• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আদৱানীয়ে কান্দিলে আমাৰ চকুলো নোলায়

আদৱানীয়ে কান্দিলে আমাৰ চকুলো নোলায়

6 years ago
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

3 hours ago
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

3 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

3 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

4 hours ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

4 hours ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

5 hours ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

5 hours ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

5 hours ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

6 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

7 hours ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

7 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

আদৱানীয়ে কান্দিলে আমাৰ চকুলো নোলায়

editor by editor
August 16, 2020
in লেখা
0
আদৱানীয়ে কান্দিলে আমাৰ চকুলো নোলায়
0
SHARES
433
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আদৱানীৰ এতিয়াৰ মুখখন দেখিলে মহাভাৰতৰ ভীষ্মলৈ মনত পৰে। মহাভাৰত পঢ়ি গ’লে ভীষ্মৰ অসহায় অৱস্থাটো চকুৰ আগত ভাঁহি উঠে। ভীষ্মই পিতৃ শান্তনুৰ দ্বিতীয় বিবাহ সফল কৰিবলৈ গৈ কেতিয়াও বিয়া নকৰোৱা আৰু হস্তিনাপুৰক ৰক্ষণাবেক্ষণৰ প্ৰতিজ্ঞা কৰিছিল। হস্তিনাপুৰ তথা কৌৰৱ ধ্বংস হৈছিল দুৰ্যোধনৰ বাবে। ইয়াৰ বাবে শ্ৰীকৃষ্ণই কিন্তু ভীষ্মকহে দোষাৰোপ কৰিছিল। কৃষ্ণই কৈছিল- ‘আপুনি বিয়া নকৰাই ধৃতৰাষ্ট্ৰৰ দৰে পুত্ৰ প্ৰেমত অন্ধ এজন ৰজা আৰু তেওঁৰ পুত্ৰ দুৰ্যোধনৰ সকলো অপমান সহ্য কৰিও তেওঁলোকৰ পক্ষত আজীৱন কটাই দিলে। ইয়াৰ দ্বাৰা ধৃতৰাষ্ট্ৰ আৰু দুৰ্যোধনক অপকৰ্ম কৰিবলৈ আপুনিয়েই উৎসাহ দিছিল। আপোনাৰ দৰে এজন বীৰ তেওঁলোকৰ পক্ষত নথকা হ’লে ধৃতৰাষ্ট্ৰ আৰু দুৰ্যোধনে কুৰুক্ষেত্ৰ যুদ্ধ কৰিবলৈ সাহস নকৰিলেহেঁতেন! দ্বিতীয়তে আপুনি বিয়া কৰোৱা হ’লে হস্তিনাপুৰে ধৃতৰাষ্ট্ৰ আৰু দুৰ্যোধনৰ সলনি আপোনাৰ দৰে বলৱান আৰু দয়ালু তথা ধৰ্মৰ পক্ষত থকা ৰজা লাভ কৰিলেহেঁতেন! আপুনি কৌৰৱৰ পক্ষত থাকি সকলো অপকৰ্মত সহযোগ কৰাৰ বাবে ইতিহাসৰ পাতত সদায় জগৰীয়া হৈ থাকিব।’

আদৱানীৰ মুখখন দেখা পালে ভীষ্মলৈ কিয় মনত পৰে এতিয়া গম পালে! বৰ্তমান নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ যি ৰাজনীতি বিজেপিৰ মঞ্চত চলিছে, সেই ৰাজনীতিত লালকৃষ্ণ আদৱানী একেবাৰে উপেক্ষিত। বহুতে আদৱানীক বিজেপিৰ পিতামহ বুলি কয়। পিতামহ আদৱানী সিদিনালৈকে বিজেপিৰ সৰ্বময়কৰ্তা আছিল। অৰ্থাৎ ২০১৪ চনত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ সময়লৈকে আদৱানী আছিল বিজেপিৰ পিতামহ তথা পথ প্ৰদৰ্শক। ২০১৪ চনত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত বিজেপিয়ে দেশজুৰি এক আলোড়নৰ সূচনা কৰে। নিৰ্বাচন, ৰাজনীতি, ইস্তাহাৰ, প্ৰতিশ্ৰুতি সকলোৰে নতুনকৈ মাৰ্কেটিং কৰে বিজেপিয়ে। ২০১৪ চনত বিজেপিক যি ৰূপত অসমৰ মানুহে দেখা পাইছিল, সেই ৰূপ ইয়াৰ আগলৈকে বিজেপি বাদেও আন ৰাজনৈতিক দলতো দুৰ্লভ আছিল। একপ্ৰকাৰ আকাশলংঘী প্ৰতিশ্ৰুতি আৰু সপোন দেখুৱাই বিজেপিয়ে ভাৰতীয় মানুহক আকৰ্ষিত কৰি আহিছে। বিজেপি ক্ষমতালৈ আহিল। নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ল। মোদীয়ে মন্ত্ৰীসভা গঠন কৰোঁতে বাদ পৰিল লালকৃষ্ণ আদৱানীৰ নাম। মন্ত্ৰীসভাৰ পৰা বাদ পৰাই নহয়, বিজেপিত আটাইতকৈ এলাগী হৈ ৰয় ৯০ ঊৰ্ধ্বৰ ৰাজনীতিকগৰাকী। কোৱা হ’ল বয়সৰ বাবে আদৱানীক অৱসৰ দিয়াৰ কথা দলে বিবেচনা কৰিছে। তেতিয়া বিজেপি দলৰ বাঘজৰী অমিত শ্বাহৰ হাতলৈ আহিল। লাহে লাহে বিজেপিত এনেকুৱা হ’ল যে আদৱানীক মাতিলেও যেন দলৰ নেতাসকলে বেয়া পাব। গতিকে দলৰ সকলো কৰ্মীয়ে এৰাই চলিলে পিতামহক।এনেদৰে প্ৰথমটো কাৰ্যকাল পাৰ হ’ল।

সকলোৰে নিশ্চয় মনত আছে কেইবাখনো ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহৰ সন্মুখত আদৱানীৰ অসহায় অৱস্থাটো। ৰাজহুৱাকৈ মানুহজনক এলাগী কৰা হৈছিল। ২০১৯ত অনুষ্ঠিত হৈছিল লোকসভাৰ সাধাৰণ নিৰ্বাচন। বিজেপিয়ে মানে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে এটা বৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই সিদ্ধান্তটো আছিল- আদৱানীয়ে প্ৰতিনিধিত্ব কৰি অহা গুজৰাটৰ গান্ধীনগৰ লোকসভা সমষ্টিৰ পৰা অমিত শ্বাহে প্ৰতিদ্বন্দ্বিতা কৰাৰ। ভাৰতৰ সংবাদমাধ্যমত ব্যাপকভাৱে চৰ্চিত হ’ল এই খবৰটো। আদৱানীক এইবাৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰি তেওঁৰ সমষ্টিত অমিত শ্বাহে প্ৰতিদ্বন্দ্বিতা কৰিলে। দলৰ লগতে লোকসভাৰ পৰাও আদৱানীক আঁতৰোৱা হ’ল। বিজেপিৰ কেন্দ্ৰীয় ৰাজনীতিত নৰেন্দ্ৰ মোদী-অমিত শ্বাহৰ আগমনৰ পাছতে আদৱানী নিসংগ হৈ পৰে। বহু সময়ত সংবাদমাধ্যম তথা সামাজিক মাধ্যমত আদৱানীয়ে চকুলো টোকা ভিডিঅ’, ফটো আদি ভাইৰেল হয়। আদৱানীৰ চকুপানী দেখি আমাৰ কিন্তু দুখ লগা নাই। আদৱানীৰ আজিৰ অৱস্থাৰ বাবে তেওঁ নিজেই জগৰীয়া।

গুজৰাটত নৰেন্দ্ৰ মোদীৰ শাসনত গোধ্ৰা কাণ্ড সংঘটিত হওঁতে পৃথিৱীজুৰি ভাৰত নিন্দিত হৈছিল। কেন্দ্ৰত তেতিয়া অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত এন ডি এ চৰকাৰ আছিল। গোধ্ৰা কাণ্ডত সহস্ৰাধিক ইছলামধৰ্মী লোকক হত্যা কৰাৰ পাছত বাজপেয়ীয়ে নৰেন্দ্ৰ মোদী চৰকাৰক বৰ্খাস্ত কৰিবলৈ সাজু হৈছিল। গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি বাজপেয়ীয়ে ৰাজধৰ্ম পালন কৰিবলৈ সকীয়াই দিছিল। বাজপেয়ীয়ে কোৱা ৰাজধৰ্মৰ অৰ্থ আছিল- সকলো ধৰ্মৰ প্ৰজা তথা নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দিয়াটো ৰাজনীতিকৰ প্ৰথম আৰু প্ৰধান দায়িত্ব। পৃথিৱীজুৰি হোৱা সমালোচনাত অসহায় হৈ বাজপেয়ীয়ে নৰেন্দ্ৰ মোদী চৰকাৰ বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লৈয়ো আদৱানীৰ বাধাৰ বাবে বৰ্খাস্ত কৰিব নোৱাৰিলে। গুজৰাটৰ নৰেন্দ্ৰ মোদী চৰকাৰক বৰ্খাস্ত কৰিলে আদৱানীয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা পদত্যাগৰ ভাবুকি দিছিল। অৰ্থাৎ মোদীক ৰাজনৈতিকভাৱে সুৰক্ষা দি আহিছিল আদৱানীয়ে।

১৯৯০ চনত ভি পি সিঙৰ নেতৃত্বত কেন্দ্ৰত গঠন হোৱা অকংগ্ৰেছী চৰকাৰখনে মণ্ডল আয়োগ কাৰ্যকৰী কৰিবলৈ তৎপৰ হৈছিল। মণ্ডল আয়োগৰ জৰিয়তে সমাজৰ পিছপৰা শ্ৰেণীৰ লোকৰ বাবে চাকৰি, শিক্ষা আদিত সংৰক্ষণৰ প্ৰস্তুতি চলাইছিল প্ৰধানমন্ত্ৰী ভি পি সিঙে। বৰ্ণহিন্দুৱে ইয়াৰ প্ৰতিবাদ কৰাই নহয়, দেশজুৰি সংঘটিত হয় হিংসাত্মক কাম-কাজ। বিজেপিয়ে বৰ্ণহিন্দুৰ পৰিপন্থী বুলি মণ্ডল আয়োগক বিবেচনা কৰি ইয়াক সমৰ্থন কৰিব নিবিচাৰিলেও মুখেৰে প্ৰকাশ কৰা নাছিল। পিছপৰা শ্ৰেণীৰ ভোটৰ লালসাত আদৱানী তথা বিজেপিয়ে দেখুৱাই মণ্ডল আয়োগৰ বিৰোধ নকৰিলেও ইয়াৰ পৰা ৰাইজৰ দৃষ্টি অন্যফালে নিবৰ বাবে আৰম্ভ কৰে ৰাম মন্দিৰ নিৰ্মাণৰ সমৰ্থনত ৰথযাত্ৰাৰে। জ্বলন্ত সমস্যাৰ পৰা ৰাইজৰ দৃষ্টি কেনেকৈ আঁতৰাব লাগে, সেই কৌশল বিজেপিয়ে কেতিয়াবাই আয়ত্ত কৰিছিল। আদৱানীয়ে ১৯৯০ চনৰ পৰা ৰাম মন্দিৰৰ সমৰ্থনত আৰম্ভ কৰা ৰথযাত্ৰাই ভাৰতত তিনি হাজাৰ লোকৰ জীৱন কাঢ়ি লৈছিল। ঠায়ে ঠায়ে সংঘটিত হৈছিল সাম্প্ৰদায়িক সংঘৰ্ষৰ। মণ্ডল আয়োগৰ বাবে ভি পি সিং চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ নকৰিলেও ৰথ যাত্ৰাৰ জৰিয়তে চৰকাৰৰ সৈতে সংঘাতত লিপ্ত হয় আৰু অৱশেষত সমৰ্থনো প্ৰত্যাহাৰ কৰে। ভিতৰৰ কথাটো হ’ল, বিজেপিয়ে মণ্ডল আয়োগৰ বাবেহে ভি পি সিঙৰ বিৰোধ কৰিছিল আৰু ৰাইজক ৰথযাত্ৰা আৰু ৰাম মন্দিৰৰ বাবে সংঘাত হোৱা বুলি ফাঁকি দিছিল।

আপুনি জানি আচৰিত হ’ব ৰাম মন্দিৰৰ বাবে ভাৰতত ৬ হাজাৰৰো অধিক লোকৰ সাম্প্ৰদায়িক সংঘৰ্ষত মৃত্যু হৈছে। ১৯৯৩ চনত আদৱানীৰ ৰথযাত্ৰাৰ সামৰণি পৰিল।

৫ আগষ্ট, ২০২০ত অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন সম্পন্ন হয়। ইয়াত উপস্থিত থাকিবলৈ আদৱানীক কোনেও নিমন্ত্ৰণ নজনালে। ঘৰত বহি টিভিত এই অনুষ্ঠান চালে আদৱানীয়ে। দুদিন পূৰ্বে বাবৰি মছজিদ ভঙা গোচৰত সতীৰ্থ মুৰুলী মনোহৰ যোশীৰ সৈতে আদৱানী আদালতত হাজিৰ হৈছিল। আদৱানীৰ ৰাজনৈতিক আৰু সামাজিক সন্ন্যাসত মোদী আৰু অমিত শ্বাহৰ অৱদান কোনেও অস্বীকাৰ কৰিব নোৱাৰে। ৰাম মন্দিৰৰ ভূমি পূজনত নতুন বিজেপি ৰামদেৱ উপস্থিত আছিল। উপস্থিত আছিল ৮০ ঊৰ্ধ্বৰ পুৰোহিতো।

আজিৰ ভাৰতবৰ্ষৰ যি ৰাজনীতি এই ৰাজনীতি আমদানিত আদৱানীৰ ভূমিকাই আছিল সৰ্বাধিক। এই ৰাজনীতিৰ প্ৰথম বলিও হ’ল আদৱানীয়েই। সেয়ে এতিয়া আদৱানীয়ে চকুপানী টোকা আৰু কন্দাৰ ফটো দেখি আমাৰ দুখ নালাগে, চকুপানী নোলায়!

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: atal bihari vajpayeejitumoni boralal krishna advaninarendra-modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে
জীৱনশৈলী

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

April 13, 2026
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?
জীৱনশৈলী

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

April 13, 2026
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?
জীৱনশৈলী

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

April 13, 2026
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা
নিয়োগ

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

April 13, 2026
Next Post
লখিমপুৰত কিশোৰীক বলাৎকাৰ, হত্যা কৰি কাঢ়িলে চকু

লখিমপুৰত কিশোৰীক বলাৎকাৰ, হত্যা কৰি কাঢ়িলে চকু

জন্মদিনৰ উপহাৰ ‘অক্সিমিটাৰ’

জন্মদিনৰ উপহাৰ ‘অক্সিমিটাৰ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.