বৰ্তমান জনপ্ৰিয় হৈছে লিভ ইনৰ সম্পৰ্ক৷ এতিয়াও অৱশ্যে আমাৰ সমাজে মুকলিকৈ আদৰি লোৱা নাই লিভ ইন ৰিলেছনচিপ৷ কিন্তু জানেনে এই প্ৰথা আছে প্ৰাচীনকালৰ পৰাই৷ তাকো ভাৰততেই আছে এই প্ৰথা৷ প্ৰাচীনকালৰ পৰাই এক বিশেষ ধৰণৰ উপজাতীয়ে বাস কৰে ৰাজস্থানত৷ গুজৰাটতো কিছু এনে প্ৰজাতি আছে৷ মূলত বনত বসবাস কৰে এওঁলোকে৷ গেৰাছিয়া হৈছে ভাৰতৰ এক আদিম উপজাতি এওঁলোকৰ সংস্কৃতি আৰু জীৱনচৰ্চা অন্য আদিম অধিবাসীসকলতকৈ পৃথক৷ ৰংচঙীয়া পোছাক, হাতেৰে তৈয়াৰী গহনা আৰু নাচ, গান কৰিয়েই বছৰৰ বেছিভাগ দিন কটাই তেওঁলোকে৷
এই প্ৰগতিশীল দৃষ্টিভংগী ৰাখে জীৱনৰ ক্ষেত্ৰত৷ বিবাহৰ ক্ষেত্ৰত যুৱতীৰ থাকে স্বামী নিৰ্বাচনৰ সুযোগ৷ ৰাজস্থানৰ গেৰছিয়া উপজাতিসকলৰ এক মেলা হয়৷ তাতেই বিবাহৰ উপযুক্তসকলে এই মেলালৈ যায়৷ তাতেই গৈ লৰা আৰু ছোৱালী উভয়কে পছন্দ কৰিলে তেওঁলোক মেলাৰ পৰা পলাই যায়৷ তাৰপাছতেই বিয়া নকৰাকৈয়ে দুয়ো একেলগে থাকিবলৈ আৰম্ভ কৰে৷ সন্তান জন্ম দি হে তেওঁলোক গাওঁলৈ উভতি আহে৷ তেতিয়াই পিতৃ-মাতৃয়ে খুব আড়ম্বৰপূৰ্ণভাৱে বিয়া কৰাই দিয়ে দুয়োকে৷
কেতিয়াৰে পৰা এই বিশেষ জাতিত আছে এনে অভিনৱ বিবাহ প্ৰথা? জনা গৈছে এই প্ৰথা বহু শতাব্দী প্ৰাচীন৷ বহুকাল পূৰ্বে এক পৰিয়ালত চাৰি ভাতৃ আছিল৷ সেই চাৰি ভাতৃৰ মাজত তিনিজনে ভাৰতীয় ৰীতি অনুসৰি বিয়া কৰাইছিল আৰু এজন ভায়েকে বিয়া নকৰাকৈয়ে যুৱতীৰ সৈতে থাকিবলৈ লয়৷ সেই তিনি ভায়েকৰ সন্তান নাছিল কিন্তু চতুৰ্থ ভাতৃৰ এটা সন্তান জন্ম হয়৷ তেতিয়াৰে পৰাই সেই উপজাতীৰ মাজত লিভ ইন ৰিলেছনচিপ প্ৰথা আৰম্ভ হয়৷
জনা গৈছে, গেৰছিয়া নাৰীয়ে বিচাৰিলে প্ৰথমে সংগী থকা সত্ত্বেও পৰবৰ্তী মেলাত অন্য সংগী বাছি ল’ব পাৰে৷ এইক্ষেত্ৰত নতুন সংগীৰ সৈতে জীৱন আৰম্ভ কৰাৰ পূৰ্বে তেওঁলোকৰ প্ৰাক্তন পত্নীক ক্ষতিপূৰণ দিব লাগে৷ কিছু ক্ষেত্ৰত দম্পত্তিয়ে আনকি সন্তান জন্মৰ পাছতো বিয়া নকৰাকৈ একেলগে থাকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ