ভগৱান শিৱক সন্তুষ্ট কৰাৰ বাবে শাওন মাহ সৰ্বোত্তম৷ ভগৱান বিষ্ণু যোগনিদ্ৰাত যোৱাৰ পাছত ভগৱান শিৱই ব্ৰহ্মাণ্ডৰ ব্যৱস্থাপনা গ্ৰহণ কৰে৷ শিৱক প্ৰিয় শাওন মাহত ভাগ্য খুলিব কেইটামান ৰাশিৰ জাতকৰ৷
মেষ ৰাশি
শাওন মাহত ভগৱান শিৱই মেষ ৰাশিৰ জাতকৰ প্ৰতি দয়া কৰিব৷ আপুনি এই সময়ত অৰ্থলাভ কৰিব পাৰে৷ প্ৰতি শাওনৰ সোমবাৰে শিৱলিংগৰ জলাভিষেক কৰক আৰু শিৱ মন্ত্ৰ জপ কৰক৷ ৰৈ থকা কাম এই সময়ত সম্পন্ন হব৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ অধিপতি চন্দ্ৰ আৰু ভগৱান শিৱ এই ৰাশিৰ জাতকৰ প্ৰতি বিশেষভাৱে কৰুণা কৰিব৷ এই ৰাশিৰ ব্যক্তিয়ে শাওন মাহত অৰ্থলাভ কৰিব৷ শাওনৰ প্ৰতি সোমবাৰে শিৱলিংগত বেলপাত অৰ্পণ কৰিলে বিশেষ লাভ হব৷
মকৰ ৰাশি
মকৰ ৰাশিৰ অধিপতি শনি আৰু তেওঁ ভগৱান শিৱৰ ভক্ত৷ ভগৱান শিৱই মকৰ ৰাশিৰ জাতকৰ প্ৰতি কৰুণা কৰিব৷ শাওন মাহত এই ৰাশিৰ ব্যক্তিৰ জীৱনত ইতিবাচকতা বৃদ্ধি পাব৷ আপুনি চাকৰি আৰু ব্যৱসায়ত উন্নতিৰ সুযোগ পাব৷ শাওনৰ সোমবাৰে পঞ্চামৃত দি শিৱলিংগত অভিষেক কৰিলে আপোনাৰ উপকাৰ হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ