই জীৱনযাপন কৰিছিল। ৰামৰ এই তপস্বী জীৱনে যিকোনো পৰিস্থিতিত এডজাষ্ট হ’বলৈ শিকাই।
পৰিকল্পনা অনুসৰি কাম
ৰামে সকলো সময়তে পৰিকল্পনা অনুসৰি কাম কৰিছিল। সীতা-হৰণৰ পাছত সীতাক উদ্ধাৰ কৰাৰ পথত একাধিক বাধা আহিছিল। কিন্তু ৰামে সংযম বজায় ৰাখি নিজৰ পৰিকল্পনা অনুসৰি সেই অসাধ্য কামো সাধন কৰে। লংকাত উপস্থিত হৈ জনসমূদ্ৰ অতিক্ৰম কৰি সীতাক উদ্ধাৰ কৰি আনিছিল।
সেৱা আৰু সহযোগিতা
ৰামে নিজৰ জীৱনত একাধিক সেৱাকাৰ্য কৰিছে। বনবাসৰ সময়ত তেওঁ আদিবাসী আৰু বনবাসীসকলৰ জীৱনত উন্নত কৰাৰ কামো কৰিছিল। শৱৰী কেওঁট আৰু অহিল্যাৰ ঘটনা ইয়াৰ উদাহৰণ। নিজৰ বনবাসৰ সময়ত বহুতকে উদ্ধাৰ কৰিছিল ৰামে।
সন্মান কৰা
ৰামচন্দ্ৰই নিজৰ চৌপাশৰ সকলোকে সন্মান কৰিছিল। নিজৰ সমস্ত সম্পৰ্ক একাগ্ৰতাৰ সৈতে পালন কৰিছিল। পৰিয়ালৰ প্ৰতিজন সদস্যই তেওঁৰ খুব প্ৰিয় আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ