শোকস্তব্ধ বলীউড, প্ৰবীন অভিনেতা মনোজ কুমাৰ তথা ভাৰত কুমাৰৰ চিৰ বিদায়
পুৱাই আহে এক অতিকে দুখজনক খবৰ। ভাৰতীয় চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেতা তথা চলচ্চিত্ৰ পৰিচালক মনোজ কুমাৰৰ দেহাৱসান। ৮৭ বছৰ বয়সত বিশ্ববাসী তথা অনুৰাগীৰ পৰা চিৰ বিদায় লয় অভিনেতাগৰাকীয়ে।
দেশপ্ৰেমমূলক চিনেমাবোৰৰ জৰিয়তে সকলোৰে হৃদয়ত এক বিশেষ স্থান দখল কৰিছিল মনোজ কুমাৰে। যাৰ বাবে অনুৰাগীৰ পৰা ‘ভাৰত কুমাৰ’ নাম পাই সেই নামেৰেই অধিক পৰিচিত হৈ পৰিছিল মনোজ কুমাৰ। সেই দ্বিগ্বজ অভিনেতাগৰাকীৰ আজি ৪ এপ্ৰিল তাৰিখ শুকুৰবাৰে কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ।
ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অপৰিসীম অৱদানৰ বাবে বলীউডে তেওঁক সদায় মনত ৰাখিব। পদ্মশ্ৰী আৰু দাদাছাহেব ফাল্কে বঁটা বিজয়ী মনোজ কুমাৰৰ বিয়োগ ভাৰতীয় চিনেমাৰ বাবে এক বৃহৎ ক্ষতি।
১৯৩৭ চনৰ ২৪ জুলাইত হৰিকৃষ্ণ গিৰি গোস্বামী নামেৰে জন্মগ্ৰহণ কৰা মনোজ কুমাৰে হিন্দী চিনেমাত কৰ্ম আৰু শক্তিশালী ভাবমূৰ্তিৰ বাবে পৰিচিত হৈছিল। তেওঁ আছিল এজন প্ৰকৃত দেশপ্ৰেমিক আৰু তেওঁ এই কথা তেওঁৰ সকলো ছবিতে দেখুৱাবলৈ চেষ্টা কৰিছিল।
প্ৰতিটো চৰিত্ৰৰ লগত নিজকে খাপ খুৱাব পৰা মনোজ কুমাৰ দেশপ্ৰেমমূলক ছবিৰ বাবে ভাৰত কুমাৰ নামেৰে পৰিচিত হ’বলৈ ধৰে। মনোজ কুমাৰে কেৱল দেশপ্ৰেমমূলক চিনেমাত অভিনয় কৰাই নহয়, তেওঁৰ নিখুট পৰিচালনাৰে হৃদয়ো জয় কৰিছিল অনুৰাগীৰ। ‘শ্বহীদ’, ‘উপকাৰ’, ‘পুৰব ঔৰ পাশ্চিম’ আৰু ‘ৰোতি কাপড়া ঔৰ মকান’ৰ দৰে কাল্ট ছবিত তেখেতৰ কাম উল্লেখনীয়।
ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে মনোজ কুমাৰক ১৯৯২ চনত পদ্মশ্ৰী আৰু ২০১৫ চনত দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হয়। দেশপ্ৰেমমূলক ছবিৰ উপৰি ‘হৰিয়ালি ঔৰ ৰাস্তা’, ‘হু ৱাজ শ্বি’, ‘হিমালয় কি গড মেইন’, ‘দো বদন’, ‘পত্থৰ কে সনম’, ‘নীল কমল’ আৰু ‘ক্ৰান্তি’ আদি বহুতো মহান ছবিত অভিনয় কৰা দেখা গৈছিল। বিশেষকৈ ক্ৰান্তি ছবিৰ বাবেই তেখেতে অনুৰাগীৰ ভাৰত কুমাৰ হৈ পৰিছিল।
মনোজ কুমাৰ কেৱল এজন অভিনেতা আৰু পৰিচালকেই নাছিল বৰঞ্চ তেওঁ ছবি জগতত চিত্ৰনাট্যকাৰ, গীতিকাৰ আৰু সম্পাদক হিচাপেও নিজৰ প্ৰতিভা প্ৰমাণ কৰিছিল। ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক সদায় স্মৰণীয় হৈ থাকিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ